পুনৰ বিশ্ব ৰাজনীতিত জোকাৰণি ট্ৰাম্পৰ, ইৰানৰ সৈতে ব্যৱসায় কৰা দেশৰ ওপৰত ২৫% শুল্ক আৰোপৰ ভাবুকি

ইৰানত প্ৰতিবাদৰ সময়ত প্ৰায় ৬০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ পোহৰলৈ আহিছে। এই ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহকো সাৱধান বাণী শুনাইছে।

পুনৰ বিশ্ব ৰাজনীতিত জোকাৰণি ট্ৰাম্পৰ, ইৰানৰ সৈতে ব্যৱসায় কৰা দেশৰ ওপৰত ২৫% শুল্ক আৰোপৰ ভাবুকি

ড’নাল্ড ট্ৰাম্প

Updated On: 

13 Jan 2026 | 07:21 AM

শেহতীয়া সময়ছোৱাত ধাৰাবাহিকভাৱে বিশ্ব ৰাজনীতিত চৰ্চিত হৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। কেইবাটাও আশ্চৰ্যকৰ পদক্ষেপেৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত একপ্ৰকাৰে তোলপাৰ লগাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। এইবাৰ পুনৰ আন এক ডাঙৰ ঘোষণাৰে বিশ্বৰ ৰাজনীতি তথা অৰ্থনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ট্ৰাম্পে। ইৰানত চৰকাৰ বিৰোধী প্ৰদৰ্শনকাৰীৰ ওপৰত চলি থকা দমনমূলক নীতিৰ প্ৰতিবাদ জনাই ট্ৰাম্পে ইৰানৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আৰোপ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

ইৰানৰ বাণিজ্যিক বন্ধু দেশসমূহলৈ সকীয়নি

প্ৰবল গণবিক্ষোভে বিগত কিছুদিন ধৰি উত্তাল কৰি ৰাখিছে ইৰান। এই প্ৰতিবাদৰ সময়ত প্ৰায় ৬০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ পোহৰলৈ আহিছে। এই ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহকো সাৱধান বাণী শুনাইছে।

ইৰান চৰকাৰে যদি নিৰীহ প্ৰদৰ্শনকাৰীৰ ওপৰত মাৰাত্মক শক্তি প্ৰয়োগ কৰা বন্ধ নকৰে, তেতিয়া আমেৰিকাই এক কল্পনাতীত উচিত প্ৰত্যুত্তৰ দিব বুলি ট্ৰাম্পে স্পষ্ট কৰি দিছে। এই চাপ বৃদ্ধি কৰিবলৈকে ট্ৰাম্পে ইৰানৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত এতিয়া ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছে।

তৎকালীনভাৱে কাৰ্যকৰী হ’ব শুল্ক

সোমবাৰে ছচিয়েল মিডিয়াৰ এটা পোষ্টৰ জৰিয়তে ট্ৰাম্পে এই সিদ্ধান্ত ঘোষণা কৰে আৰু এই নিয়ম তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলি স্পষ্ট কৰি দিয়ে। ইৰানৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা চীন, ব্ৰাজিল, তুৰস্ক আৰু ৰাছিয়াৰ দৰে দেশসমূহে এতিয়া আমেৰিকাৰ এই নতুন নিয়মৰ ফলত লোকচানৰ সন্মুখীন হ’ব লাগিব।

চীন আৰু ভাৰতৰ ওপৰত পৰিব প্ৰভাৱ

এই নতুন টেৰিফৰ ফলত চীনৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত মুঠ টেৰিফৰ হাৰ ৪৫% লৈ বৃদ্ধি পাব পাৰে। যিহেতু চীনৰ ওপৰত পূৰ্বৰে পৰা ২০% টেৰিফ আছিল, তাৰ লগত নতুন ২৫% যোগ হৈ ইয়াৰ পৰিমাণ যথেষ্ট হ’ব। যোৱা বছৰ চীনৰ সামগ্ৰীৰ ওপৰত ট্ৰাম্পে টেৰিফৰ পৰিমাণ ১৪৫% লৈ বৃদ্ধি কৰি গোলকীয় বজাৰ কঁপাই দিছিল।

আনহাতে, ভাৰতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত। চীনৰ উপৰি ভাৰত, ইউ.এ.ই আৰু তুৰস্কক ইৰানৰ ডাঙৰ বাণিজ্যিক অংশীদাৰ হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইতিমধ্যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক শাস্তি দিয়াৰ উদ্দেশ্যে ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত শুল্ক দুগুণ কৰি ৫০% লৈ বৃদ্ধি কৰাৰ ভাবুকি দিছে। একেধৰণৰ ভাবুকি তেওঁ ৰাছিয়াৰ তেল ক্ৰয় কৰা চীনসহ অন্যান্য দেশসমূহকো দিছে।

অৱশ্যে, এই টেৰিফ কেৱল সামগ্ৰীৰ ওপৰত নে সেৱা (Services) খণ্ডৰ ওপৰতো লাগিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমান ইৰানত ফোন আৰু ইণ্টাৰনেট সেৱা বিচ্ছিন্ন হৈ থকাৰ সময়তে আমেৰিকাই সামৰিক হস্তক্ষেপৰো ইংগিত দিছে। ট্ৰাম্পৰ এনে ভাবুকিয়ে বিশ্বজুৰি আন এক শংকাৰ সৃষ্টি কৰিছে।

গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি প্ৰভাৱ পৰে? জানক ইয়াৰ বিস্ময়কৰ উপকাৰিতা!
শৰীৰত ভিটামিন B12 ৰ অভাৱ হ'লে কি কি ইংগিত দিয়ে, জানক...
বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ