জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা ছানাই তাকাইছিৰ, প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা বাৰ্তা

তাকাইচিয়ে নিম্ন সদনত প্ৰথম ৰাউণ্ডৰ ভোটদানত জয়লাভ কৰিছিল আৰু জাপানৰ সাংবিধানিক ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা যোছিহিকো নোডাৰ ১৪৯টা ভোটৰ বিপৰীতে ২৩৭টা ভোট লাভ কৰিছিল।

জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা ছানাই তাকাইছিৰ, প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা বাৰ্তা

ছানাই তাকাইছি

Published: 

21 Oct 2025 13:41 PM

মঙলবাৰে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে ছানাই তাকাইচিয়ে ইতিহাস ৰচনা কৰে। এন এইচ কেৰ মতে, ৪৬৫খন আসনৰ নিম্ন সদনত প্ৰথম ৰাউণ্ডত তাকাইচিয়ে ২৩৭টা ভোট লাভ কৰাৰ ফলত দ্বিতীয় পৰ্যায়ৰ ভোটৰ প্ৰয়োজনীয়তা নাইকিয়া হয়।

শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি আৰু জাপান ইনোভেচন পাৰ্টিৰ মাজত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে যোৱা সপ্তাহৰ শেষৰ ফালে হোৱা চুক্তিৰ পিছতে তেওঁৰ নিৰ্বাচন হয়। জুলাই মাহৰ নিৰ্বাচনত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত তিনিমাহৰ ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ উত্তৰাধিকাৰী সূত্ৰে তাকাইচিয়ে কাৰ্যনিৰ্বাহ কৰিব। মাত্ৰ এবছৰ কাৰ্যনিৰ্বাহ কৰা ইছিবাই মঙলবাৰে মন্ত্ৰীসভাৰ সৈতে পদত্যাগ কৰি তেওঁৰ উত্তৰাধিকাৰীৰ বাবে পথ মুকলি কৰি দিয়ে।

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ নৱনিৰ্বাচিত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ছানাই তাকাইচিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰত আৰু জাপানৰ মাজত গভীৰ হৈ অহা সম্পৰ্ক সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ছানাই তাকাইচি, আন্তৰিক অভিনন্দন। ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি প্ৰয়োজনীয়।”

প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নিৰ্বাচনৰ পিছতে বিশ্বৰ নেতাসকলে শুভেচ্ছা দিবলৈ আৰম্ভ কৰিছে।

সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানে জাপানক প্ৰগতি আৰু উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰে। এক্সত তেওঁ কয়, “জাপানৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই ছানাই তাকাইচিক অভিনন্দন জনাইছো আৰু দেশখনক অধিক অগ্ৰগতি আৰু উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰিছো। আমাৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰি মই ইউ এ ই-জাপানৰ সম্পৰ্ক গভীৰ কৰাৰ বাবে একেলগে কাম কৰিবলৈ আৰু আমাৰ দেশ আৰু জনগোষ্ঠীসমূহৰ বাবে বিকাশ আৰু সমৃদ্ধিৰ পোষকতা কৰিবলৈ আগ্ৰহী।”

অদম্য কামৰ জৰিয়তে প্ৰতিটো প্ৰজন্মৰ সহযোগিতাৰ দ্বাৰা জাপানক পুনৰ নিৰ্মাণ কৰাৰ কথা জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে ভাষণত বিশেষভাৱে উল্লেখ কৰিছিল।

তেওঁক নিৰ্বাচিত কৰা লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্যসকলৰ আগত দিয়া ভাষণত তাকাইচিয়ে কয়, “মই মোৰ প্ৰতিশ্ৰুতি পালন কৰিম। আমি প্ৰতিটো প্ৰজন্মক পুনৰ একত্ৰিত কৰি আৰু সকলোৰে অংশগ্ৰহণেৰেহে পুনৰ নিৰ্মাণ কৰিব পাৰিম। কাৰণ আমাৰ মাজৰ কেইজনমানহে আছে, মই সকলোকে কাম কৰিবলৈ কওঁ; ঘোঁৰাৰ দৰে কাম কৰক। মই নিজেই “কৰ্ম-জীৱনৰ ভাৰসাম্য”ৰ ধাৰণাটো এফালে পেলাই দিম। মই কাম কৰিম, কাম কৰিম, কাম কৰিম আৰু… কাম কৰিম।”

তেখেতে জোৰ দি কয়, “জাপান আৰু এলডিপি পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰত্যেকেই নিজৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰত অক্লান্তভাৱে কাম কৰিব লাগিব। মইও, নম্ৰতাৰে কাম কৰিম গতিকে অনুগ্ৰহ কৰি মোক আপোনাৰ পথ প্ৰদৰ্শন কৰক।”

জাপানৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি ছানাই তাকাইচিক মঙলবাৰে সংসদে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে, দেশৰ প্ৰথমগৰাকী মহিলা নেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। কিয়’ড’ৰ বাতৰি অনুসৰি, তাকাইচিয়ে নিম্ন সদনত প্ৰথম ৰাউণ্ডৰ ভোটদানত জয়লাভ কৰিছিল আৰু জাপানৰ সাংবিধানিক ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা যোছিহিকো নোডাৰ ১৪৯টা ভোটৰ বিপৰীতে ২৩৭টা ভোট লাভ কৰিছিল।

জাপানৰ চৰকাৰী সংবাদ সংস্থাটোৱে জনোৱা মতে, সংসদৰ নিম্ন সদনত দিয়া ৪৬৫টা ভোটৰ ভিতৰত ৬৪ বছৰীয়া তাকাইচিয়ে ২৩৭টা ভোট লাভ কৰি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। নতুন প্ৰধানমন্ত্ৰীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে মন্থৰ অৰ্থনীতি, কেলেংকাৰী আৰু আভ্যন্তৰীণ সংঘাতৰ দ্বাৰা জোকাৰি যোৱা শাসকীয় দলটোক একত্ৰিত কৰা। সোমবাৰে নতুন ৰাজনৈতিক অংশীদাৰৰ সন্ধানত থকা তাকাইচিয়ে নিপ্পন ইছিন নো কাই নামেৰেও পৰিচিত জেআইপিৰ নেতৃত্ব দিয়া ওছাকাৰ গৱৰ্ণৰ হিৰোফুমি যোছিমুৰাৰ সৈতে আনুষ্ঠানিক চুক্তিত উপনীত হয়।

উজনি-নামনিৰ ৰাস মহোৎসৱত কি কি ভিন্নতা আছে?
পেটৰ আলচাৰৰ পৰা হাত সাৰিবলৈ এই খাদ্যসমূহ পৰিহাৰ কৰক
কাজি নেমুৱে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে নেকি?
ভগৱান হনুমান সন্তুষ্ট হ’লে ভক্তই লাভ কৰে এই সংকেত! জানক...