ট্ৰাম্প-পুটিনৰ বন্ধুত্বত ডাঙৰ ফাঁট! আঁৰত আছে এইগৰাকী বিশেষ মহিলা…
এসময়ত পুটিনৰ ভাল বন্ধু আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। এটা সময়ত পুটিনক প্ৰশংসা কৰা ট্ৰাম্পে এতিয়া সতৰ্কবাণী প্ৰদান কৰিছে। কোৱা হৈছে, দুই নেতাৰ মাজত বিভেদ অহাৰ আঁৰত আছে এগৰাকী মহিলা।

ট্ৰাম্প-পুটিন-মেলানিয়া
ফাঁট মেলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজৰ সম্পৰ্কত। শেহতীয়াকৈ ৰাছিয়া আৰু পুটিন সন্দৰ্ভত ট্ৰাম্পৰ পৰিবৰ্তন হোৱা চিন্তাধাৰাই সকলোকে আচৰিত কৰি তুলিছে। এসময়ত পুটিনক প্ৰশংসা কৰি ভাগৰি পৰা নাছিল ট্ৰাম্প। পুটিনক তেওঁ স্মাৰ্ট আৰু জিনিয়াছ আখ্যা দিছিল ,আনকি পুটিনৰ বাবেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিক সমালোচনা কৰিছিল। কিন্তু এতিয়া সেই একেজন ট্ৰাম্পে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ, পুঁজি আৰু কূটনৈতিক সমৰ্থন দিয়াৰ ক্ষেত্ৰত আগবাঢ়িছে। পূৰ্বে নাটোক দুৰ্বল বুলি অভিহিত কৰা ট্ৰাম্পে এতিয়া নাটোৰ সৈতে থিয় দি আছে।
কিন্তু এই পৰিৱৰ্তন কোনো ভূ-ৰাজনৈতিক বিশেষজ্ঞৰ পৰামৰ্শ বা কোনো নিৰাপত্তা সংস্থাৰ ব্রিফিঙৰ ফল নহয়। ইয়াৰ আঁৰত আছে এগৰাকী মহিলা। এই মহিলাগৰাকী আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প। হোৱাইট হাউছৰ ঘনিষ্ঠ সূত্ৰৰ পৰা টিভি৯য়ে লাভ কৰা একচেটিয়া তথ্যত এই কাৰণ পোহৰলৈ আহিছে।
ভূমিকা কি
হোৱাইট হাউছৰ ঘনিষ্ঠ সূত্ৰই টিভি৯ক জনোৱা মতে এই পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে মেলানিয়া ট্ৰাম্প। তেওঁ ট্ৰাম্পক সোঁৱৰাই দিছে যে ইউক্ৰেইনত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। মেলানিয়াই ট্ৰাম্পৰ বৈদেশিক নীতি উপদেষ্টাৰ সৈতে হোৱা কেইবাখনো বৈঠকতো অংশগ্ৰহণ কৰি স্পষ্টভাৱে কয় যে পুটিনৰ প্ৰতি নম্ৰ মানে নিৰীহ লোকৰ মৃত্যুৰ ক্ষেত্ৰত মৌনতা।
জানিব পৰা মতে, মেলানিয়াৰ জন্ম হৈছিল পূব ইউৰোপৰ এখন দেশ স্লোভেনিয়াত। এইখন দেশ ছোভিয়েট প্ৰভাৱত আছিল যদিও ৰাছিয়াৰ পৰা দূৰত্ব বজাই ৰাখিছিল। গতিকে তেওঁৰ অভিজ্ঞতাই ৰাছিয়াৰ আক্ৰমণাত্মক নীতি বুজি পাইছে।
২০২২ চনৰ পৰা
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিছিল। তেতিয়া ট্ৰাম্পে হয়তো পুটিনক চেভি বুলি সম্বোধন কৰিছিল। কিন্তু সেই একেই সময়তে মেলানিয়াই টুইটাৰত লিখিছিল যে এই যুদ্ধ ভয়ংকৰ। মোৰ প্ৰাৰ্থনা ইউক্ৰেইনৰ সৈতে। তেওঁ ৰেড ক্ৰছৰ বাবেও অনুদানৰ বাবে আবেদন জনাইছিল আৰু প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংকটৰ ওপৰত ইমান স্পষ্ট মতামত প্ৰদান কৰিছিল। গতিকে ট্ৰাম্পৰ চিন্তাধাৰাৰ পৰিবৰ্তন তেতিয়াৰ পৰা আৰম্ভ হোৱা বুলি কব পাৰি।
হোৱাইট হাউচৰ পৰিবৰ্তন
২০২৫ চনত ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। তাৰ পাছতে আমেৰিকাৰ ইউক্ৰেইন সন্দৰ্ভত ডাঙৰ পৰিবৰ্তন ঘটিছিল। গতিকে ইউক্ৰেইনক কৰা সহায় আৰু ৰাছিয়াৰ ওপৰত অহৰহ হেঁচা মেলানিয়াৰ পৰা অহা বুলি ক’ব পাৰি। সূত্ৰ অনুসৰি মেলানিয়াই স্পষ্টকৈ কৈছে যে যদি আমেৰিকাই গণতন্ত্ৰৰ নেতা বুলি ক’ব বিচাৰে তেন্তে ইউক্ৰেইনৰ দৰে দেশক সুৰক্ষিত কৰিব লাগিব।
মেলানিয়া জেলেনস্কিৰ আশা নেকি?
শেহতীয়াকৈ ট্ৰাম্পে যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াক হুংকাৰ দিছে। আনহাতে সহায় আগবঢ়াই গৈছে ইউক্ৰইনত। এনে অৱস্থাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বাবে মেলানিয়া সম্ভৱতঃ হোৱাইট হাউছৰ আটাইতকৈ শক্তিশালী আশা হৈ পৰিছে।
ইয়াৰ বিপৰীতে ৰাছিয়াইও হোৱাইট হাউচৰ পৰিবৰ্চন হোৱাৰ ইংগিত লাভ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কাৰ দ্বাৰা প্ৰভাৱিত, সেয়া আমি জনাৰ চেষ্টা কৰি আছো। তেওঁলোকে মেলানিয়াৰ নাম লোৱা নাই যদিও ইউৰোপীয় ইউনিয়ন আৰু নাটোৰ প্ৰভাৱৰ কথা কওঁতে স্লোভেনিয়া (মেলানিয়াৰ দেশ)ৰ ফালে আঙুলিয়াই দিছিল।
অন্য খবৰ পঢ়কঃ পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ…