আমেৰিকাই ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰে, ভাৰতে কিয় নোৱাৰে? ট্ৰাম্প সন্দৰ্ভত কি ক’লে পুটিনে…
আমেৰিকাক স্পষ্ট বাৰ্তা পুটিনৰ। তেওঁ কয় যে, আমেৰিকাই যদি ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক কাৰো বিৰোধিতা কৰাৰ উদ্দেশ্যে নহয় বুলি কয় তেওঁ।

পুটিন
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক লৈ প্ৰায় সমগ্ৰ বিশ্বই জ্ঞাত। বৰ্তমান সময়ত ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন (Putin), যাৰ বাবে বিশ্বৰ দৃষ্টি এতিয়া ভাৰতত আছে। ইয়াৰ মাজতে পুটিনে কৈছে যে, ভাৰত-ৰাছিয়াৰ ক্ৰমবৰ্ধমান সহযোগিতা কোনো তৃতীয় দেশৰ বিৰুদ্ধে নহয়, আনকি আমেৰিকাৰ বিৰুদ্ধেও নহয়। আমেৰিকাৰ শুল্ক সন্দৰ্ভত পুটিনে কয় যে, ট্ৰাম্পে তেওঁৰ উপদেষ্টাসকলৰ পৰামৰ্শ অনুসৰি নীতি প্ৰণয়ন কৰে। তেওঁ ভাবে এই শুল্ক নীতিয়ে আমেৰিকাক লাভান্বিত কৰিব।
ভাৰত ভ্ৰমণ পূৰ্বে ক্ৰেমলিনত সংবাদ মাধ্যম সম্বোধন কৰি পুটিনে এই মন্তব্য কৰে। শক্তি আমদানি সন্দৰ্ভত তেওঁ কয় যে, “পাৰমাণৱিক শক্তি খণ্ডত ব্যৱহাৰ কৰিবলৈ আমেৰিকাই ৰাছিয়াৰ পৰা পাৰমাণৱিক ইন্ধন (ইউৰেনিয়াম) ক্ৰয় কৰে। যদি আমেৰিকাি আমাৰ পৰা পাৰমাণৱিক ইন্ধন ক্ৰয় কৰিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে? আমেৰিকাৰ দৰে ভাৰতৰো অধিকাৰ আছে। এই এই বিষয়ে আমেৰিকাৰ সৈতে আলোচনা কৰিবলৈ সাজু”।
পুটিনে আৰু কয় যে, ট্ৰাম্পে নিজৰ দেশৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ৰাছিয়াই এনে নীতি পালন নকৰে। ৰাছিয়াৰ অৰ্থব্যৱস্থা মুকলি আৰু ই বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ নিয়ম মানি চলে। ইয়াৰোপৰি ভৱিষ্যতে বিশ্ব বাণিজ্যৰ সকলো সমস্যা সমাধান কৰা হ’ব বুলি পুটিনে আশা কৰে।
ভাৰত আৰু ৰাছিয়াৰ পদক্ষেপ (মেক ইন ইণ্ডিয়া, মেক উইথ ৰাছিয়া)ৰ প্ৰতি ট্ৰাম্পে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে বুলি সোধাত পুটিনে কয় যে, ভাৰত-ৰাছিয়াৰ অংশীদাৰিত্ব কোনো দেশৰ ক্ষতি কৰাৰ উদ্দেশ্য নহয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যিমান হেঁচা পৰিলেও মই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও আমাৰ সহযোগিতা আনৰ বিৰুদ্ধে নকৰো। বিশ্বৰ বাকী নেতৃত্বই এই কথা বুজা উচিত।
উল্লেখ্য যে, আমেৰিকাই ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্টি ব্যক্ত কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। কিন্তু ভাৰতে আমেৰিকাৰ ওপৰত শিৰনত কৰা নাই। এই সকলোবোৰৰ মাজতে পুটিন এতিয়া ভাৰতলৈ আহিছে, যিয়ে বিশ্ব ৰাজনীতিত বিশেষ গুৰুত্ব বহন কৰে।
অন্য খবৰ পঢ়কঃ প্ৰথমে প্ৰট’কল ভংগ! পাছত পুটিনক এক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…