প্ৰথমে প্ৰট’কল ভংগ! পাছত পুটিনক এক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

Modi-Putin: বৰ্তমান ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। এই সময়চোৱাত ৰাছিয়া আৰু ভাৰতৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ লগতে ই দেশ দুখনৰ সম্পৰ্কক অন্য এক শিখৰলৈ লৈ যাব বুলি আশা কৰা হৈছে।

প্ৰথমে প্ৰটকল ভংগ! পাছত পুটিনক এক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে...

পুটিনলৈ মোদীৰ উপহাৰ

Published: 

05 Dec 2025 | 06:53 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে ৪ ডিচেম্বৰত ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। এই সময়চোৱাত মোদীয়ে প্ৰট’কল ভংগ কৰি পুটিনক ব্যক্তিগতভাৱ আদৰিবলৈ উপস্থিত হয় পালাম বিমানবন্দৰত। তাৰ পৰা দুয়োজন নেতাই একেখন গাড়ীতে যাত্ৰা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গত আদৰণি জনায়, য’ত দুয়োগৰাকী নেতাৰ মাজত অনানুষ্ঠানিক আহাৰ গ্ৰহণ হয়।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ান ভাষাত লিখা ‘গীতা’ উপহাৰ দিয়ে পুটিনক। এই সন্দৰ্ভত মোদীয়ে কয় যে, গীতাৰ বাখ্যাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰে। সামাজিক মাধ্যমত এই সন্দৰ্ভত মোদীয়ে লিখে যে, “ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাত শ্ৰীমদভাগৱত গীতাৰ প্ৰতিলিপি উপহাৰ প্ৰদান কৰো। গীতাৰ শিক্ষাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।”

মোদীয়ে কি কয়

দিল্লীৰ পালাম বিমান বন্দৰত পুটিন উপস্থিত হোৱাৰ পাছতে মোদীয়ে তেওঁক আদৰণি জনায়। তাৰ পাছত টুইট কৰি মোদীয়ে কয় যে, , “মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো। আজি সন্ধিয়া আৰু কাইলৈ ​​আমাৰ আলোচনাৰ বাবে মই আগ্ৰহী। ভাৰত-ৰাছিয়াৰ বন্ধুত্বই সময়ৰ পৰীক্ষাত থিয় দিছে, আমাৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিছে।”

উল্লেখ্য যে, পুটিনৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। এই ভ্ৰমণে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে দুই দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰৰ সম্ভাৱনা আছে। আজি পুটিনে ২৩ সংখ্যক ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি আৰু কেইবাখনো  বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। পুটিনৰ এই ভাৰত ভ্ৰমণত এতিয়া সমগ্ৰ বিশ্বৰ নজৰ আছে। ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ সংঘাত আৰম্ভ হোৱাৰ পাছত এয়া পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ ডাঙৰ পৰিকল্পনা! পুটিনৰ ভাৰতে ভ্ৰমণে টোপনি কাঢ়িছে পাকিস্তানৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...