এয়া কি কাণ্ড! অপাৰেচন কক্ষৰ বিচনাত অচেতন ৰোগী, কক্ষ এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক
চিকিৎসকজনে এগৰাকী নাৰ্ছক ৰোগীজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত চকু ৰাখিবলৈ কৈ কোঠাৰ পৰা ওলাই যায়। পিছে সেই অপাৰেচন কক্ষ এৰি আন এটা অপাৰেচন কক্ষত তেওঁ চলায় আন এক ‘অপাৰেচন’। কৰ্তব্যৰত আন এগৰাকী নাৰ্ছে সেই সময়তে তেওঁলোকক আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰে।

প্ৰতিনিধিত্বমূলক ছবি
যৌনতা কোনো অপৰাধ নহয়। পিছে এই যৌনতাৰ গুৰুত্ব সুস্থ মানসিকতা আৰু স্থান-কালৰ ওপৰত নিৰ্ভৰশীল। কিন্তু পাকিস্তান মূলৰ এগৰাকী চিকিৎসকে যি কাণ্ড ঘটালে, সেই ঘটনাই আপোনাৰ চকু কপালত তুলিব। এই চিকিৎসকজনে নিজৰ যৌন লিপ্সা পূৰণৰ বাবে আনকি এগৰাকী ব্যক্তিৰ জীৱনৰ সৈতেও হেতালি খেলিলে। এগৰাকী ৰোগীক অচেতন অৱস্থাতে অপাৰেচন কক্ষৰ বিচনাত এৰি এই চিকিৎসকজন আন এটা কোঠাত সোমাল আৰু এগৰাকী নাৰ্ছৰ সৈতে লিপ্ত হ’ল সংগমত। তেওঁৰ এই কাণ্ড আন এগৰাকী নাৰ্ছৰ চকুত পৰাৰ পিছতে লাগিল হুৱাদুৱা।
এই তথ্য পোহৰলৈ আহে ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ জৰিয়তে। জানিব পৰা মতে অভিযুক্ত চিকিৎসকজনৰ নাম ডাঃ সুহাইল আঞ্জুম। ইংলেণ্ডৰ গ্ৰেটাৰ মানচেষ্টাৰৰ টেমছাইড হাস্পতালত তেওঁ কনচালটেণ্ট এনাস্থেচিষ্ট হিচাপে কাম কৰিছিল। কিন্তু তেওঁৰ এই কুকৰ্ম পোহৰলৈ অহাৰ পিছত চিকিৎসালয়ৰ চাকৰি এৰি পাকিস্তানলৈ উভতি আহিবলগা হয়।
শেহতীয়াকৈ তেওঁ পুনৰ কামত যোগদান কৰিবলৈ আবেদন জনায় আৰু পূৰ্বৰ কাণ্ডৰ বাবে ক্ষমা ভিক্ষা কৰে। ইতিমধ্যে তেওঁ ব্ৰিটিছ ন্যায়াধিকৰণত স্বীকাৰ কৰিছে যে ২০২৩ চনৰ ১৬ ছেপ্টেম্বৰত পিত্তথলীৰ অস্ত্ৰোপচাৰৰ সময়ত ৰোগীজনক অচেতন কৰাৰ পিছত তেওঁ কিছু সময়ৰ বাবে অপাৰেচন থিয়েটাৰ এৰি আন এটা কোঠালৈ যায়। কিন্তু এয়া আছিল সম্পূৰ্ণ নিয়ম বিৰোধী কাৰ্য।
চিকিৎসকজনে এগৰাকী নাৰ্ছক ৰোগীজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত চকু ৰাখিবলৈ কৈ কোঠাৰ পৰা ওলাই যায়। পিছে সেই অপাৰেচন কক্ষ এৰি আন এটা অপাৰেচন কক্ষত তেওঁ চলায় আন এক ‘অপাৰেচন’। সেই কক্ষটোলৈ সোমাই গৈ চিকিৎসকজনে আন এগৰাকী নাৰ্ছৰ সৈতে যৌন সংগমত লিপ্ত হয়। কৰ্তব্যৰত আন এগৰাকী নাৰ্ছে সেই সময়তে তেওঁলোকক আপত্তিজনক অৱস্থাত প্ৰত্যক্ষ কৰে।
অপাৰেচন কক্ষৰ পৰা ওলাই যোৱাৰ পিছত প্ৰায় ৮ মিনিট সময় আনটো কক্ষত থাকে চিকিৎসকজন আৰু তাৰ পিছত পুনৰ অপাৰেচন থিয়েটাৰলৈ উভতি আহে। এই ঘটনাৰ বাবে পিছত ক্ষমা বিচাৰে চিকিৎসকজনে। তেওঁৰ অৱহেলাৰ বাবে ৰোগীজনৰ জীৱন বিপদত পৰাৰ সম্ভাৱনাও আছিল বুলি চিকিৎসকজনে লগতে কয়।
ৰোগীজনৰ কোনো ক্ষতি হোৱা নাছিল যদিও অৱশ্যে এই কাৰ্যৰ বাবে তেওঁ অনুশোচনা কৰে আৰু ক্ষমা বিচাৰে। এনে ভুল আৰু কেতিয়াও নহ’ব বুলিও তেওঁ লগতে কয়। ডাঃ অঞ্জুমে ন্যায়াধিকৰণত কয়, “মই এটা অতি লজ্জাজনক কাম কৰিলো। ইয়াৰ বাবে মই নিজৰ বাহিৰে আন কাকো দোষ দিব নোৱাৰো।” ৰোগীজনক অৱজ্ঞা কৰাৰ লগতে নিজকো হতাশ কৰা বুলি চিকিৎসকজনে কয়।
“মোক সন্মান কৰা মোৰ সহকৰ্মীসকলকো হতাশ কৰিছো। সেই নাৰ্ছগৰাকীকো মই অস্বস্তিকৰ পৰিস্থিতিত পেলাইছো। এই বৃত্তি মোৰ আবেগ। মই নাজানো কেনেকৈ আৰু কিয় এনেকুৱা হ’ল। যদি মোৰ হাতত আৰু সুযোগ থাকিলহেঁতেন, তেতিয়া মই কেতিয়াও এনেকুৱা হ’বলৈ নিদিলোহেঁতেন। সকলোৰে ওচৰত ক্ষমা বিচাৰিছো।”- নিজৰ কৃতকৰ্মৰ বাবে অনুশোচনা কৰি এইদৰে ক্ষমা খুজিছে চিকিৎসকজনে।
পাকিস্তানী চিকিৎসকজনে লগতে তেওঁৰ এই কাৰ্যৰ আঁৰৰ কাৰণো বাখ্যা কৰিছো। চিকিৎসকজনে উল্লেখ কৰা মতে সেই সময়ত তেওঁ এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছিল। তেওঁৰ সন্তান নিৰ্দিষ্ট সময়ৰ পূৰ্বেই জন্ম হৈছিল আৰু এই সময়ত তেওঁ পত্নীৰ পৰা বিচ্ছিন্ন হৈ আছিল। সেই সকলো ঘটনাই পেলোৱা মানসিক চাপৰ বাবেই তেওঁ এই ভুল কৰিছিল বুলি চিকিৎসকজনে লগতে কয়।