ৱাঘা সীমান্ত বন্ধ, সন্ত্ৰাসবাদীক সমৰ্থনৰ অভিযোগ…পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কি কি সিদ্ধান্ত ল’লে…

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে আজি চুবুৰীয়া ৰাষ্ট্ৰখনে এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত পাকিস্তানে বাঘা সীমান্ত বন্ধ, ভাৰতীয়ৰ ভিছা বাতিলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

ৱাঘা সীমান্ত বন্ধ, সন্ত্ৰাসবাদীক সমৰ্থনৰ অভিযোগ...পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কি কি সিদ্ধান্ত ললে...

ভাৰত-পাকিস্তান

Updated On: 

24 Apr 2025 20:00 PM

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আজি চুবুৰীয়া ৰাষ্ট্ৰখনে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। ইছলামাবাত ৰাষ্ট্ৰীয় সুৰক্ষা সমিতি (NSC)ৰ বৈঠকত পাকিস্তানে ভাৰতক প্ৰত্যাহ্বান জনাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত পাকিস্তানে স্পষ্টকৈ কয় যে যদি ভাৰতে নিজৰ আগ্ৰাসী মনোভাৱ এৰি নিদিয়ে তেন্তে ছিমলা চুক্তিকে ধৰি সকলো দ্বিপাক্ষিক চুক্তি বাতিল কৰাৰ কথা চিন্তা কৰিব। ইয়াৰোপৰি এই বৈঠকৰ জৰিয়তে পাকিস্তানে ভাৰতক এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে।

পাকিস্তানে কয় যে, ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় আইন আৰু সন্ধি উলংঘা কৰিছে।ভাৰতে একপক্ষীয়ভাৱে চুক্তি স্থগিত ৰখাটো যুদ্ধৰ দৰে একেই আৰু ইয়াৰ উত্তৰ দিয়া হ’ব। সিন্ধু জল চুক্তি স্থগিত কৰাৰ সিদ্ধান্ত নাকচ কৰি পাকিস্তানে কয় যে, এই সন্ধি এক আন্তঃৰাষ্ট্ৰীয় চুক্তি, যি বিশ্ব বেংকৰ মধ্যস্থতাত কৰা হৈছে। গতিকে ইয়াক ভাৰতে স্থগিত কৰিব নোৱাৰে। ইয়াৰোপৰি সিন্ধুৰ পানী স্থগিত বা অন্য দিশলৈ ঠেলি নিদিবৰ বাবে ভাৰতক সকীয়াই দিয়ে পাকিস্তানে।

ৱাঘা সীমান্ত বন্ধ

বৈঠকৰ অন্তত পাকিস্তানেও তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৱাঘা সিদ্ধান্ত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ছলামবাদত থকা ভাৰতীয় উচ্চায়ুক্তৰ সামৰিক, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলক ‘অবাঞ্চিত ব্যক্তি’ বুলি ঘোষণা কৰি অহা ৩০ এপ্ৰিলৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ দিছে। লগতে লগতে ভাৰতীয় উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা ৩০জনলৈ সীমাবদ্ধ কৰাৰ সিদ্ধান্ত।

আকাশমাৰ্গ বন্ধ

পাকিস্তানে SAARC ভিছা ৰেহাই আঁচনিৰ অধীনত ভাৰতীয় নাগৰিকক প্ৰদান কৰা সকলো ভিছা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰে। অৱশ্যে এই ক্ষেত্ৰত শিখ তীৰ্থযাত্ৰীসকলৰ সকাহ প্ৰদান কৰা হৈছে। লগতে পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে নিজৰ আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। গতিকে এতিয়াৰ পৰা কোনো ভাৰতীয় বিমান পাকিস্তান প্ৰৱেশ কৰিব বা ওপৰেৰে উৰিব নোৱাৰিব।

ভাৰতে সন্ত্ৰাসবাদ সমৰ্থন কৰাৰ অভিযোগ

পাকিস্তানে ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলিও অভিযোগ উত্থাপন কৰে। বৈঠকৰ পাছত পাকিস্তানে জাৰি কৰা বিবৃতিত কয় যে, সন্ত্ৰাসবাদক অজুহাত হিচাপে লৈ নিজৰ ‘কাশ্মীৰত শোষণ আৰু মানৱ অধিকাৰ উলংঘা’ লুকুৱাই ৰাখিছে। পাকিস্তানে ভাৰতক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশ বুলি অভিহিত কৰে আৰু কয় যে ইয়াৰ প্ৰমাণ তেওঁলোকৰ হাতত আছে।

কাশ্মীৰ প্ৰসংগ

বৈঠকত পাকিস্তানে কাশ্মীৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে দাবী জনায়। লগতে কয় যে, কাশ্মীৰ ভাৰত-পাকিস্তানৰ মাজৰ অমীমাংশিত বিবাদ। ভাৰতৰ বৰ্তমানৰ স্থিতিয়ে এই অঞ্চলটোৰ শান্তি বিঘ্নিত কৰিব পাৰে। লগতে কয় যে, ভাৰতত সংখ্যালঘু বিশেষকৈ মুছলমানৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত নিৰ্যাতন বৃদ্ধি পাইছে।

 

অন্য খবৰ পঢ়কঃ পহলগাম আক্ৰমণৰ পাছতেই মিছাইল পৰীক্ষণৰ প্ৰস্তুতি পাকিস্তানৰ, ইফালে ভাৰতত সক্ৰিয় INS বিক্ৰান্ত…

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক