পাকিস্তানৰ ওপৰত আল্লাৰ সহায়…! অপাৰেচন সেন্দূৰক লৈ নতুন মন্তব্য পাক সেনা প্ৰধান মুনীৰৰ

ৰাৱালপিণ্ডিৰ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ সময়ত শেহতীয়াকৈ পাক সেনা প্ৰধানগৰাকীয়ে কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে। এই অনুষ্ঠানত ভাষণ প্ৰধান কৰি মুনীৰে অপাৰেচন সেন্দূৰত ঐশ্বৰিক হস্তক্ষেপৰ প্ৰসঙ্গ আনে। মুনীৰৰ দাবী, ভাৰতীয় সেনাৰ হেঁচা তুংগত থকাৰ সময়ত আল্লাৰ সহায়ে পাকিস্তানী সেনাক ৰক্ষা কৰিছিল।

পাকিস্তানৰ ওপৰত আল্লাৰ সহায়...! অপাৰেচন সেন্দূৰক লৈ নতুন মন্তব্য পাক সেনা প্ৰধান মুনীৰৰ

পাক সেনা প্ৰধান আছিম মুনিৰ

Updated On: 

22 Dec 2025 | 11:54 AM

অপাৰেচন সেন্দূৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে মন্তব্য কৰি আহিছে পাকিস্তান সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে। ভাৰতে চলোৱা এই অপাৰেচন সেন্দূৰত বিধ্বস্ত হৈ পৰাৰ পিছত এতিয়া মুনিৰে নিজ দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ নতুন আখ্যান আৰম্ভ কৰিছে। নিজৰ কৌশলগত বিফলতা লুকুৱাবলৈ মুনীৰে এইবাৰ সহায় লৈছে আল্লাৰ সহায় লৈছে। ৰাৱালপিণ্ডিৰ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ সময়ত শেহতীয়াকৈ পাক সেনা প্ৰধানগৰাকীয়ে কৰা মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে।

এই অনুষ্ঠানত ভাষণ প্ৰধান কৰি মুনীৰে অপাৰেচন সেন্দূৰত ঐশ্বৰিক হস্তক্ষেপৰ প্ৰসঙ্গ আনে। মুনীৰৰ দাবী, ভাৰতীয় সেনাৰ হেঁচা তুংগত থকাৰ সময়ত আল্লাৰ সহায়ে পাকিস্তানী সেনাক ৰক্ষা কৰিছিল। তেওঁ ভাষ্যত, “আল্লাহৰ সহায় আহিল। আমি এই সহায়ৰ আগমন দেখিলো আৰু এয়া অনুভৱ কৰিলোঁ।”

মুনীৰে দিলে নতুন ধাৰণা

পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুনীৰৰ এই ভাইৰেল ভিডিঅ’টো বিগত ১০ ডিচেম্বৰৰ। ভাৰতৰ সৈতে শেহতীয়া সংঘাতৰ কথা উল্লেখ কৰিবলৈ মুনীৰে ধৰ্মীয় প্ৰতীকবাদৰ সহায় লয়। জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে ৭ মে’ত পাকিস্তানৰ বিৰুদ্ধে এই অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল।

পাকিস্তান সেনাই লাভ কৰে আল্লাৰ সহায়

অপাৰেচন সেন্দূৰৰ কথা উল্লেখ কৰি মুনীৰে কয়, “মে’ মাহত যেতিয়া ভাৰতে আমাক সকলো সম্পদ আৰু প্ৰযুক্তিৰে আৱৰি ধৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া সকলো সাংসাৰিক যুক্তি বিফল হৈছিল। সেই সময়ৰ পৰিস্থিতি এনেকুৱা আছিল যে কোনো সামৰিক হিচাপ অনুসৰি জীয়াই থকাটো অসম্ভৱ আছিল।”

“কিন্তু আজি ৰেকৰ্ডত এই কথা কৈছো, আমি তাত আল্লাহৰ সহায় অহা দেখিলো। আমি সেই সহায় অনুভৱ কৰিলো। ই আছিল এক ঐশ্বৰিক হস্তক্ষেপ, যি আমাৰ সৈনিকৰ মনোবল ভাঙিবলৈ দিয়া নাছিল আৰু শত্ৰুৰ পৰিকল্পনা বিফল কৰিছিল।”- মুনীৰে লগতে কয়।

কোৰাণৰ আয়াতৰ দিলে উদাহৰণ

ইফালে কৌশলগত ব্যৰ্থতা লুকুৱাবলৈ মুনীৰে কয় যে এই বিজয় অস্ত্ৰতকৈ বিশ্বাসৰ ফল, কিয়নো শত্ৰু প্ৰযুক্তিগতভাৱে শ্ৰেষ্ঠ। মুনীৰে কোৰাণৰ এক আয়াত উল্লেখ কৰি কয় “যদি আল্লাহে আপোনাক সহায় কৰে, তেতিয়া আপোনাক কোনেও পৰাস্ত কৰিব নোৱাৰে।” এই আয়াতৰ প্ৰসঙ্গৰে মুনীৰে সংঘাতৰ সময়ত পাকিস্তানে আল্লাহৰ সহায় লাভ কৰিছিল বুলি উল্লেখ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...