বুছানত বৈঠকত মিলিত ট্ৰাম্প-জিনপিং, ১০০ মিনিটত কি কি আলোচনা কৰিলে দুই নেতাই?

১০০ মিনিটৰ বৈঠকৰ অন্তত এয়াৰ ফৰ্চ ৱানত থকা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে তেওঁ এপ্ৰিল মাহত চীনলৈ পৰৱৰ্তী আলোচনাৰ বাবে যাব আৰু ছি জিনপিঙে “তাৰ পিছত কোনোবা এটা সময়ত” আমেৰিকা ভ্ৰমণ কৰিব।

বুছানত বৈঠকত মিলিত ট্ৰাম্প-জিনপিং, ১০০ মিনিটত কি কি আলোচনা কৰিলে দুই নেতাই?

ট্ৰাম্প-ছিৰ বৈঠক

Updated On: 

30 Oct 2025 17:06 PM

বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দক্ষিণ কোৰিয়াৰ বুছানত চীনৰ নেতা ছি জিনপিঙৰ সৈতে হোৱা বহু প্ৰত্যাশিত বৈঠকক “বৃহৎ সফলতা” বুলি প্ৰশংসা কৰে। ট্ৰাম্পে দাবী কৰে যে এই আলোচনাই “বহু গুৰুত্বপূৰ্ণ কথা চূড়ান্ত কৰিবলৈ” আগবাঢ়িছে।

১০০ মিনিটৰ বৈঠকৰ অন্তত এয়াৰ ফৰ্চ ৱানত থকা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে তেওঁ এপ্ৰিল মাহত চীনলৈ পৰৱৰ্তী আলোচনাৰ বাবে যাব আৰু ছি জিনপিঙে “তাৰ পিছত কোনোবা এটা সময়ত” আমেৰিকা ভ্ৰমণ কৰিব।

জিনপিঙক “এখন অতি শক্তিশালী দেশৰ প্ৰতাপী নেতা” বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে এই বৈঠকত শুল্ক, আপুৰুগীয়া খনিজ সম্পদ (Rare Earths), চয়াবীন আৰু ইউক্ৰেইনক লৈ সহযোগিতাকে ধৰি কেইবাটাও চুক্তি কৰা হৈছে। তেওঁ এই বৈঠকক “১০ৰ ভিতৰত ১২” ৰেটিং দিছিল, ইয়াক “আচৰিত বৈঠক” বুলি অভিহিত কৰি কয় যে দুয়োপক্ষই “বহু গুৰুত্বপূৰ্ণ কথাত এক সিদ্ধান্তত উপনীত হৈছে”।

উৎসাহজনক ভাৱৰ সত্ত্বেও ৱাশ্বিংটন বা বেইজিঙে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাছিল, যাৰ ফলত কিমান অগ্ৰগতি হৈছে আৰু কি বিষয়ত চুক্তি হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে আলোচনা নোহোৱা বিষয়টো টাইৱান বুলি স্পষ্ট কৰি দিয়ে ট্ৰাম্পে। দ্বীপটোক আলোচনাত অন্তৰ্ভুক্ত কৰা হৈছে নেকি বুলি সোধাত তেওঁ কয় যে সেই বিষয়টো কেতিয়াও উত্থাপন হোৱা নাছিল।

কি আলোচনা কৰা হৈছিল?

বাণিজ্য আৰু শুল্ক:

ট্ৰাম্পে কয় যে দুয়োখন দেশে চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে, যাৰ ফলত এই হাৰ ৫৭%ৰ পৰা ৪৭%লৈ হ্ৰাস পাইছে। তেওঁ লগতে ঘোষণা কৰে যে আপুৰুগীয়া খনিজ সম্পদ (Rare Earths) ৰপ্তানিৰ ওপৰত এবছৰৰ বাবে নবীকৰণযোগ্য চুক্তিও সম্পন্ন হৈছে– প্ৰতিৰক্ষা আৰু ইলেক্ট্ৰনিকছ উৎপাদনৰ বাবে মূল সামগ্ৰী। “সমগ্ৰ আপুৰুগীয়া খনিজ সম্পদৰ সমস্যাটো সমাধান হৈছে, আৰু সেয়া বিশ্বই চাব লাগিব।” ট্ৰাম্পে কয়

ফেণ্টানাইল আৰু চয়াবীন:

ট্ৰাম্পে নিশ্চিত কৰে যে চীনৰ ওপৰত ফেণ্টানাইল সম্পৰ্কীয় শুল্ক ২০%ৰ পৰা ১০%লৈ হ্ৰাস কৰা হ’ব, যাৰ বিনিময়ত তেওঁ “ফেণ্টানাইল পৰিস্থিতিত চীনৰ পৰা সহায়” বুলি অভিহিত কৰে। তেওঁ কয় যে বেইজিঙে তৎক্ষণাত আমেৰিকাৰ পৰা বৃহৎ পৰিসৰৰ চয়াবীন ক্ৰয় আৰম্ভ কৰিব, যিটো পূৰ্বৰ বাণিজ্য যুদ্ধৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত আমেৰিকাৰ কৃষকসকলৰ বাবে এক উল্লেখযোগ্য ৰাজনৈতিক জয়।

ইউক্ৰেইন:

ট্ৰাম্পৰ মতে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে “অতি শক্তিশালীভাৱে আলোচনা কৰা হৈছিল”। তেওঁ কয় যে তেওঁ আৰু ছিয়ে এই কথাত সন্মত হৈছে যে “আমি একেলগে কাম কৰি চাম যে আমি এই যুদ্ধৰ অন্ত পেলাব পাৰো নেকি”। ট্ৰাম্পে কয় যে ছিয়ে আমাক সহায় কৰিব আৰু দুয়োজন নেতাই সংঘাতৰ সন্দৰ্ভত “কিবা এটা কৰিব” বিচাৰে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, “ইউক্ৰেইনৰ বিষয়টো অতি শক্তিশালীভাৱে আহিছিল, আমি এই বিষয়ে দীঘলীয়াকৈ কথা পাতিলোঁ। আৰু আমি দুয়ো একেলগে কাম কৰিম যে আমি কিবা এটা কৰিব পাৰো নেকি। আমি একমত হৈছিলো যে দুয়োপক্ষই আবদ্ধ হৈ আছে। তেওঁলোকে যুঁজি আছে, আৰু কেতিয়াবা আপুনি তেওঁলোকক যুঁজিবলৈ দিব লাগিব, মই অনুমান কৰিছোঁ। ই পাগলৰ দৰে। কিন্তু তেওঁ আমাক সহায় কৰিব, আৰু আমি ইউক্ৰেইনৰ ওপৰত একেলগে কাম কৰিম।”

চিপ আৰু এআই প্ৰযুক্তি:

ট্ৰাম্পে কয় যে বেইজিঙে “এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙৰ সৈতে কথা পাতিব” কিন্তু স্পষ্ট কৰে যে আলোচনাত কোম্পানীটোৰ ব্লেকৱেল চিপ অন্তৰ্ভুক্ত নহ’ব—যিবোৰ বৰ্তমান চীনক বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ট্ৰাম্পে লগতে কয় যে বহুতো চিপ আছে, আৰু সেয়া আমাৰ বাবে ভাল, যিয়ে অৰ্ধপৰিবাহীৰ সম্পৰ্কত টান পৰাৰ মাজতে টেক সহযোগিতা বৃদ্ধিৰ সংকেত দিয়ে।

পাৰমাণৱিক নীতি আৰু নিৰাপত্তা:

ছিক সাক্ষাৎ কৰাৰ কেইমিনিটমান পূৰ্বে ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁ পেন্টাগনক চীন আৰু ৰাছিয়াৰ সৈতে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিবলৈ “সমান ভিত্তিত” নিৰ্দেশ দিছে, আন দেশৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক “সঠিক সময়” বুলি অভিহিত কৰিছিল। পিছত তেওঁ কয় যে তেওঁ “ৰাছিয়াৰ সৈতে” পাৰমাণৱিক বিচ্ছিন্নকৰণৰ বিষয়েও আলোচনা কৰিছিল আৰু উত্তৰ কোৰিয়াৰ কিম জং উনৰ সৈতে ভৱিষ্যতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও এই ভ্ৰমণৰ সময়ত কিমক লগ কৰিবলৈ তেওঁ “অতি ব্যস্ত” আছিল।

কি আলোচনা কৰা হোৱা নাছিল?

টাইৱান:

কেইবা সপ্তাহ ধৰি জল্পনা-কল্পনা চলি থকাৰ পাছতো আলোচনাত টাইৱানৰ কথা উল্লেখ কৰা হোৱা নাছিল ৷ ট্ৰাম্পে নিশ্চিত কৰে যে, “টাইৱানৰ কথা কেতিয়াও কোৱা হোৱা নাছিল,” আৰু স্বশাসিত দ্বীপটো বাণিজ্যিক আলোচনাত দৰদামৰ বিষয় হৈ পৰিব বুলি উদ্বেগক নাকচ কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কৈছিল যে আমেৰিকাই চুক্তিৰ বিনিময়ত “টাইৱানৰ পৰা আঁতৰি অহা”ৰ কথা চিন্তা কৰা নাই।

টিকটক আৰু প্ৰযুক্তি নিয়ন্ত্ৰণ:

ৱাশ্বিংটনে আমেৰিকাৰ মালিকীস্বত্বৰ অধীনলৈ আনিব বিচৰা টিকটকৰ কথাও কোৱা হোৱা নাছিল, উন্নত এআই প্ৰযুক্তিৰ ওপৰত বৃহৎ ৰপ্তানি নিষেধাজ্ঞাৰ কথাও কোৱা হোৱা নাছিল। ইয়াৰ পূৰ্বে ভাষণ দি আমেৰিকাৰ বাণিজ্য সচিব স্কট বেছাণ্টে কয় যে ট্ৰাম্প আৰু ছিয়ে “বৃহস্পতিবাৰে সেই লেনদেন সম্পূৰ্ণ কৰিব”।

ৰাছিয়াৰ পৰা চীনৰ তেল আমদানি:

ট্ৰাম্পে কয় যে ৰাছিয়াৰ পৰা চীনে তেল ক্ৰয় কৰাৰ বিষয়ে “আলোচনা কৰা হোৱা নাই”। ৰাছিয়াৰ শক্তি কোম্পানীসমূহৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰা আৰু ৱাশ্বিংটনে বেইজিঙক মস্কোৰ প্ৰতি সমৰ্থন হ্ৰাস কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ পৰিপ্ৰেক্ষিতত এই কথা তাৎপৰ্যপূৰ্ণ। শেষত ট্ৰাম্পে কয় যে তেওঁ এই বৈঠকক আমেৰিকা-চীনৰ সম্পৰ্কৰ “নতুন যুগৰ” আৰম্ভণি হিচাপে লয়।

তেওঁ কয়, “আমাৰ এটা চুক্তি আছে। আমি প্ৰতি বছৰে এই চুক্তিখন পুনৰ আলোচনা কৰিম, কিন্তু মই ভাবো ই বহুদিনলৈকে চলিব।” ছিয়ে নিজৰ ফালৰ পৰা ট্ৰাম্পক কয় যে দুয়োখন দেশ “সদায় একমত নহয়” যদিও “বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ মাজত মাজে মাজে সংঘাত হোৱাটো স্বাভাৱিক।”

ট্ৰাম্পে ঘোষণা কৰা চুক্তিসমূহে দীৰ্ঘম্যাদী অগ্ৰগতিৰ ৰূপ ল’ব নে নহয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বৈঠকৰ পিছত এজন আমেৰিকান বিষয়াই কোৱাৰ দৰে, “দুয়ো পক্ষই অস্থিৰতা পৰিচালনা কৰিলে। গভীৰ শত্ৰুতা এতিয়াও আছে।”

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...