ৰাছিয়াৰ ওপৰত সৰ্বাধিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু আমেৰিকা, এইদৰে ক’লে ট্ৰাম্পে…

ইউক্ৰেইনৰ আলোচনাক লৈ পুটিনৰ প্ৰতি হতাশ হৈ ৰাছিয়াৰ ওপৰত এতিয়ালৈকে সৰ্বাধিক নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। মস্কোৰ সৈতে যুদ্ধবিৰতি আলোচনাৰ অগ্ৰগতিৰ বাবে তেওঁ হতাশ হোৱা বুলি ঘোষণা কৰে আমেৰিকাৰ বিত্ত মন্ত্ৰীয়ে।

ৰাছিয়াৰ ওপৰত সৰ্বাধিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু আমেৰিকা, এইদৰে কলে ট্ৰাম্পে...

ড'নাল্ড ট্ৰাম্প আৰু পুটিন (ফাইল ফটো)

Updated On: 

23 Oct 2025 08:00 AM

পুনৰবাৰ ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বুধবাৰে আমেৰিকাৰ বিত্ত মন্ত্ৰীয়ে কয় যে. ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সৈতে আলোচনা উপযুক্তভাৱে কৰা নাই। ইয়াৰ পিছতে তেওঁ ৰাছিয়াৰ ওপৰত আমেৰিকাৰ সৰ্ববৃহৎ নিষেধাজ্ঞা আৰোপৰ কথা কয়। বুডাপেষ্টত পৰিকল্পিত ট্ৰাম্প-পুটিন শীৰ্ষ সন্মিলন বাতিল হোৱাৰ এদিন পিছতে স্কট বেছাণ্টে এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।

তেওঁ আৰু কয় যে, মস্কোৰ সৈতে যুদ্ধবিৰতি আলোচনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত আমেৰিকাৰ নেতাগৰাকী হতাশ হৈছে। বেছাণ্টে কয় যে, “আমি আজি বিয়লি বা কাইলৈ ​​পুৱা প্ৰথম কথা ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা যথেষ্ট বৃদ্ধি কৰিম।” পিছত বেছাণ্টে ফক্স বিজনেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, এইটো হ’ব আমেৰিকাই ৰাছিয়ান ফেডাৰেচনৰ বিৰুদ্ধে এতিয়ালৈকে জাৰি কৰা অন্যতম বৃহৎ নিষেধাজ্ঞা।

কেইবামাহো ধৰি ট্ৰাম্পে ইউক্ৰেইনৰ আলোচনাত বাধ্যতামূলক কৰিবলৈ নতুন নিষেধাজ্ঞা আৰোপ কৰাত বিলম্ব কৰি আহিছে। ক্ৰমাৎ হতাশাৰ মাজতো ট্ৰাম্পে কয় যে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক শান্তি চুক্তিত উপনীত হ’বলৈ বুজাব  পাৰিব বুলি আশা কৰিছে। অৱশ্যে যোৱা বৃহস্পতিবাৰে পুটিনৰ সৈতে টেলিফোনযোগে কথা পতাৰ পাছত তেওঁ হতাশ হোৱা যেন দেখা গৈছে।

বেছাণ্টে ফক্স বিজনেছক এইটোও কয় যে ৰাষ্ট্ৰপতি পুটিন আমি আশা কৰা ধৰণে সৎ আৰু স্পষ্টভাৱে আলোচনাৰ মজিয়ালৈ অহা নাছিল। বেছাণ্টে বুজাই দিলে যে, আগষ্ট মাহত যেতিয়া দুয়োজন নেতাই আলাস্কাত লগ পাইছিল, তেতিয়া তেওঁলোকে বুজি পাইছিল যে, কথাবোৰ আগবাঢ়ি যোৱা নাই আৰু সেইবাবে তেওঁ গুচি গ’ল।

অৱশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে এই নিষেধাজ্ঞাত ৰাছিয়াৰ কোনবোৰ কোম্পানী আৰু খণ্ডক লক্ষ্য কৰি লোৱা হ’ব সেই কথা উল্লেখ কৰা নাই । নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে ঘোষণা নোহোৱালৈকে এই কথা প্ৰকাশ কৰিব নোৱাৰিব বুলিও কয় তেওঁ। তদুপৰি ইউৰোপীয় সংঘই বুধবাৰে ঘোষণা কৰে যে, তেওঁলোকেও ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰ ভিতৰত ২০২৭ চনলৈকে ৰাছিয়াৰ পৰা প্ৰাকৃতিক গেছ আমদানি কৰাত নিষেধাজ্ঞা, মস্কোৱে ব্যৱহাৰ কৰা তেল টেংকাৰৰ ব্লেকলিষ্টিং, ৰাছিয়াৰ কূটনীতিবিদসকলৰ ভ্ৰমণত বাধা আৰোপ কৰা আদি অন্যতম।

নিষেধাজ্ঞাৰ প্ৰতি একাধিকবাৰ ভাবুকি

জানুৱাৰী মাহত হোৱাইট হাউছলৈ উভতি অহাৰ পিছৰে পৰা ট্ৰাম্পে বাৰে বাৰে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দিছিল যদিও ৰাছিয়াৰ সৈতে চাৰে তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলোৱাটো বিচৰাৰ বাবেই এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা নাই। যোৱা সপ্তাহত পুটিনৰ সৈতে কথা পাতি ট্ৰাম্পে যুদ্ধবিৰতি চুক্তিৰ আশা প্ৰকাশ কৰি কয় যে দুয়োগৰাকী নেতাই দুসপ্তাহৰ ভিতৰত বুডাপেষ্টত বৈঠকত মিলিত হ’বলৈ সন্মত হৈছে। কিন্তু এতিয়া যুদ্ধবিৰতি চুক্তিৰ আশা যেন ম্লান হৈ পৰিছে।

পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...
ৰাতি ভালকৈ টোপনি যোৱাৰ পিছতো দিনটো ভাগৰ লাগি থাকে নেকি? ৫টা কাৰণ জানক...
এই ৩ ৰাশিয়ে লাভ কৰে মা লক্ষ্মীৰ বিশেষ কৃপা, নহয় ধনৰ অভাৱ!
পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা