ছলমান খানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ, কি কৈছিল অভিনেতাজনে….

Salman Khan: অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। শেহতীয়াকৈ বেলুচিস্তান সন্দৰ্ভত অভিনেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতে এতিয়া পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদী আখ্যা দিছে ছলমানক।

ছলমান খানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ, কি কৈছিল অভিনেতাজনে....

ছলমান খান

Updated On: 

26 Oct 2025 15:44 PM

বলীউড অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। শেহতীয়াকৈ বেলুচিস্তান সন্দৰ্ভত ছলমানে দিয়া মন্তব্যৰ পাছতে দেশখনে অসন্তুষ্টি প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছে। এই এহাজাৰ ১৯৯৭ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৰুজু কৰা হৈছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে চৌদি আৰৱত অনুষ্ঠিত হোৱা JOY FORUM 2025 নামৰ অনুষ্ঠানটোত উপস্থিত আছিল ছলমান খান। সেই সময়ত তেওঁ বেলুচিস্তান সন্দৰ্ভত দিয়া মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছলমানে বেলুচিস্তান আৰু পাকিস্তানক পৃথক বুলি অভিহিত কৰিছিল। যাৰ বাবে ক্ষোভিত হৈ পাকিস্তানে এজাহাৰ দাখিল কৰিছে। ছলমানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ।

উল্লেখ্য যে, বছৰ বছৰ ধৰি বেলুচিস্তানে স্বাধীনতাৰ দাবী কৰি আহিছে। তেওঁলোকে পাকিস্তানৰ পৰা পৃথক হ’ব বিচাৰে। কোৱা হয়, বেলুচিস্তানে পাকিস্তানৰ বিৰুদ্ধে কৰা আন্দোলনত ভাৰতেও সহায় কৰে। আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লালকিল্লাৰ পৰাই বেলুচিস্তানৰ কথা উল্লেখ কৰিছিল। মোদীয়ে কৈছিল যে, তাত থকা জনসাধাৰণেও পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি আহিছে।

ইয়াৰ পাছতে এতিয়া ছলমান খানে বেলুচিস্তানক পৃথক বুলি অভিহিত কৰিছে। ছলমানৰ এই মন্তব্যক আদৰণি জনাইছে বেলুচিস্তানৰ নেতাই। অৱশ্যে ছলমানে ইচ্ছাকৃতভাৱে নে অজানিতে এই মন্তব্য কৰে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

কি কৈছিল ছলমানে

ছলমানে কৈছি যে, “যদি হিন্দী ছবি এখন নিৰ্মাণ কৰি সেইখন চৌদি আৰৱত মুক্তি দিয়া হয়, তেন্তে সেইখন ছবি চুপাৰহিট হৈ যাব। তামিল, তেলুগু, মালায়ালম আদিয়ে ছবি নিৰ্মাণ কৰিলেও কোটি কোটি টকা উপাৰ্জন কৰিব পাৰিব। কিয়নো ইয়াত বিভিন্ন দেশৰ পৰা মানুহ আহে।  আমাৰ দেশৰ পৰা আহে, বেলুচিস্তানৰ পৰা মানুহৰ আহে, আফগানিস্তানৰ পৰা, পাকিস্তানৰ পৰা। বিভিন্ন দেশৰ মানুহে চৌদি আৰৱত পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰি আছে”।

 

অন্য খবৰ পঢ়কঃ ছলমানৰ সৈতে বিচ্ছেদৰ পাছত কি কৰিছিল ঐশ্বৰ্য ৰায়ে? ঘনিষ্ঠ বন্ধুই প্ৰকাশ কৰিলে বিশেষ কথা…

মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক
কোনবোৰ আত্মাই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে? প্ৰেমানন্দ মহাৰাজে ক'লে...