কঁপি উঠিল সমগ্ৰ ইউক্ৰেইন! ৰাছিয়াই নিক্ষেপ কৰিলে ৫০০ টা ড্ৰ’ন, ৪০ টা মিছাইল…

বন্ধ হোৱাৰ নাম লোৱা নাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে। জানিব পৰা মতে, প্ৰায় ৫০০ ড্ৰ'ন আৰু কেইবাটাও মিছাইল নিক্ষেপ কৰে ৰাছিয়াই।

কঁপি উঠিল সমগ্ৰ ইউক্ৰেইন! ৰাছিয়াই নিক্ষেপ কৰিলে ৫০০ টা ড্ৰন, ৪০ টা মিছাইল...

ৰাছিয়া-ইউক্ৰেইন

Published: 

28 Sep 2025 22:46 PM

শাম কটাৰ নাম লোৱা নাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধই। বহু দেশে দুই দেশৰ যুদ্ধ বন্ধ কৰাৰ চেষ্টা কৰি আছে যদিও কাম দিয়া নাই। দেওবাৰে পুনৰ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে। ১২ ঘণ্টাৰো অধিক সময় ধৰি চলা এই আক্ৰমণত ৰাছিয়াই হাইপাৰছনিক কিনঝাল মিছাইলকে ধৰি প্ৰায় ৫০০ ড্ৰোন আৰু ৪০টা ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰে। এই আক্ৰমণৰ ফলত ৪ জন লোক নিহত হোৱাৰ লগতে বহুতো আহত হোৱা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে সন্ত্ৰাসৰ কাৰ্য বুলি অভিহিত কৰিছে। এই আক্ৰমণৰ সময়ত ৰাজধানী কিয়েভ আৰু ওচৰৰ অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হয়। মৃত্যু হোৱাসকলৰ ভিতৰত ১২ বছৰীয়া এটি কিশোৰ আছে বুলিও জানিব পৰা গৈছে।

এই আক্ৰমণৰ পাছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে কয় যে ৰাছিয়া আলোচনাৰ বাবে সাজু। অৱশ্যে ইয়াৰ বাবে চৰ্ত বান্ধি দিছে ৰাছিয়াই। লাভৰভে কয় যে, আলোচনাৰ পূৰ্বে নিৰাপত্তাজনিত চিন্তা, ৰাছিয়ান ভাষী লোকৰ অধিকাৰ বুজি পোৱা আৰু সন্মান কৰা প্ৰয়োজন।  তেতিয়াহে ৰাছিয়াই শান্তি চুক্তিৰ ওপৰত আলোচনা কৰিব। ইফালে ইউক্ৰেইনে ৰাছিয়াৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিব বুলি কৈছে। লগতে কয় যে, শান্তিৰ বাবে বৈশ্বিক সমৰ্থনৰ প্ৰয়োজন।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ সমাপ্ত হোৱাৰ মাত্ৰ কেইদিনমান পিছতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰে। এই সন্দৰ্ভত জেলেনস্কিয়ে কয় যে, ৰাছিয়াই শান্তি নিবিচাৰে কেৱল যুদ্ধ বিচাৰে। এই আক্ৰমণৰ দ্বাৰা এক প্ৰকাৰ ৰাছিয়াই বিশ্বক প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুই দেশৰ মাজত শান্তি আলোচনা কৰিবলৈ চেষ্টা কৰি আছে যদিও এতিয়ালৈকে সক্ষম হোৱা নাই। আক্ৰমণ বন্ধ কৰাত হেঁচা দিবলৈ ইউৰোপীয় দেশসমূহে ৰাছিয়াক আৰ্থিক হেঁচা দিছে যদিও ৰাছিয়াই এতিয়ালকৈ পিছ হুহুকি অহা নাই।

 

অন্য খবৰ পঢ়কঃ ৩১৫ কোটি টকাৰ উৎকোচ! প্ৰাক্তন মন্ত্ৰীক শাস্তি বিহিলে আদালতে, হাতত আছে মাত্ৰ ২বছৰ…

লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...