Gen-Z কি? যিয়ে ভাঙি পেলালে নেপাল চৰকাৰ, পদত্যাগ কৰিবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী…

হিংসাত্মক প্ৰতিবাদৰ অন্তত পদত্যাগ কৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে। দুৰ্নীতি আৰু সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞাৰ পাছতে দেশখনত প্ৰতিবাদ আৰম্ভ হৈছিল।

Gen-Z কি? যিয়ে ভাঙি পেলালে নেপাল চৰকাৰ, পদত্যাগ কৰিবলৈ বাধ্য হল প্ৰধানমন্ত্ৰী...

জেন জে কি?

Published: 

09 Sep 2025 16:10 PM

এবছৰ পূৰ্বে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত অভ্যুত্থান হৈছিল, যাৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল। এইবাৰ আন এখন দেশত লাগিছে হাহাকাৰ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰত বিগত দুটা দিন ধৰি চলি থকা প্ৰতিবাদৰ অন্তত পদত্যাগ কৰিবলৈ বাধ্য হয় দেশখনৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি। দুৰ্নীতি আৰু সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বিৰুদ্ধে যোৱা কেইবাটা দিন ধৰি নেপালত প্ৰতিবাদ অব্যাহত আছিল। এই প্ৰতিবাদ সোমবাৰে হিংসাৰ ৰূপ লয় য’ত প্ৰায় ২১ জন লোকৰ মৃত্যু আৰু বহু আহত হয়।

এই সকলোবোৰৰ মাজতে ৯ ছেপ্টেম্বৰত পদত্যাগ কৰে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পাছতে তেওঁ অন্য দেশলৈ পলায়ন কৰিবলৈ সাজু হৈছে বুলি খবৰ প্ৰকাশ পাইছে। তথ্য অনুসৰি সময়ৰ লগে লগে এই হিংসা আৰু অধিক ভয়াবহ হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে বালকোটত থকা প্ৰধানমন্ত্ৰীৰ ঘৰত জুই লগাই দিয়াৰ বিপৰীতে ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বাসগৃহও দখল কৰে।ইমানেই নহয়, কেইবাজনো মন্ত্ৰীয়ে পদত্যাগ কৰাৰ লগে বহু মন্ত্ৰীক প্ৰতিবাদকাৰীসকলে মাৰপিট কৰাৰ খবৰ আহি পৰিছে।

এই প্ৰতিবাদত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে  Gen-Z য়ে। বহুতৰ মুখত এটাই কথা, Gen-Zয়ে অভ্যুত্থান ঘটনালে নেপালত। উল্লেখ্য যে, কিছুদিন পূৰ্বে নেপাল চৰকাৰে ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ লগতে প্ৰায় ২৬ টা সামাজিক মাধ্যমৰ প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছিল। তাৰ পাছতে ৰাষ্ট্ৰখনত প্ৰতিবাদৰ কুচকাৱাজ আৰম্ভ হয় আৰু এতিয়া দেশখনৰ চৰকাৰ একপ্ৰকাৰ ভংগ হয়।

পিছে প্ৰশ্ন হয়, নেপালত প্ৰতিবাদ কৰা, নেপালৰ চৰকাৰ ভাঙি পেলোৱা এই Gen Z কি?

Gen Z কি

জেন জি (Gen Z) এটা জেনেৰেশ্যন বা প্ৰজন্ম। যিসকলে যুৱক-যুৱতীৰ জন্ম ১৯৯৭ চনৰ পৰা ২০১২ চনলৈ হৈছে সেইসকল Gen Z  ৰ অন্তৰ্গত। অৰ্থাৎ এই Gen Z ত থকা সকলো কিশোৰ-কিশোৰী বা যুৱক-যুৱতী। এই প্ৰজন্মৰ অন্তৰ্গতসকলৰ বয়স ১৩ ৰ পৰা ২৮ বছৰ।   দৰাচলতে Gen Z ৰ অন্তৰ্গতসকল ডিজিটেল মিডিয়া, প্ৰযুক্তি, ইন্টাৰনেট, সামাজিক মাধ্যম, স্মাৰ্টফোন আদিৰ সৈতে ডাঙৰ-দীঘল হৈছে। Gen Z ৰ অধিকাংশই সামাজিক মাধ্যম ব্যৱহাৰ কৰে।

Gen Zৰ বিশেষত্ব কি

  • এওঁলোকে বেছিকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰে। সৰুৰে পৰা সামাজিক মাধ্যম, গেমিং আদিৰ মাজত সময় কটায়।
  • এওঁলোকে সামাজিক মাধ্যমত কনন্টেন্ট প্ৰস্তুত কৰে। নতুন ধাৰণা ভাবি সেইবোৰৰ ওপৰত কাম কৰিব বিচাৰে। এইসকলো সামাজিক মাধ্যমত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব বিচাৰে।
  • এইসকলে লিংগ সমতাকে ধৰি বিভিন্ন বিষয়ত সমৰ্থন কৰি ইয়াৰ ওপৰত মাত মাতে।
  • এইসকলো সামাজিক মাধ্যমৰ যোগেদি প্ৰতিদিনে নতুন বস্তু ট্ৰেণ্ডত ৰাখিবৰ চেষ্টা কৰে।
  • প্ৰযুক্তিত এইসকল আগৰণুৱা।

গতিকে যেতিয়া নেপালত সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয় লগে লগে এই প্ৰজন্মৰ ল’ৰা-ছোৱালীসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি এনে হৈ পৰিল যে এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়। এতিয়াও নেপালত উত্তেজনা অব্যাহত আছে। গতিকে এই প্ৰতিবাদ পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ চীনৰ ওপৰত দৰদ! ফেচবুক, ইনষ্টা, হোৱাটছএপকে ধৰি ২৬ টা এপ নিষিদ্ধ, উপলব্ধ থাকিব টিকটক…

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!