শৌচালয় নহয়, ছুটকেছত শৌচ কৰে পুটিনে! আলাস্কালৈও কঢ়িয়াই নিছিল দেহৰক্ষীয়ে, আঁৰত এনে আচৰিত কাৰণ

স্বাভাৱিকতেই এই কথাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিব পাৰে। পিছে আচৰিত হ’লেও তথ্য মতে এয়াই সঁচা। ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাবে এয়া এক স্বাভাৱিক ৰুটিন।

শৌচালয় নহয়, ছুটকেছত শৌচ কৰে পুটিনে! আলাস্কালৈও কঢ়িয়াই নিছিল দেহৰক্ষীয়ে, আঁৰত এনে আচৰিত কাৰণ

ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

Published: 

18 Aug 2025 16:02 PM

যোৱা ১৫ আগষ্টত আলাস্কাত বৈঠকত মিলিত হৈছিল বিশ্বৰ দুই শক্তিশালী দেশৰ ৰাষ্ট্ৰনেতা সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ পৰিছিল আলাস্কাৰ এই বৈঠকৰ ওপৰত ইউক্ৰেইন যুদ্ধৰ বিষয়ত এই বৈঠকত মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই দুই ৰাষ্ট্ৰনেতাৰ মাজত শেহতীয়া কিছুদিনত দেখা পোৱা পৰোক্ষ সংঘাতৰ পৰিপ্ৰেক্ষিতত আলাস্কাৰ এই বৈঠক হৈ পৰিছিল অত্যন্ত বিশেষ এই উচ্চ পৰ্যায়ৰ কূটনৈতিক বৈঠকৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত ৰখা হোৱা নাছিল কোনো ত্ৰুটি।

নিজৰ নিৰাপত্তাক লৈ অত্যন্ত সচেতন ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ দেহৰক্ষীৰ হাতত আলাস্কাত দেখা গৈছিল এক বিশেষ ছুটকেছ। লক্ষণীয়ভাৱে এই ছুটকেছটোত নাছিল কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ বা বিশেষ অস্ত্ৰ-শস্ত্ৰ। পুটিনৰ মল অৰ্থাৎ শৌচ সংগ্ৰহৰ বাবে দেহৰক্ষীসকলে লৈ গৈছিল এই ছুটকেছ

স্বাভাৱিকতেই এই কথাই সকলোকে আশ্চৰ্যচকিত কৰি তুলিব পাৰে পিছে আচৰিত লেও তথ্য মতে এয়াই সঁচা ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাবে এয়া এক স্বাভাৱিক ৰুটিন। যিকোনো স্থানলৈ ভ্ৰমণৰ সময়ত তেওঁৰ দেহৰক্ষীসকলে এই ছুটকেছটো লগত লৈ ফুৰে বুলি কোৱা হয়।

প্ৰকাশিত খবৰ অনুসৰি, বিদেশৰ ভূমিত পুটিনে ব্যৱহাৰ নকৰে শৌচালয়। যেতিয়াই পুটিনক প্ৰয়োজন হয় তেতিয়া তেওঁ এই ছুটকেছত শৌচ কৰে। অৰ্থাৎ পুটিনৰ শৌচ এই ছুটকেছত সংগ্ৰহ কৰি ৰাছিয়ালৈ ঘূৰাই অনা হয়। পুটিনৰ এই অভ্যাসৰ আঁৰত এক বিশেষ কাৰণ আছে

বিশ্বৰ অন্যতম এক শক্তিশালী দেশ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ গোপনীয়তা ৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। ধাৰণা মতে, পুটিনৰ মলৰ নমুনা সংগ্ৰহ কৰি বিদেশী বা শত্ৰু বাহিনীয়ে পুটিনৰ স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য উদ্ধাৰৰ সম্ভাৱনা থাকে আৰু এই তথ্যৰ আধাৰত পুটিনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে।

সেইবাবেই পুটিনৰ দেহৰক্ষীসকলে এই বিশেষ ছুটকেছ লগত কঢ়িয়াই ফুৰে। এক্সপ্ৰেছ ইউ এছৰ এক প্ৰতিবেদন অনুসৰি এই বিশেষ ছুটকেছটো আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকৰ সময়তো দেহৰক্ষীসকলে লগত ৰাখিছিল। বৈঠকৰ সময়ত পুটিনক চাৰিওফালৰ পৰা দেহৰক্ষীয়ে ঘেৰি ৰাখিছিল।

জানিব পৰা মতে ১৯৯৯ চনৰ পৰাই পুটিনৰ এই অভ্যাস আছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পুটিনৰ স্বাস্থ্য সম্পৰ্কে বিভিন্ন খবৰ পোহৰলৈ আহিছে। ২০২২, ২০২৩, আনকি যোৱা বছৰৰ নৱেম্বৰ মাহতো কাজাখাস্তানত এখন সংবাদমেলৰ সময়ত পুটিনৰ ভৰি দুখন কঁপি থকা দেখা গৈছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী পাৰ্কিনছন ৰোগ বা আন কোনো জটিল স্নায়ুজনিত বিকাৰত আক্ৰান্ত বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

আধাৰ PVC কাৰ্ড অনলাইন অৰ্ডাৰ কেনেকৈ কৰিব ? সহজ উপায় জানক
এছিয়া কাপৰ চৰ্চাৰ মাজতে ৰিয়ানৰ কান্ধত গধুৰ দায়িত্ব, সহ-অধিনায়ক হিচাপে দিয়া হ’ল নিযুক্তি
চকুৰ তলত কিয় ক'লা বৃত্ত গঠন হয়? জানক ইয়াৰ কাৰণ...
নকৰিব আওকান! ফেটি লিভাৰ হ'লে শৰীৰে এনেকৈ দিয়া সংকেত...