ভাৰতৰ সন্মুখত ডাঙৰ বিপদ! আমেৰিকাই পাকিস্তানক প্ৰদান কৰিব অতি শক্তিশালী AIM-120 AMRAAM মিছাইল…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্তই পুনৰ যেন বিপদত পেলাব পাৰে ভাৰতক। আমেৰিকাই পাকিস্তানক দিব AIM-120 AMRAAM মিছাইল। এই শক্তিশালী মিছাইলে ২০১৯ চনত ভাৰতীয় মিগ-২১ ক ধ্বংস কৰিছিল।

আমেৰিকা-পাকিস্তান
এইবাৰ আন এক প্ৰকাৰে আমেৰিকাই যেন ভাৰতক হেঁচা প্ৰয়োগৰ যো জা কৰিছে। তথ্য় অনুসৰি আমেৰিকাই পাকিস্তানক প্ৰদান কৰিব আধুনিক AIM-120 Advanced Medium-Range Air-to-Air Missile (AMRAAM) । এই মিছাইল অতি শক্তিশালী, যিয়ে ২০১৯ চনত ভাৰতৰ মিগ-২১ বাইছনক লক্ষ্য কৰি লৈছিল। এই শক্তিশালী ক্ষেপনাস্ত্ৰ এতিয়া পাকিস্তানে লাভ কৰিব।
আমেৰিকাৰ চুক্তি
শেহতীয়াকৈ আমেৰিকাৰ যুদ্ধ বিভাগে (DoW) এক অধিসূচনা জাৰি কৰি ৰেথিয়ন কোম্পানীৰ পৰা এয়াৰ টু এয়াৰ মিছাইল লাভ কৰিবলগীয়া দেশৰ নাম প্ৰকাশ কৰে। এই তালিতাক পাকিস্তানৰ নামো আছে। অৰ্থাৎপাকিস্তানে ৰেথিয়ন কোম্পানীৰ পৰা AIM-120 ক্ষেপণাস্ত্ৰ লাভ কৰিব। এই চুক্তি প্ৰায় ৪১.৬ মিলিয়ন ডলাৰৰ অতিৰিক্ত চুক্তিৰ অংশ, যাৰ মূল্য প্ৰায় ২.৫১ বিলিয়ন ডলাৰ হ’ব। এই চুক্তিৰ তালিকাত ব্ৰিটেইন, জাপান, চৌদি আৰব, তুৰস্ক আদি দেশৰ লগতে পাকিস্তানকো স্থান দিয়া হৈছে। ইয়াৰ অধীনত ২০৩০ চনৰ মে’ মাহৰ ভিতৰত এই মিছাইল ডেলিভাৰী সম্পূৰ্ণ হোৱাৰ লক্ষ্য লোৱা হৈছে।
PAF ৰ F-16
এই মিছাইলসমূহ পাকিস্তান বায়ুসেনা (পিএএফ) ৰ মেৰুদণ্ড স্বৰূপ F-16 যুঁজাৰু বিমানৰ সৈতে সামঞ্জস্যপূৰ্ণ। পি এ এফে ইতিমধ্যেই AIM-120C5 সংস্কৰণ ব্যৱহাৰ কৰি আছে, যাক ২০১০ চনত ইয়াৰ ব্লক-52 F-16ৰ সৈতে ক্ৰয় কৰা হৈছিল। এতিয়া AIM-120C8 সন্দৰ্ভত আলোচনা চলি আছে, যিবোৰ আমেৰিকা সেনাৰ AIM-120D মডেলৰ ৰপ্তানি সংস্কৰণ। এই সংস্কৰণটোৱে ১৫০ কিলোমিটাৰৰ ওপৰৰ দূৰত্বত শত্ৰুৰ বিমানত লক কৰিব পাৰে।
পাকিস্তানৰ সৈতে ঘনিষ্ঠতা
দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে পাকিস্তানৰ সৈতে ট্ৰাম্পৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। আমেৰিকাই ভাৰতক বাৰে বাৰে দমাব চেষ্টা কৰি আছে। বিশেষজ্ঞসকলৰ মতে, আগতে আমেৰিকাই ভাৰতৰ সৈতে ঘনিষ্ঠতা দেখুৱাইছিল। কিন্তু এতিয়া পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত কৰিছে। পাকিস্তানক যেন পুনৰ এক বিশেষ স্থানলৈ ঘূৰাই আনিব বিচাৰিছে ট্ৰাম্পে। ইয়াৰ মাজতে এতিয়া আমেৰিকাই পাকিস্তানক শক্তিশালী মিছাইল দিয়াৰ কথা ঘোষণা কৰিছে। নিঃসন্দেহে আমেৰিকাৰ এই পদক্ষেপে পাকিস্তানী বায়ুসেনাক শক্তিশালী কৰাৰ লগতে ভাৰতৰ বাবে এক ডাঙৰ বিপদ হ’ব।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ শেষ সকীয়নি! হামাছে কৰিব লাগিব এই কাম, নহ’লে হ’ব বিনাশ…