ট্ৰাম্পলৈ মৰম পাকিস্তানৰ! নোবেল শান্তি পুৰস্কাৰ প্ৰদানৰ বাবে ড’নাল্ড ট্ৰাম্পৰ নাম মনোনয়ন

পাকিস্তানে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপকাৰৰ ঋণ পৰিশোধ কৰাত ব্যস্ত। আচলতে ট্ৰাম্পে দাবী কৰিছিল যে, তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিছিল। এতিয়া এই হস্তক্ষেপৰ বাবে ট্ৰাম্পক শান্তি নোবেল বঁটাৰ বাবে মনোনীত কৰিছে পাকিস্তানে।

ট্ৰাম্পলৈ মৰম পাকিস্তানৰ! নোবেল শান্তি পুৰস্কাৰ প্ৰদানৰ বাবে ডনাল্ড ট্ৰাম্পৰ নাম মনোনয়ন

নোবেল শান্তি পুৰস্কাৰ প্ৰদানৰ বাবে ড'নাল্ড ট্ৰাম্পৰ নাম মনোনয়ন

Updated On: 

21 Jun 2025 | 08:33 AM

পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। এই অভিযানৰ পৰা বাচিবলৈ পাকিস্তানে আমেৰিকাৰ পৰা সহায় লৈছিল। একে সময়তে ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে তেওঁ দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি আনে। এতিয়া ট্ৰাম্পৰ এই অনুগ্ৰহৰ প্ৰতিদান দিবলৈ পাকিস্তানে ২০২৬ চনৰ শান্তি নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিছে।

এই বিষয়ে পাকিস্তান চৰকাৰে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্স(X)ত পোষ্ট কৰিছে। পাকিস্তান চৰকাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ২০২৬ চনৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছে। শেহতীয়া ভাৰত-পাকিস্তান সংকটৰ সময়ত তেওঁৰ নিৰ্ণায়ক কূটনৈতিক হস্তক্ষেপ আৰু নেতৃত্বৰ বাবে পাকিস্তান চৰকাৰে ২০২৬ চনৰ ন’বেল বঁটাৰ বাবে আনুষ্ঠানিকভাৱে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে।

অসীম মুনিৰৰ ভ্ৰমণৰ পিছত লোৱা সিদ্ধান্ত

বুধবাৰে হোয়াইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পে পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰক আতিথ্য দিয়াৰ পিছতে পাকিস্তানে ট্ৰাম্পক মনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাকিস্তানৰ জিঅ’ নিউজৰ মতে, মুনিৰে ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। অৱশ্যে দুয়োৰে মাজত কি আলোচনা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। মুনিৰৰ ওচৰত “ফিল্ড মাৰ্শ্বাল” উপাধি আছে।

আচলতে ট্ৰাম্পক মনোনীত কৰাৰ এই সিদ্ধান্ত মুনীৰৰ ভ্ৰমণৰ পিছতহে আহিছে। অৱশ্যে এই কথাও পোহৰলৈ আহিছে যে মুনিৰে ইতিমধ্যে ট্ৰাম্পক নোবেল শান্তি বঁটাৰ বাবে মনোনীত কৰা উচিত বুলি কৈছিল। মুনিৰে ট্ৰাম্পক মনোনীত কৰাৰ পোষকতা কৰিছিল। ইয়াৰ সমান্তৰালকৈ মুনিৰে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনা বন্ধ কৰাৰ লগতে যুদ্ধবিৰতিৰ কৃতিত্বও দিছিল ট্ৰাম্পক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...