উপায়হীন ট্ৰাম্প! ইৰাণত আক্ৰমণ কৰিবলৈ সাজু নহয় আমেৰিকা সেনা…

ইৰাণত আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। আমেৰিকাৰ সেনা সাজু নহয় ইৰাণত আক্ৰমণ কৰিবলৈ। পিছে ট্ৰাম্পে বিচাৰে এবাৰতে সমস্যাৰ সমাধান হোৱা।

উপায়হীন ট্ৰাম্প! ইৰাণত আক্ৰমণ কৰিবলৈ সাজু নহয় আমেৰিকা সেনা...

ট্ৰাম্প

Published: 

15 Jan 2026 | 07:07 PM

বিগত কেইবাদিন ধৰি ইৰাণত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে স্পষ্টকৈ কৈছে যে, যদি ইৰাণে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তেন্তে আমেৰিকাই হস্তক্ষেপ কৰিব। এক প্ৰকাৰ আমেৰিকাই ইৰাণত আক্ৰমণ কৰাৰ ভাবুকি দিছিল। ইৰাণ ওপৰত সম্ভাব্য আক্ৰমণ সন্দৰ্ভত এতিয়া আমেৰিকাৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ আপডেট। ১৪ জানুৱাৰীত অনুষ্ঠিত জৰুৰী বৈঠকত আমেৰিকা সেনাই উল্লেখ কৰে যে, তেওঁলোক যুদ্ধৰ বাবে প্ৰস্তুত নহয়।

প্ৰাপ্ত খবৰ অনুসৰি, সামৰিক বিষয়াসকলে কয় যদি তেওঁলোকে ষ্ট্ৰাইক কৰে আৰু তাৰ কোনো সমাধান নোলাই তেন্তে দীৰ্ঘ সময়ৰ বাবে যুদ্ধ চলি থাকিব। এয়া আমেৰিকাৰ বাবে ঠিক নহয়।

এনবিচি নিউজে প্ৰকাশ কৰা তথ্য অনুসৰি, ইয়াৰ পাছতে ট্ৰাম্পে নিৰাপত্তা দলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। ট্ৰাম্পে প্ৰশ্ন কৰে, এনে কোনো ব্যৱস্থা আছে নেকি যাৰ দ্বাৰা মাত্ৰ এটা আক্ৰমণৰ দ্বাৰা ইৰাণ সমস্যাৰ সমাধান কৰিব পাৰি? ট্ৰাম্পৰ এই প্ৰশ্নৰ উত্তৰ পিছে উপস্থিত থকা নিৰাপত্তা দলটোৱে দিব নোৱাৰিলে। টেলিগ্ৰাফ ইউ কেৰ মতে, বৈঠকৰ লগে লগে ইৰাণে ড’নাল্ড ট্ৰাম্পলৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে তেওঁ এখন সংবাদমেলত উল্লেখ কৰা ধৰণে ইয়াত কোনো কঠোৰ এক্সন লোৱা নহয়।

ট্ৰাম্পে কি বিচাৰে

এন চি বিৰ সূত্ৰ অনুসৰি, ট্ৰাম্পে এই ক্ষেত্ৰত নিশ্চিয়তা বিচাৰে যে মাত্ৰ এটা ষ্ট্ৰাইকৰ দ্বাৰা আমেৰিকাই ইৰাণৰ সমস্যা সমাধান কৰিব। কিন্তু এই গেৰান্টি তেওঁৰ দলটোৱে দিব নোৱাৰিলে। সাংবাদিকে সোধা এক প্ৰশ্নত বৃহস্পতিবাৰে ট্ৰাম্পে কয়, আমি আগন্তুক প্ৰক্ৰিয়াত নজৰ ৰাখিম। কিন্তু এতিয়া ক’বলৈ মোৰ ওচৰত একোৱে নাই।

ট্ৰাম্পে আচলতে, ভেনিজুৱেলাৰ দৰে এবাৰতে অভিযান সম্পন্ন কৰিব বিচাৰিছে। ভেনিজুৱেলাত অভিযান চলাই আমেৰিকাই নিশাৰ ভিতৰতে ৰাষ্ট্ৰপতি নিকোলাচ মাদুৰোক পণবন্দী কৰি লৈ গৈছিল। প্ৰথমে ভেনিজুৱেলাই ইয়াৰ বিৰোধিতা কৰিছিল যদিও পাছলৈ বুজাবুজি কৰিবলৈ আৰম্ভ কৰে।

পিছে ভেনিজুৱেলাৰ দৰে ইৰাণত আক্ৰমণ কৰা আমেৰিকাৰ বাবে সহজ নহয়। কাৰণ ইৰাণৰ আছে শক্তিশালী সামৰিক বাহিনী। ইয়াৰোপৰি দেশখনৰ ওচৰত বহু দেশৰ সমৰ্থন আছে। গতিকে ট্ৰাম্পে বিচৰাৰ দৰে ইৰাণক এবাৰতে আক্ৰমণ কৰি সকলো ধ্বংস কৰা সহজ নহয়।

 

অন্য খবৰ পঢ়কঃ আমেৰিকা সাজু! পিছে ইৰাণক আক্ৰমণ কৰা সহজনে?

Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি