বিশ্ব মঞ্চত অপমান! পুটিনৰ বাবে ৪০ মিনিট অপেক্ষা কৰি অকলে বহি থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী…

বৰ্তমান সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। ইয়াৰ কাৰণ হ'ল, পুটিনৰ বাবে তেওঁ ৪০ মিনিট সময় অপেক্ষা কৰিবলগীয়াত পৰে। যাৰ বাবে তেওঁ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বিশ্ব মঞ্চত অপমান! পুটিনৰ বাবে ৪০ মিনিট অপেক্ষা কৰি অকলে বহি থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী...

শ্বেহবাজ শ্বৰীফ

Updated On: 

13 Dec 2025 | 04:50 PM

বিশ্ব ৰাজনীতিত বৰ্তমান তীব্ৰ চৰ্চাত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। অৱশ্যে কোনো বিশেষ কাৰণত নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ ৪০ মিনিট অপেক্ষা কৰি এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে শ্বেহবাজ শ্বৰীফে। শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তুৰ্কমেনিস্তান ভ্ৰমণ কৰি ইন্টাৰনেশ্যনেল ফৰাম ফৰ পিচ এণ্ড ট্ৰাষ্টত অংশগ্ৰহণ কৰিছিল। য’ত উপস্থিত আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আদি।

এতিয়া পিছে চৰ্চাত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী। কিয়নো পুটিনক সাক্ষাৎ কৰিবলৈ তেওঁ ৪০ মিনিট অপেক্ষা কৰিবলগীয়াত পৰে। ইয়াৰ পাছতে এতিয়া পাকিস্তান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপমানৰ সন্মুখীন হৈছে। পিছে এতিয়া পোহৰলৈ আহিছে যে পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তুৰ্কীৰ বাবে শ্বৰীফে ইমান অপমান সহিবলগীয়াত পৰে। খবৰ অনুসৰি, শ্বৰীফে পুটিনক লগ কৰিবলৈ অপেক্ষা কৰি আছিল। এক মিনিট, দুই মিনিটকৈ পাৰ হৈছিল ৪০ মিনিট। এই গোটেই সময়খিনি শ্বেহবাজে অকলে বহি পুটিনক অপেক্ষা কৰে।

কিয় অপেক্ষা কৰিব লগা হ’ল

পোহৰলৈ অহা তথ্য অনুসৰি, ইয়াৰ আঁৰৰ কাৰণ তুৰ্কী। ৰাছিয়াৰ কমাৰ্চেণ্ট কাকতত এই ঘটনাৰ সবিশেষ প্ৰকাশ পাইছে। য’ত কোৱা হৈছে যে, পুটিনৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ সৈতে দীঘলীয়া বৈঠক চলিছিল। যাৰ বাবে তেওঁলোকৰ বৈঠক অনুষ্ঠিত হোৱা কাষৰ কোঠাটোত শ্বেহবাজ শ্বৰীফে অপেক্ষা কৰিবলগীয়া হৈছিল। অপেক্ষা কৰি কৰি ভাগৰি পৰিছিল শ্বেহবাজ। পাছত উপাই নাপাই তেওঁ উঠি পোনে পোনে পুটিন আৰু এৰদোগানৰ থকা কোঠাটোলৈ যায়। খবৰ অনুসৰি, পুটিনৰ সৈতে তেওঁৰ কোনো আনুষ্ঠানিক আলোচনা নহ’ল।

পাকিস্তানে কি কয়,

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে শ্বাহবাজ শ্বৰীফে তুৰ্কী, তুৰ্কমেনিস্তান, ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে  দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ উপৰিও তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, তাজিকিস্তানৰ ৰাষ্ট্ৰপতি ইমোমালি ৰহমন, কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰভৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হয়।

 

 

অন্য খবৰ পঢ়কঃ ৬.৭ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প! সমগ্ৰ দেশত ছুনামীৰ সতৰ্কবাণী জাৰি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...