উৰণৰ সময়তে ইঞ্জিন বিকল! পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা…
পুনৰ সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা। উৰণৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাণৱেত বাগৰি পৰে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

বিমানখন
পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে দুৰ্ঘটনাতপতিত হৈ বিমান এখন ভাঙি পৰে। মূহুৰ্ততে জুইৰ শিখাই আগুৰি ধৰে ৰাণৱেৰ চাৰওফাল। এই ঘটনাত বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনা লণ্ডনত সংঘটিত হৈছে । ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।
প্ৰাৰম্ভিক খবৰ অনুসৰি বিমানখন নেদাৰলেণ্ডৰ লেলিষ্টাড অভিমুখে গৈ আছিল যদিও উৰণৰ পিছত বিমানখন জুই লাগি ৰাণৱেৰ ওচৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এইখন আছিল সৰু যাত্ৰীবাহী বিমান বিচক্ৰাফ্ট বি২০০ ।
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে ৰাণৱেত বিয়পি পৰে অগ্নিকাণ্ড। লণ্ডন আৰক্ষীৰ সূত্ৰ অনুসৰি, লণ্ডন সময় অনুসৰি বিয়লি প্ৰায় ৪ বজাত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। উৰণৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত বিমানখনত জুই লাগে আৰু নিমিষতে ধ্বংস হৈ যায়। লগে লগে চাৰিওফালে জুই আৰু ধোঁৱা বিয়পি পৰে। যিয়ে আতংকৰ সৃষ্টি কৰে বিমান বন্দৰত থকা যাত্ৰীসকলৰ মাজত।
🚨🇬🇧 BREAKING: PLANE CRASH AT LONDON SOUTHEND AIRPORT
A Beechcraft Super King Air light aircraft crashed shortly after takeoff from London Southend Airport, erupting into a massive fireball visible from the terminal.
Praying for Everyone’s safety🙏
— Sarcasm (@sarcastic_us) July 13, 2025
দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে এচেক্স আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স চাৰ্ভিচে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হতাহতৰ সংখ্যা স্থানীয় প্ৰশাসন আৰু বিমান কৰ্তৃপক্ষই নিশ্চিত কৰিছে। জানিব পৰা মতে, ১২ মিটাৰ দৈৰ্ঘ্যৰ বিমানখনত পাইলটকে ধৰি সৰ্বাধিক ১১জন যাত্ৰী আছিল। এই দুৰ্ঘটনাত আটাইকেইজন যাত্ৰীৰ মৃত্য হোৱাৰ আশংকা কৰা হৈছে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মাটিত খুন্দা মৰাৰ লগে লগে ই ভাঙি জুইৰ বললৈ ৰূপান্তৰিত হয় আৰু ৰাণৱেত বাগৰি পৰে। এই দৃশ্যটো অতি ভয়ংকৰ আছিল। কোনো লোকৰ জীৱিত আছে নে নাই সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য পোৱা নাই। অৱশ্যে প্ৰশাসনে জনোৱা অনুসৰি এই ঘটনাত জীৱিত লোকৰ সম্ভাৱনা অতি কম।
এচেক্স আৰক্ষীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, “চাউথেণ্ড বিমানবন্দৰত বিমান দুৰ্ঘটনাৰ খবৰৰ আমি লাভ কৰিছো আৰু সহায় আগবঢ়াইছো। আমাৰ জৰুৰীকালীন সেৱা তাত উপস্থিত আছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে।”
দুৰ্ঘটনাৰ স্পষ্ট কাৰণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিত ঘোষণা কৰা হোৱা নাই। প্ৰাৰম্ভিত তদন্ত অনুসৰি, কাৰিকৰী বিজুতি বা ইঞ্জিন বিকল হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে । সম্প্ৰতি বিমানবন্দৰ কৰ্তৃপক্ষই ৰাণৱে বন্ধ কৰি দিয়াৰ লগতে সকলো বিমান সেৱা বন্ধ কৰি তদন্ত আৰম্ভ কৰিছে। সকলো যাত্ৰীক সাৱধান থাকিবলৈ আহ্বান জনাইছে বিমান বন্দৰ কৰ্তৃপক্ষই।
অন্য খবৰ পঢ়কঃ পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ…