ভাৰতৰ ওপৰত বিশ্বাস আছে…ইউক্ৰেইনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন জেলেনস্কিৰ

ইউক্ৰেইনৰ স্বাধীনতা দিৱসত প্ৰেৰণ কৰা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। তেওঁ কৈছে যে, আজি সমগ্ৰ বিশ্বই এক সন্মানীয় আৰু স্থায়ী শান্তিৰে যুদ্ধৰ অন্ত পেলাবলৈ চেষ্টা কৰিছে আৰু এই দিশত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

ভাৰতৰ ওপৰত বিশ্বাস আছে...ইউক্ৰেইনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন জেলেনস্কিৰ

Pm Modi Zelenskyy

Published: 

26 Aug 2025 13:18 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক ইউক্ৰেইনৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায়। তাৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জেলেনস্কিয়ে ভাৰতৰ ভূমিকাক শলাগ লৈ শান্তি প্ৰতিষ্ঠাত অৱদানৰ আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পত্ৰত ইউক্ৰেইনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰতৰ পৰা সম্ভৱপৰ সকলো সহযোগিতাৰ আশ্বাস দিয়ে। তেওঁ সোঁৱৰাই দিয়ে যে ভাৰত সদায় শান্তিৰ পক্ষত থিয় দি আহিছে আৰু প্ৰতিটো সমস্যা আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে সমাধান কৰিব পৰা যায়।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কি ক’লে?

জেলেনস্কিয়ে এক্সত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই কয় যে, আজি সমগ্ৰ বিশ্বই সন্মানজনক আৰু স্থায়ী শান্তিৰে যুদ্ধৰ অন্ত পেলাবলৈ চেষ্টা কৰিছে। এই দিশত ভাৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। জেলেনস্কিয়ে স্পষ্টকৈ কৈছেল যে কূটনীতি শক্তিশালী কৰা প্ৰতিটো সিদ্ধান্তই কেৱল ইউৰোপেই নহয় ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু সমগ্ৰ বিশ্বৰ নিৰাপত্তা বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ চিঠিত কি আছে?

ইউক্ৰেইনৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা শ্বেয়াৰ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে তেওঁৰ চিঠিখন ৰাজহুৱা কৰে। এই পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে যোৱা বছৰৰ আগষ্ট মাহত কিয়েভ ভ্ৰমণৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে , “স্বাধীনতা দিৱসৰ দিনা আপোনালোকৰ লগতে ইউক্ৰেইনৰ জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিয়েভ ভ্ৰমণৰ স্মৃতি এতিয়াও সতেজ আৰু এই সময়ছোৱাত ভাৰত-ইউক্ৰেইনৰ সম্পৰ্কত যি অগ্ৰগতি হৈছে সেয়া সন্তোষজনক। ভৱিষ্যতে আমাৰ পাৰস্পৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰিম বুলি আশা কৰিলোঁ।”

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ স্পষ্ট স্থিতিৰ পুনৰবাৰ পুনৰাবৃত্তি কৰি কয় যে ভাৰত সদায় শান্তিৰ পক্ষত থিয় দি আহিছে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে আগতীয়া আৰু স্থায়ী সমাধানৰ দিশত আমি প্ৰতিটো প্ৰকৃত প্ৰচেষ্টাক সমৰ্থন কৰি যাম।

লগতে পঢ়ক: বাংলাদেশৰ নদীত মৃতদেহৰ দ’ম! ৭৫০টা উদ্ধাৰ, ক’ৰ পৰা কেনেকৈ আহিল?

দাঁতৰ বিষত ভুগিছে নেকি ? এই প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা তৎক্ষণাত সকাহ পাওক
গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...