পহলগাম আক্ৰমণৰ পাছতেই মিছাইল পৰীক্ষণৰ প্ৰস্তুতি পাকিস্তানৰ, ইফালে ভাৰতত সক্ৰিয় INS বিক্ৰান্ত…

তুংগত উঠিছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা। ইয়াৰ মাজতে পাকিস্তানে মিছাইল পৰীক্ষণৰ প্ৰস্তুতি চলাই আছে। উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দেশ দুখনৰ মাজত উত্তেজনা অধিক বৃদ্ধি পাইছে।

পহলগাম আক্ৰমণৰ পাছতেই মিছাইল পৰীক্ষণৰ প্ৰস্তুতি পাকিস্তানৰ, ইফালে ভাৰতত সক্ৰিয় INS বিক্ৰান্ত...

ভাৰত-পাকিস্তান

barasha-sarma
Published: 

24 Apr 2025 15:34 PM

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে তুংগত উঠিছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা। ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে। লগতে ভাৰত চৰকাৰে পাকিস্তানক সকীয়নি দিবলৈ সিন্ধু জল চুক্তিৰ লগতে বিভিন্ন দিশত নিষেধাজ্ঞা আৰোপ কৰিছে।  ভাৰতে কঠোৰা বাৰ্তা দিছে যে,কোনো পধ্যেই সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহয় আৰু বিচাৰি বিচাৰি সকলোকে শাস্তি প্ৰদান কৰা হ’ব। এই ঘটনাৰাজিৰ সমান্তৰালকৈ হাত সাৱতি বহি থকা নাই পাকিস্তানো। চুবুৰীয়া ৰাষ্ট্ৰখনে আৰম্ভ কৰিছে বিশেষ প্ৰস্তুতি।

২০২৫ চনৰ ২৪ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিলৰ ভিতৰত আৰব সাগৰৰ ক্ষেত্ৰত জাহাজ ভিত্তিক ক্ষেপণাস্ত্ৰ (Ship-based missile) পৰীক্ষণৰ বাবে পাকিস্তানে NOTAM (Notification to Airmen) জাৰি কৰিছে। জানিব পৰা মতে, এই পৰীক্ষণৰ ৰেঞ্জ প্ৰায় ৪৮০ কিলোমিটাৰ। এই সতৰ্কবাণী নিম্ললিখিত স্থানাংকসমূহৰ মাজত জাৰি কৰা হৈছে। সেয়া হ’ল-২২.৭৫৯৪২৬, ৬২.৫৭৪১৪১ৰ পৰা ২৩.০০৬০১২, ৬৬.৮৫০৪৪৩। এই অঞ্চলটো সাগৰৰ পশ্চিম দিশত অৱস্থিত, য’ত সাধাৰণতে নৌসেনাৰ কাৰ্যকলাপ দেখা যায়।

Pak Messile 1024x576

পাকিস্তানে জাৰি কৰিছে ন’ ফ্লাই জ’ন অৰ্ডাৰ

ভাৰতৰ INS বিক্ৰান্ত

ইয়াৰ বিপৰীতে ভাৰতে আৰৱ সাগৰত INS বিক্ৰান্তক সক্ৰিয় কৰিছে। ছেটেলাইটৰ ছবিৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে এয়াৰক্ৰাফ্টখন কৰ্ণাটকৰ কাৰৱাৰ উপকূলৰ ওচৰত টহল দি আছে। পহলগাম আক্ৰমণক লৈ সমগ্ৰ দেশত ক্ষোভৰ সৃষ্টি হোৱাৰ পাছতে আই এন এছ বিক্ৰান্তক সক্ৰিয় কৰা হৈছে। ইতিমধ্যে কূটনৈতিক পৰ্যায়ত ভাৰতে পাকিস্তানৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক বিচ্ছিন্ন কৰিছে আৰু এতিয়া নিৰাপত্তাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়।

আই এন এছ বিক্ৰান্ত

ইয়াৰ পূৰ্বে ২০১৯ চনত সংঘটিত হৈছে জম্মু-কাশ্মীৰ পুলৱামা আক্ৰমণৰ ঘটনা। সেই সময়ত ভাৰতে বায়ু আৰু স্থল পথ ব্যৱহাৰ কৰি প্ৰতিশোধ লোৱা দেখা গৈছিল। কিন্তু এইবাৰ উত্তেজনা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা সাগৰ আৰু সীমান্তটো দেখিবলৈ পোৱা যয়া। যদি যুদ্ধ হয়, তেন্তে ভাৰতে জল যুদ্ধ কৰাৰ সম্ভাৱনা নথকা নহয়।

 

 

অন্য খবৰ পঢ়কঃ কল্পনাতকৈ বহু ওপৰত…বিচাৰি বিচাৰি শাস্তি দিয়া হ’ব সন্ত্ৰাসবাদী আৰু সমৰ্থনকাৰী প্ৰতিজনকঃ মোদী

মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক