৮৮ বছৰ বয়সত পোপ ফ্ৰান্সিসৰ মৃত্যু, কোন হ’ব বিশ্বৰ সবাতোকৈ ডাঙৰ ধৰ্মগুৰু? তালিকাত আছে এই ৫ টা নাম…

৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পোপ ফ্ৰান্সিসে। ইয়াৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পৰৱৰ্তী পোপ কোন হ'ব? এই ক্ষেত্ৰত তালিকাত প্ৰায় ৫ টাকৈ নাম আছে। পোপ হৈছে খ্ৰীষ্টানসকলৰ সবাতোকৈ ডাঙৰ ধৰ্মগুৰু।

৮৮ বছৰ বয়সত পোপ ফ্ৰান্সিসৰ মৃত্যু, কোন হব বিশ্বৰ সবাতোকৈ ডাঙৰ ধৰ্মগুৰু? তালিকাত আছে এই ৫ টা নাম...

পোপ ফ্ৰান্সিস

Published: 

21 Apr 2025 17:43 PM

দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি অৱশেষত সোমবাৰ (২১ এপ্ৰিল) ইহলীলা সম্বৰন কৰে খ্ৰীষ্টানসকলৰ সবাতোকৈ ডাঙৰ ধৰ্মগুৰু পোপ ফ্ৰান্সিসে। ৮৮ বছৰ বয়সত ভেটিকান চহৰত মৃত্যুক সাৱতি লয় তেওঁ। নিউমোনিয়াত আক্ৰান্ত হোৱাৰ বাবে কিছুদিন পূৰ্বে পোপ ফ্ৰান্সিসক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। মাত্ৰ এদিন আগতে তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সক সাক্ষাৎ কৰিছিল। তেওঁৰ মৃত্যুত বিশ্বৰ প্ৰায় ১.৪ আৰৱ কেথলিক শোকস্তব্ধ হৈ পৰিছে।

অসুস্থতাৰ বাবে পোপ ফ্ৰান্সিছে যোৱা সপ্তাহত ছেইণ্ট পিটাৰ স্কোৱাৰত কেথলিক গীৰ্জাৰ জয়ন্তী বৰ্ষ উদযাপনত অংশ গ্ৰহণ কৰিব পৰা নাছিল। যাৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হৈছিল। কোৱা হৈছিল যে, পোপ ফ্ৰান্সিকত চিকিৎসকে জিৰণি ল’বলৈ পৰামৰ্শ দিছে। তাৰ পাছতে শনিবাৰে সন্ধিয়া ভেটিকানে এটা আপডেট দিছিল যে পোপ ফ্ৰান্সিসৰ স্বাস্থ্যৰ অৱস্থা অতি জটিল আৰ উশাহ-নিশাহত কষ্ট পাই আছে। ইয়াৰ পাছতে আজি তেওঁ মৃত্যুক সাৱতি লয়।

পোপ ফ্ৰান্সিছে ১২ বছৰ ধৰি কেথলিক গীৰ্জাৰ নেতৃত্ব দিছিল। ২০১৩ চনৰ মাৰ্চ মাহত পূৰ্বৰ পোপ বেনেডিক্টে পদত্যাগ কৰাৰ পাছত তেওঁ পোপ হৈছিল।

পোপ ফ্ৰান্সিস বহু দিশত বিশেষ আছিল। তেওঁ প্ৰথম জেচুইট পোপ আছিল। তেওঁ লগতে আছিল আমেৰিকাৰ প্ৰথম পোপ, দক্ষিণ গোলাৰ্ধৰ প্ৰথম পোপ আৰু প্ৰথমজন অ-ইউৰোপীয় এজন পোপ। তেওঁৰ মৃত্যুত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কোনো বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় দায়িত্বৰ মুকুট পিন্ধিব?  পৰৱৰ্তী পোপ কোন হ’ব?

কেনেকৈ পোপ নিৰ্বাচন কৰা হয়?

পোপৰ মৃত্যুৰ পাছত এতিয়ালৈকে পৰৱৰ্তী পোপৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। পেপল কনক্লেভ নামৰ এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে নতুন পোপ নিৰ্বাচন কৰা হয়। যেতিয়া পোপৰ মৃত্যু হয়, তেতিয়া কেথলিক গীৰ্জাৰ কাৰ্ডিনেলসকলে তেওঁৰ ঠাইত এজনক নিৰ্বাচন কৰে। কাৰ্ডিনেল হৈছে জ্যেষ্ঠ ধৰ্মগুৰুৰ এটা দল। তেওঁলোকৰ কাম হৈছে পোপক পৰামৰ্শ দিয়া। প্ৰতিবাৰেই এই কাৰ্ডিনেলসকলৰ মাজৰ পৰা পোপ নিৰ্বাচিত হয়। অৱশ্যে পোপ হ’বলৈ কাৰ্ডিনেল হোৱা প্ৰয়োজনীয় নহয়।

কোন হ’ব পৰৱৰ্তী পোপ?

ভেটিকান চিটিত বৰ্তমান ২৫৩ কাৰ্ডিনেল আছে। পোপ নিৰ্বাচনৰ ভোটিঙৰ পৰা ৮০ বছৰৰ ওপৰৰ লোকসকলক বাহিৰত ৰখা হয়। তেনে ক্ষেত্ৰত মাত্ৰ ১৩৮ জনে ভোট দিব পাৰিব। বৰ্তমান পোপৰ তালিকাত প্ৰায় ৫ জনৰ নাম চৰ্চাত আছে।

  • কাৰ্ডিনেল পিয়েট্ৰ’ পেৰ’লিনঃ পিয়েট্ৰ’ পেৰ’লিনক পোপ ফ্ৰান্সিছৰ অন্যতম বিশ্বাসযোগ্য সহায়ক হিচাপে গণ্য কৰা হয়। তেওঁৰ বয়স ৭০ বছৰ। তেওঁ ইটালীৰ ভেনেটো অঞ্চলৰ  বাসিন্দা। পোপৰ নিৰ্বাচনৰ ক্ষেত্ৰত সৰ্বোচ্চ দাবীদাৰ এইগৰাকী কাৰ্ডিনেল।
  • কাৰ্ডিনেল পিটাৰ এৰডো: পিটাৰ এৰডোৰ বয়স ৭২ বছৰ। ২০০৩ চনত পোপ জন পলে (দ্বিতীয়) তেওঁক কাৰ্ডিনেল হিচাপে নিযুক্তি দিছিল। তেওঁ বিশষকৈ ৰক্ষণশীল আৰু পৰম্পৰাগত মতামতৰ বাবে পৰিচিত। তেওঁ কেথলিক পৰম্পৰাক অতি কঠোৰভাৱে সমৰ্থন কৰে। তেওঁ বিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহ কেথলিকসকলক হোলী ফুড (পবিত্ৰ খাদ্য)ৰ অধিকাৰ দিব বিচাৰে।
  • কাৰ্ডিনেল মেটিও জুপি: কেথলিক গীৰ্জাৰ অন্যতম প্ৰগতিশীল আৰু প্ৰভাৱশালী  কাৰ্ডিনেল মেটিও জুপি। এইগৰাকী কাৰ্ডিনেলক ফ্ৰান্সিছৰ অন্যতম প্ৰিয় নেতা হিচাপে গণ্য কৰা হয়। তেওঁৰ বয়স ৬৯ বছৰ। তেওঁ গীৰ্জাৰ ভিতৰত জুপিক অন্তৰ্ভুক্তি আৰু আলোচনাৰ সমৰ্থক হিচাপে পৰিচিত।
  • কাৰ্ডিনেল ৰেমণ্ড বাৰ্ক: এইগৰাকী কাৰ্ডিনেলৰ বয়স ৭০ বছৰ। ২০১০ চনত পোপ ষোড়শ বেনেডিক্টে তেওঁক কাৰ্ডিনেল হিচাপে নিযুক্তি দিছিল। বিবাহ বিচ্ছেদ হোৱা আৰু পুনৰ বিবাহিত দম্পতীক তেওঁ হোলী ফুড দিয়াৰ অধিকাৰ বঞ্চিত কৰিব বিচাৰে।
  • কাৰ্ডিনেল লুইছ এণ্টনিঅ’ টেগলে: তেওঁৰ বয়স ৬৭ বছৰ। যদি তেওঁ পোপ নিৰ্বাচিত হয় তেন্তে তেওঁ ইতিহাসৰ প্ৰথম এছিয়ান পোপ হ’ব । ২০১২ চনত পোপ ষোড়শ বেনেডিক্টে তেওঁক কাৰ্ডিনেল হিচাপে নিযুক্তি দিছিল। তেওঁ বিশেষকৈ LGBTQ সমূদায়, অবিবাহিক মহিলা, বিবাহ-বিচ্ছেদ হোৱা কেথলিক আদিক কঠোৰ ভাষাৰে নিন্দা কৰে।
সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan