পাকিস্তানত প্ৰাণ গ’ল ২০ জন হিন্দু লোকৰ! ধ্বংসস্তূপৰ পৰা উদ্ধাৰ ৩ মহীয়া এটি শিশু…

পাকিস্তানত মৃত্যু হয় প্ৰায় ২০ জন হিন্দু লোকৰ। জানিব পৰা মতে, এটা অট্টালিকা খহি মৃত্যু হয় আটাইকেইজনৰ। এই সকলোকেইজন এটা পৰিয়ালৰ আছিল। ইফালে প্ৰাণ ৰক্ষা পৰে এটি শিশুৰ।

পাকিস্তানত প্ৰাণ গল ২০ জন হিন্দু লোকৰ! ধ্বংসস্তূপৰ পৰা উদ্ধাৰ ৩ মহীয়া এটি শিশু...

অট্টালিকা ধ্বংস

Updated On: 

08 Jul 2025 | 10:42 AM

পাকিস্তানত মৃত্যু ২৭ গৰাকীকৈ হিন্দু লোকৰ। ইয়াৰে ২০ জন আছিল একেটা পৰিয়ালৰ। জানিব পৰা মতে, চুবুৰীয়া ৰাষ্ট্ৰখনত এটা অট্টালিকা ৰহস্যজনকভাৱে খহি পৰে। কৰাচীৰ ল্যাৰী অঞ্চলত ৫ মহলীয়া অট্টালিকাটো ভাঙি যোৱাৰ ফলত মৃত্যু হয় কেইবাজনো লোকৰ। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰোতে প্ৰায় ৫৩ ঘন্টা সময় লাগে। এই ঘটনাত মৃত্যু হোৱা অধিকাংশ লোকেই হিন্দু।

BBC য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ঘটনাত মৃত্যু হোৱা ২৭ জন লোকৰ ভিতৰত ২০ জন হিন্দু সম্প্ৰদায়ৰ, এই আটাইকেইজন একেটা পৰিয়ালৰ। কিন্তু আচৰিত কথা এয়াই যে, এই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে এটি ৩ মহীয়া কন্যাৰ। শিশুটিয়ে সামান্য আঘাত পাইছিল যদিও বিশেষ একো ক্ষতি হোৱা নাছিল। কেনেকৈ এই শিশুটিৰ প্ৰাণ ৰক্ষা পৰিল এই কথাই আচৰিত কৰি তুলিছে সকলোকে।

এই দুৰ্ঘটনাৰ পাছতে এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনা কিয় সংঘটিত হ’ল, কাৰ গাফলতি এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। এই ঘটনাৰ কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও সিন্ধ চৰকাৰে দাবী কৰিছে যে অঞ্চলটোত প্ৰায় ২২টা জৰাজীৰ্ণ অট্টালিকা আছে। ইয়াৰ ভিতৰত ১৪টা অট্টালিকা খালী কৰা হৈছে। এই অট্টালিকাটোও সম্ভৱতঃ জৰাজীৰ্ণ আছিল,  যি দুৰ্বল হোৱাৰ বাবে ভাঙি যায়।

এই ঘটনাতেই ২৭ জন লোকৰ প্ৰাণ যায় যদিও আলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰে শিশুটিৰ। ঘটনা সন্দৰ্ভত উদ্ধাৰকৰ্মী মাজহাৰ আলীয়ে বিবিচিক জনোৱা মতে, যেতিয়া তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে সেই স্থানত উপস্থিত হয়, তেতিয়াই ধ্বংসাৱশেষৰ তলত সম্ভাৱ্য জীৱিত লোকৰ সন্ধান আৰম্ভ কৰা হয়। তেওঁ আৰু কয়, “আমি ধ্বংসাৱশেষৰ ওচৰত তিনিমহীয়া কন্যা এগৰাকীক জীৱিত আৰু সুস্থ অৱস্থাত পাইছিলো। আনহাতে কিছু দূৰৈত ছোৱালীজনীৰ মাতৃ আৰু পৰিয়ালৰ কেইবাজনো সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছিল। শিশুটিৰ শৰীৰ ধূলিৰে আবৃত হোৱাৰ লগতে সামান্য আঘাতৰ বাবে নাকৰ পৰা তেজ ওলাইছিল। ইয়াৰ বাহিৰে শিশুটিয়ে আন কোনো আঘাত লাভ কৰা নাছিল”।

তেওঁ কয় যে, শিশুটি উদ্ধাৰ হোৱা স্থানৰ কিছু নিলগৰ পৰা তেওঁৰ মাতৃৰ মৃতদেহ ধ্বংসাৱশেষৰ মাজৰ পৰা কাটি উলিওৱা হয়। সম্ভৱতঃ অট্টালিকাটো খহি পৰাৰ সময়ত শিশুটিৰ মাতৃয়ে তেওঁক দূৰলৈ দলিয়াই দিয়ে। যাৰ বাবে প্ৰাণ ৰক্ষা পৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ ৭৫০ টকা খৰচ কৰি পাতিলে বিয়া! পিছে আয় কৰে কোটি কোটি টকা, কোন এই জনপ্ৰিয় অভিনেতা?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব