ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যক আমি  অনুমতি প্ৰদান নকৰোঃ শ্ৰীলংকা

নিৰাপত্তাৰ ক্ষেত্ৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়। উল্লেখ্য যে, শ্ৰীলংকাৰ মাটিত দিনক দিনে প্ৰভাৱ বাঢ়িছে চীনৰ। ইয়াকে লৈ উদ্বিগ্ন দিল্লী।

ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যক আমি  অনুমতি প্ৰদান নকৰোঃ শ্ৰীলংকা

মোদী আৰু দিছানায়াকে

Published: 

06 Apr 2025 | 01:56 PM

শ্ৰীলংকাৰ মাটিত প্ৰভাৱ বাঢ়িছে চীনৰ । ইয়াকে লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে কয় যে শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰি ভাৰতৰ নিৰাপত্তা বিঘ্নিত কৰিব পৰা কোনো কাৰ্যক আমি  অনুমতি প্ৰদান নকৰো। অনুৰা কুমাৰ দিছানায়কে নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত এই কথা কয়।

শুকুৰবাৰে সন্ধিয়া থাইলেণ্ডত অনুষ্ঠিত বিমষ্টেক শীৰ্ষ সন্মিলনৰ পৰা পোনে পোনে শ্ৰীলংকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  বিমানবন্দৰত মোদীক আদৰণি জনোৱাৰ সময়ত উপস্থিত থাকে শ্ৰীলংকাৰ পাঁচজনকৈ মন্ত্ৰী । ইয়াৰ পাছত শনিবাৰে পুৱা কলম্বোৰ ইণ্ডিপেণ্ডেন্টছ স্কোৱাৰত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। সেই সময়ত মোদীক আদৰণি জনাই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে।  এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰীলংকাৰ সৰ্বোচ্চ সন্মান ‘মিত্ৰ বিভূষণ’ৰে সন্মানিত কৰা হয়।

দুই নেতাৰ বৈঠকৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰোপৰি আন কেইবাখনো চুক্তি স্বাক্ষৰ কৰে। লগতে মোদী আৰু দিছানায়কে ভাৰ্চুৱেলি সামপুৰ সৌৰশক্তি প্ৰকল্পৰ শুভাৰম্ভ কৰে।

দিছানায়কে কয় যে শ্ৰীলংকাৰ বেয়া সময়ত ভাৰতে কাষত থিয় দিছিল।  তেওঁ কয় যে ২০১৯ চনত কলম্বোত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ পৰা আৰম্ভ কৰি কোভিড পৰিস্থিতি হওক বা শেহতীয়া অৰ্থনৈতিক সংকট সকলো সময়তে ভাৰত  শ্ৰীলংকাৰ কাষত আছে।  ইয়াৰ পাছতে তেওঁ কয় যে শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰি ভাৰতৰ নিৰাপত্তা বিপন্ন কৰিব পৰা কোনো ধৰণৰ কামৰ অনুমতি নিদিয়ে শ্ৰীলংকাই ।

উল্লেখ্য যে, শ্ৰীলংকাৰ সমীপৰ দক্ষিণ আৰু ভাৰত মহাসাগৰত চীনৰ কেইবাখনো জাহাজৰ চলাচল যোৱা কেইবছৰমানৰ পৰা বৃদ্ধি পাইছে। ইয়াৰোপৰি চীনে শ্ৰীলংকাত বিনিয়োগ বৃদ্ধি কৰিছে আৰু বহু আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। এনেবোৰ কাৰণতে নতুন দিল্লীয়ে নিৰাপত্তাজনিত বিষয়ত গুৰুত্ব বৃদ্ধি কৰিছে। ইয়াৰ মাজতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আশ্বাস দিয়ে যে, ভাৰতৰ নিৰাপত্তা বিপন্ন কৰিব পৰা কোনো কামত শ্ৰীলংকাৰ মাটি ব্যৱহাৰ কৰিবলৈ নিদিয়ে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব