ভয়ংকৰ বিপদত পাকিস্তান! এতিয়া সেনাৰ নিয়ন্ত্ৰণত নাই পাকিস্তানৰ এই ২টা অঞ্চল

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে বেলুচ যোদ্ধাসকলে পাকিস্তান সেনাবাহিনীক ভয়াৱহ আঘাত হানিছে। যোদ্ধাসকলে কেচ, পঞ্জগুৰৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চল দখল কৰি পাকিস্তানী সেনাক পিছলৈ ঠেলি দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাকিস্তান চৰকাৰে প্ৰতিবাদকাৰীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে যদিও পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে।

ভয়ংকৰ বিপদত পাকিস্তান! এতিয়া সেনাৰ নিয়ন্ত্ৰণত নাই পাকিস্তানৰ এই ২টা অঞ্চল

ভয়ংকৰ বিপদত পাকিস্তান!

Published: 

10 May 2025 10:49 AM

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে অছিম মুনীৰৰ সেনাবাহিনীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। এই আঘাত কৰিছে বেলুচিস্তানৰ যোদ্ধাসকলে। বেলুচিস্তানৰ যোদ্ধাই পাকিস্তান সেনাক পৰাস্ত কৰি দুই এলেকা কাঢ়ি লৈছে। দুয়োটা অঞ্চল পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ অন্তৰ্গত।

দ্য বেলুচিস্তান পোষ্টৰ মতে, বেলুচিস্তান প্ৰদেশত যোদ্ধাসকলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। শুকুৰবাৰে কেচ, পঞ্জগুৰ আৰু লাছবেলা জিলাত বেলুচ উগ্ৰপন্থীয়ে বিস্ফোৰণ সংঘটিত কৰে। কেচ আৰু পাঞ্জগুৰিত উপস্থিত থকা সেনা জোৱানক হত্যা কৰি খেদি পঠিওৱা হয়। দুয়োটা অঞ্চল বেলুচ যোদ্ধা বাহিনীয়ে দখল কৰে।

অৱৰোধ কৰি আক্ৰমণ

প্ৰতিবেদনত কোৱা হৈছে যে যোদ্ধাসকলে প্ৰথমে কেচ অঞ্চলত অৱৰোধ স্থাপন কৰিছিল। অৱৰোধৰ পিছতে থানা আৰু চৰকাৰী কার্যালয়ত আক্রমণ হয়। ইয়াত উপস্থিত পাকিস্তান চৰকাৰী বিষয়া আৰু সেনা জোৱানক মাৰপিট কৰে।

ইয়াৰ পিছত যোদ্ধাসকলে কেচ অঞ্চলত অৱস্থিত কাৰ্যালয়সমূহত অগ্নি সংযোগ কৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোৰ পৰা পলায়ন কৰে জোৱান আৰু চৰকাৰী কৰ্মচাৰী। ইয়াৰ পিছত বেলুচ যোদ্ধাসকলে ইয়াক নিজৰ অঞ্চল বুলি ঘোষণা কৰে।

পঞ্জগুৰিতো দেখা গৈছে একেধৰণৰ ঘটনা। পঞ্জগুৰিতো যোদ্ধাসকলে প্ৰথমে অৱৰোধ কৰে আৰু তাৰ পিছত আক্ৰমণ কৰে। আৰু লাছবেলাত উগ্ৰপন্থীয়ে তিনিজন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰে।

বেলুচিস্তানত যুদ্ধ তীব্ৰতৰ

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে বেলুচিস্তানত যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। যোৱা এসপ্তাহত বেলুচ যোদ্ধাসকলে ৫ টাতকৈও অধিক স্থানত আক্ৰমণ কৰিছে। বেলুচিস্তানৰ বিষয়টো শীতল কৰিবলৈ পাকিস্তান চৰকাৰে ১৫০ জন বেলুচ আন্দোলনকাৰীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

পাকিস্তান চৰকাৰৰ মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্ত অকাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।

সকীয়াই দিলে প্ৰাক্তন গৃহমন্ত্ৰী
বেলুচ অঞ্চলত তীব্ৰতৰ আন্দোলনৰ মাজতে প্ৰাক্তন গৃহমন্ত্ৰী ফজলুৰ ৰেহমানে চৰকাৰক সকীয়াই দিছে। ফজলুৰে কয় যে, যদি আপুনি সকলো সৈনিকক সীমান্তলৈ পঠিয়াই ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ দিয়ে তেন্তে ভিতৰৰ পৰিস্থিতি কোনে চম্ভালিব?

ফাজলুৰে কয় যে খাইবাৰ, গিলগিট আৰু বেলুচিস্তানত চৰকাৰে আভ্যন্তৰীণ সংঘাতৰ সন্মুখীন হৈছে যদিও ইয়াৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সীমান্তলৈ সৈন্য প্ৰেৰণ কৰিব বিচাৰিছে।

 

বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?
লিভাৰৰ বাবে সুৰাতকৈও অধিক বিপজ্জনক এই ৩টা বস্তু | These 3 things are more dangerous for Liver than alcohol
Barakৰ পৰা BrahMos লৈ, ভাৰতৰ ৫ শক্তিশালী অস্ত্ৰৰ বৈশিষ্ট্য জানক | India Pakistan Tension from Bara to Brahmos Indias Powerful Weapons Operation Sindoor