“সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰক পাকিস্তানে”, ডাঙৰ বাৰ্তা আমেৰিকাৰ…
বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে পাকিস্তানে । উদ্দেশ্য সন্ত্ৰাসবাদৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতি স্পষ্ট কৰা । এই প্ৰতিনিধি দলটোক শক্তিশালী বাৰ্তা দিছে আমেৰিকাই । পাকিস্তানত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানী প্ৰতিনিধি দলটোক আহ্বান জনাইছে আমেৰিকাই ।

আমেৰিকাত পাকিস্তানৰ প্ৰতিনিধি দল
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক পাকিস্তানে । এই বাৰ্তা আমেৰিকাৰ । শেহতীয়াকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা অপাৰেচন সেন্দূৰ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে । ভাৰতৰ এই পদক্ষেপক সমৰ্থনো কৰিছে বিশ্বৰ অধিকাংশ দেশে। তেনে সময়তে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে পাকিস্তানে । উদ্দেশ্য সন্ত্ৰাসবাদৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতি স্পষ্ট কৰা । এই প্ৰতিনিধি দলটোক শক্তিশালী বাৰ্তা দিছে আমেৰিকাই । পাকিস্তানত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানী প্ৰতিনিধি দলটোক আহ্বান জনাইছে আমেৰিকাৰ কংগ্ৰেছী ব্ৰেড শ্বাৰমানে।
তেওঁ এই ‘ঘৃণনীয়’ সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পাকিস্তানক। একে সময়তে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে আমেৰিকান কংগ্ৰেছীজনে।
পাকিস্তানে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কেইবাখনো দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে। শশী থাৰুৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দল ৱাশ্বিংটনত থকাৰ সময়ত পাকিস্তানী প্ৰতিনিধি দলো আমেৰিকাত উপস্থিত হয়। পাকিস্তানী প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে বিলোৱাল ভুট্টো জৰ্দাৰী। এই দলটোৱে বৃহস্পতিবাৰে ৱাশ্বিংটনত ব্ৰেড শ্বাৰমানক সাক্ষাৎ কৰে।
সন্ত্ৰাসবাদ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ যোৱা সেই প্ৰতিনিধি দলটোক পাকিস্তানত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে আমেৰিকাই। পাকিস্তানী প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকৰ অন্তত শ্বাৰমানে এক্স হেণ্ডেলত লিখিছে, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্ব দিবলৈ পাকিস্তানী প্ৰতিনিধি দলৰ সৈতে আলোচনা কৰা হৈছিল। বিশেষকৈ জইছ-ই-মহম্মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে কৰা হৈছিল আলোচনা ।”
২০০২ চনত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ডেনিয়েল পাৰ্লক জয়ছ-ই-মহম্মদে হত্যা কৰিছিল। শ্বাৰমানে কয় যে পাৰ্লৰ পৰিয়ালটো এতিয়াও পাকিস্তানতে থাকে। জইছ-ই-মহম্মদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ গ্ৰহণৰ বিষয়ে অৱগত কৰি আমেৰিকাৰ এইগৰাকী কংগ্ৰেছ সদস্যই কয়, “পাকিস্তানে এই জঘন্য গোটটোক নিৰ্মূল কৰিবলৈ যি কৰিব লাগে, সেয়া কৰা উচিত।”
শ্বাৰমানে পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈও আহ্বান জনায়। একে সময়তে আমেৰিকাৰ কংগ্ৰেছৰ এইগৰাকী সদস্যই পাকিস্তানী প্ৰতিনিধি দলটোক কাৰাগাৰৰ পৰা ওছামা বিন লাডেনক বন্দী কৰাত সহায় কৰা ডাঃ ছাকিল আফ্ৰিদিক মুকলি কৰি দিবলৈ আহ্বান জনাইছে।
প্ৰসংগ ক্ৰমে, ২০১১ চনৰ মে’ মাহত আমেৰিকাই পাকিস্তানত প্ৰৱেশ কৰি লাডেনক হত্যা কৰিছিল। পাকিস্তানী চিকিৎসক ছাকিল আফ্ৰিদীয়ে খাইবাৰ পাখতুনখোৱাত পলিঅ’ টিকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যাতে আমেৰিকাই লাডেনৰ পৰিয়ালৰ পৰা ডি এন এৰ নমুনা সংগ্ৰহ কৰিব পাৰে। তাৰ পিছত ২০১১ চনৰ মে’ মাহত আমেৰিকাই এবটাবাদত প্ৰৱেশ কৰি লাডেনক হত্যা কৰে। ২০১২ চনত পাকিস্তানৰ এখন আদালতে ছাকিলক ৩৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এইবাৰ শ্বাৰমানে পাকিস্তানী প্ৰতিনিধি দলক তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে আমেৰিকাই ।