পাকিস্তানী ছেজল কাপুৰ কোন! জালত পৰিছিল ৯৮জন ভাৰতীয় সেনা বিষয়া-কৰ্মচাৰী, সাৰি যোৱা নাছিল ব্ৰহ্ম’ছৰ ইঞ্জিনিয়াৰ…

পাকিস্তানী চোৰাংচোৱাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ভাৰতীয় তদন্তকাৰী সংস্থাই। ইয়াৰ মাজতে পোহৰলৈ আহিছে এটা নাম, যিয়ে বহু ভাৰতীয় চৰকাৰী বিষয়াক জালত পেলোৱাৰ চেষ্টা কৰিছিল।

পাকিস্তানী ছেজল কাপুৰ কোন! জালত পৰিছিল ৯৮জন ভাৰতীয় সেনা বিষয়া-কৰ্মচাৰী, সাৰি যোৱা নাছিল ব্ৰহ্মছৰ ইঞ্জিনিয়াৰ...

হেক (প্ৰতীকী ফটো)

Published: 

21 May 2025 | 03:30 PM

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ পাছতে ভাৰতৰ তদন্তকাৰী সংস্থাই চোৰাংচোৱাসকলৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে। এই অভিযানতে গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ইউটিউবাৰ জ্যোতি মালহোত্ৰা। বৰ্তমানলৈ জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাই বিশেষ তথ্য প্ৰকাশ কৰা নাই যদি তদন্তকাৰী সংস্থাসমূহ এনে চোৰাংচোৱাসকলৰ প্ৰতি সতৰ্ক হৈ উঠিছে। এই সময়চোৱাত পাকিস্তানৰ হৈ চোৰাংচোৱা কৰা বহু লোক গ্ৰেপ্তাৰ হৈছে।

এতিয়া তদন্তকাৰী সংস্থাই এনে এজন পাকিস্তানী চোৰাংচোৱাৰ বিষয়ে বিচাৰি উলিয়াইছে যিয়ে পাকিস্তানত বহি ভাৰতৰ বহু সেনা, চৰকাৰী বিষয়াক লক্ষ্য কৰি লৈছিল। ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ছেজল কাপুৰ নামৰ ফেচবুক একাউণ্টৰ পৰা ৯৮ জনতকৈ অধিক লোকক টাৰ্গেট কৰা হৈছিল আৰু ইয়াৰে অধিকাংশই আছিল চৰকাৰী কৰ্মচাৰী বা সামৰিক জোৱান। ইয়াৰ ভিতৰত ব্ৰহ্মছ মিছাইল ইঞ্জিনিয়াৰো আছে।

ঘটনাটো কি ?

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশৰ এছটিএফ আৰু সেনাৰ ইন্টেলিজেন্স ইউনিটে পাকিস্তানৰ পৰা পৰিচালিত ছেজল কাপুৰ নামৰ এটা ফেচবুক একাউন্টৰ সন্ধান উলিয়াইছে। জানিব পৰা মতে, এই একাউন্টৰ জৰিয়তে ভাৰতীয় সেনা, নৌ সেনা, বায়ু সেনা আৰু অন্যান্য সামৰিক প্ৰতিষ্ঠানত কৰ্মৰত ৯৮ জন কৰ্মচাৰীৰ হানি ট্ৰেপিং কৰি গুৰুত্বপূৰ্ণ তথ্য আহৰণৰ চেষ্টা কৰিছিল।

কেনেকৈ জালত পেলাইছিল?

ছেজল কাপুৰে নিজৰ টাৰ্গেটক কিছুমান বিশেষ লিংক, ফটো আৰু ভিডিঅ’ৰ জৰিয়তে জালত পেলোৱাৰ চেষ্টা কৰিছিল। টাৰ্গেটৰ সৈতে কথা-বতৰা আৰম্ভ হোৱাৰ পাছতে লিংক শ্বেয়াৰ কৰা আৰম্ভ কৰিছিল। যেতিয়াই লোকজনে সেই লিংকটোত ক্লিক কৰিছিল তেতিয়াই এটা এপ নিজে নিজে ডাউনলোড হৈ গৈছিল। ডাউনলোড হোৱাৰ পাছত ইয়াত ব্যৱহাৰাকীক এটা ক’ড দিবলৈ কোৱা হয়। ক’ডটো দিয়াৰ লগে লগে এই এপটোৱে কম্পিউটাৰত থকা সকলো ফাইল (যেনে ফটো, ৱৰ্ড ডকুমেণ্ট, এক্সেল শ্বীট আদি) স্কেন কৰিবলৈ আৰম্ভ কৰে। ই এটা অতি ভয়ংকৰ প্ৰক্ৰিয়া, ইয়াৰোপৰি ইয়াক এনেকৈ বনোৱা হৈছিল যে সামান্য এন্টি ভাইৰাছে ইয়াৰ বিষয়ে একো ধৰা পেলাবলৈ সক্ষম নাছিল।

ব্ৰহ্ম’ছৰ ইঞ্জিনিয়াৰ

পাকিস্তানৰ এইগৰাকী মহিলাৰ পৰা সাৰি যোৱা নাছিল ব্ৰহ্ম’ছৰ ইঞ্জিনিয়াৰো। নাগপুৰস্থিত ব্ৰহ্ম’ছ এৰ’স্পেচত জ্যেষ্ঠ চিষ্টেম ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত নিশান্ত আগৰৱাল এই জালত পৰিছিল। তেওঁৰ লেপটপত Qwhisper, Chat to Hire আৰু X-trust নামৰ তিনিটা বিপদজনক এপ ইনষ্টল কৰিছিল। জেৰাৰ সময়ত পোহৰলৈ আহিছে যে নিশান্তে ফেচবুক আৰু লিংকডিনৰ জৰিয়তে ছেজলৰ লগত চিনাকী হৈছিল। ছেজলে নিজকে Hays Aviation ৰ মেনেজাৰ বুলি কৈছিল। ইয়াৰোপৰি কেতিয়াবা তেওঁ নিজকে মানচেষ্টাৰৰ ছাত্ৰী বুলি কৈছিল।

অৱশ্যে এয়া প্ৰায় নিশ্চিত যে, ছেজল কাপুৰ আছিল এটা ফেক একাউন্ট। ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! এই ৩ টা প্ৰশ্নৰ উত্তৰ দিয়া নাই জ্যোতি মালহোত্ৰাই, বিপথে পৰিচালিত কৰাৰ চেষ্টা তদন্তকাৰী সংস্থাক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব