প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান, ১.৪ বিলিয়ন ভাৰতীয়ৰ নামত উৎসৰ্গা…

ঘানাৰ ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীত ৰাষ্ট্ৰপতি মহামাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান ভাৰতৰ নাগৰিকক উৎসৰ্গা কৰাৰ লগতে ইয়াৰ বাবে ঘানাক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান, ১.৪ বিলিয়ন ভাৰতীয়ৰ নামত উৎসৰ্গা...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান

Updated On: 

03 Jul 2025 | 08:18 AM

২ দিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ঘানাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে। ঘানাত প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰৰ লগতে ২১ বন্দুকৰ চেলুট দিয়া হয়। একে সময়তে ঘানাত প্ৰধানমন্ত্ৰী মোদীক ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হয়।

ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰপতি মহামাই প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান ভাৰতৰ নাগৰিকক উৎসৰ্গা কৰাৰ লগতে এই সন্মানৰ বাবে ঘানাক ধন্যবাদ জনায়।

‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত হোৱাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘ঘানাৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত হোৱাটো মোৰ বাবে অতি গৌৰৱ আৰু সন্মানৰ বিষয়। ৰাষ্ট্ৰপতি মহামা, ঘানা চৰকাৰ আৰু ঘানাৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ এই সন্মান বিনম্ৰতাৰে স্বীকাৰ কৰিছো। এই সন্মান মই আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত, আমাৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু পৰম্পৰা আৰু ভাৰত আৰু ঘানাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ নামত উৎসৰ্গা কৰিছো’।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘মই ঘানাৰ জনসাধাৰণ আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মোক ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰিছে। এই সন্মান আমাৰ যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত, তেওঁলোকৰ আকাংক্ষা, আমাৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু ভাৰত আৰু ঘানাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত। এই সন্মান এটা দায়িত্ব, যাতে ভাৰত-ঘানাৰ বন্ধুত্ব শক্তিশালী কৰাৰ দিশত কাম কৰিব পৰা যায়। ভাৰতে সদায় ঘানাৰ জনসাধাৰণৰ সৈতে থিয় দিব আৰু বিশ্বাসযোগ্য বন্ধু আৰু উন্নয়নৰ অংশীদাৰ হিচাপে অৰিহণা যোগাই থাকিব’।

তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ সৈতে বৈঠকত মিলিত হয়। আলোচনাৰ অন্তত ভাৰত আৰু ঘানাৰ বিষয়াসকলে দুয়োখন দেশৰ মাজত চাৰিখন চুক্তি স্বাক্ষৰ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ৰাষ্ট্ৰপতি মহামা আৰু তেওঁ ভাৰত আৰু ঘানাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...