পাক সেনাক ডাঙৰ আঘাত! ভাৰতৰ উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা মেজৰ মুইজক হত্যা

মেজৰ মুইজ পাকিস্তান সেনাৰ ৬নং কমাণ্ডো বেটেলিয়নত নিযুক্তি লাভ কৰিছিল। ২০১৯ চনত মেজৰ মুইজে উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা বুলি দাবী কৰিছিল। তেহৰিক-ই-তালিবান পাকিস্তান নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে হত্যা কৰিছে মুইজক। দক্ষিণ ৱাজিৰিষ্টানত হত্যা কৰা হৈছে মুইজ।

পাক সেনাক ডাঙৰ আঘাত! ভাৰতৰ উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা মেজৰ মুইজক হত্যা

মেজৰ মুইজ

Updated On: 

25 Jun 2025 11:20 AM

পাকিস্তান সেনাৰ বিশেষ সেৱা গোটৰ এজন জ্যেষ্ঠ বিষয়াক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। বিষয়াজনৰ নাম মেজৰ মুইজ। দক্ষিণ ৱাজিৰস্তানত তেহৰিক-ই-তালিবান পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে তেওঁক। মেজৰ মুইজৰ হত্যাকাণ্ড পাকিস্তান সেনাবাহিনীৰ বাবে এক ডাঙৰ আঘাত।

সূত্ৰ অনুসৰি মেজৰ মুইজক ৬ নং কমাণ্ডো বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। চাৰ্গোগাৰ সমীপত লুকাই থকা সন্ত্ৰাসবাদীয়ে মুইজৰ ওপৰত আক্ৰমণ কৰে। আক্ৰমণৰ সময়তে মৃত্যু হয় মুইজৰ। মেজৰ মুইজৰ উপৰিও সন্ত্ৰাসবাদীয়ে পাকিস্তান সেনাৰ লেন্স নাইক জিব্ৰানুল্লাকো হত্যা কৰিছে। ২০১৯ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অভিযানত চৰ্চালৈ আহিছিল মুইজ।সেই সময়ত মুইজে ভাৰতৰ উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা বুলি দাবী কৰিছিল। মেজৰ মুইজ মূলতঃ পাকিস্তানৰ চাকৱালৰ বাসিন্দা।

পাকিস্তান সেনাবাহিনীৰ মতে, নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ ভিত্তিত দুয়োজন বিষয়াই এই অভিযানৰ বাবে চাৰ্গোগাত উপস্থিত হৈছিল। দুয়োজনেই সেই স্থানত উপস্থিত হোৱাৰ লগে লগে টিটিপিৰ সন্ত্ৰাসবাদীয়ে তেওঁলোকক হত্যা কৰে। পাকিস্তান সেনাই জনোৱা মতে, বিগত কিছুদিনত এই অঞ্চলত চলোৱা অভিযানত ১১টা সন্ত্ৰাসবাদী নিহত হৈছে।

অৱশ্যে সন্ত্ৰাসবাদীয়ে মেজৰ মুইজক যিদৰে হত্যা কৰিছে সেয়া পাকিস্তান সেনাবাহিনীৰ বাবে এক ডাঙৰ আঘাত। ইফালে মুইজৰ মৃত্যু শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে, মুইজৰ পৰিয়ালত তেওঁৰ পত্নী আৰু ২টা সন্তান আছে।

মৃত্যুৰ পিছত আত্মাৰ কি হয়? মৃত্যুৰ পিছত অস্তিত্ব থাকেনে?
নকৰিব এই ৫টা ভুল! অন্যথা ভৱিষ্যত হ'ব অন্ধকাৰ...
মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে