শুল্ক সন্দৰ্ভত ট্ৰাম্পক সকীয়নি পুটিনৰ! ক’লে, ভাৰতে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে…

Putin on Tariffs : আমেৰিকাৰ শুল্কৰ ওপৰত পুনৰবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ আমেৰিকাক গৰিহনা দি কয় যে, ইয়াৰ ফলত বিশ্বত মূল্যবৃদ্ধি হ'ব আৰু আৰ্থিক দিশটোৰ পৰিৱৰ্তন হব পাৰে।

শুল্ক সন্দৰ্ভত ট্ৰাম্পক সকীয়নি পুটিনৰ! কলে, ভাৰতে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে...

মোদী-পুটিন

Published: 

03 Oct 2025 | 07:13 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি আমেৰিকাৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰে। ভাৰত আৰু চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ৰাছিয়াৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ আমেৰিকাৰ প্ৰচেষ্টাক তীব্ৰ সমালোচনা কৰি সকীয়াই দিয়ে যে,আৰ্থিক দিশৰ পৰা এই পদক্ষেপে সমস্যা কৰিব পাৰে। ট্ৰাম্পে দীৰ্ঘদিন ধৰি ভাৰত-চীনক শুল্ক ভাবুকিৰে হেঁচা দি আহিছে যদিও এতিয়া ৰাছিয়াই প্ৰত্যুত্তৰ দিয়ে।

পুটিনে কয়, ৰাছিয়াৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত যদি অধিক শুল্ক আৰোপ কৰা হয় তেন্তে বিশ্বত মূল্য বৃদ্ধি পাব আৰু আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ উচ্চ কৰি ৰাখিবলৈ বাধ্য হ’ব। ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে, যাৰ ফলত ভাৰতীয় ৰপ্তানিৰ ওপৰত শুল্ক মুঠ ৫০ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ আৰু কয় যে, ভাৰত-চীনে কেতিয়াও নিজকে অপমানিত হ’বলৈ নিদিয়ে।

মোদীৰ ওপৰত কি ক’লে

ৰাছিয়াৰ পৰা শক্তি আমদানি কৰা বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতক আহ্বান জনাইছে। এই সন্দৰ্ভত পুটিনে কয় যে, যদি ভাৰতে আমাৰ পৰা আমদানি বন্ধ কৰে তেন্তে নিশ্চিতভাৱে তেওঁলোক লোকচানৰ সন্মুখীন হ’ব। নিঃসন্দেহে, মোক বিশ্বাস কৰক, ভাৰতৰ দৰে দেশৰ লোকে ৰাজনৈতিক নেতৃত্বই লোৱা সিদ্ধান্তসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব আৰু কাকো কোনো ধৰণৰ অপমানৰ অনুমতি নিদিয়ে।

পুটিনে আৰু কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও এনে পদক্ষেপ গ্ৰহণ নকৰে। মই মোদীক জানো, তেওঁ নিজেই কেতিয়াও এনে পদক্ষেপ গ্ৰহণ নকৰে।

ট্ৰাম্পক লৈ কি ক’লে

আমেৰিকা আৰু ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি পুটিনে কয় যে, ৱাশ্বিংটনে ৰাছিয়াৰ পৰা সমৃদ্ধ ইউৰেনিয়াম ক্ৰয় কৰে, কিন্তু আন দেশসমূহক তেওঁলোকে বস্তু ক্ৰয় কৰাত বাধা আৰোপ কৰে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতক দিয়া ভাবুকি সন্দৰ্ভত পুটিনে কয় যে, মোৰ মোদীৰ ওপৰত বিশ্বাস আছে, তেওঁ কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে।

 

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পক আঘাত! গাজা শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত নতুন বন্ধু পাকিস্তানে নকৰে সমৰ্থন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...