আন এক যুদ্ধৰ উকমুকনি! পাকিস্তানত বিমান আক্ৰমণ আফগানিস্তানৰ, কেইবাজনো পাক সেনাৰ মৃত্যুৰ দাবী

তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ভাৰত ভ্ৰমণ কৰি থকাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ এই সংঘৰ্ষ সংঘটিত হৈছে। শুকুৰবাৰে ভাৰত আৰু আফগানিস্তানে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক সাধাৰণ ভাবুকি বুলি অভিহিত কৰি দৃঢ় স্থিতি গ্ৰহণ কৰিছিল।

আন এক যুদ্ধৰ উকমুকনি! পাকিস্তানত বিমান আক্ৰমণ আফগানিস্তানৰ, কেইবাজনো পাক সেনাৰ মৃত্যুৰ দাবী

পাকিস্তানত প্ৰত্যাক্ৰমণ আফগানিস্তানৰ

Updated On: 

12 Oct 2025 06:47 AM

দক্ষিণ এছিয়াত দেখা গৈছে আন এক যুদ্ধৰ উকমুকনি বিগত মেমাহত ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতিয়ে অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছিল এইবাৰ আন এক যুদ্ধত জড়িত হোৱাৰ দিশে পাকিস্তান দেশখনত এইবাৰ আক্ৰমণ চলাইছে চুবুৰীয়া আফগানিস্তানে শনিবাৰে গভীৰ নিশা আফগানিস্তানে নংগাৰহৰ আৰু কুনাৰ প্ৰদেশৰ ডুৰাণ্ড লাইনৰ সমীপত পাকিস্তানৰ সামৰিক চকীত আক্ৰমণ চলায়। যোৱা ৯ অক্টোবৰত পাকিস্তানে চলোৱা আক্ৰমণৰ প্ৰত্যাক্ৰমণ হিচাপে আফগানিস্তানে লৈছে এনে স্থিতি

গভীৰ নিশা আফগানিস্তানৰ এই আক্ৰমণত কেইবাজনো পাকিস্তানী সেনা নিহত হোৱা বুলি জানিব পৰা গৈছে। আফগান সেনাই সীমান্তৰ কেইবাটাও পাকিস্তানী চকী দখল কৰা বুলিও দাবী কৰিছে। পাকিস্তানে চলোৱা বোমা বিস্ফোৰণৰ প্ৰতিশোধ হিচাপে এই অভিযান চলোৱা হৈছে বুলি স্পষ্ট কৰি দিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

পাকিস্তানী সামৰিক চকীত লক্ষ্য

আফগানিস্তানৰ তালিবানে প্ৰশাসনে এক বিবৃতি জাৰি কৰি এই আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে এই বিবৃতিত পাকিস্তানৰ বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আফগান সেনাই বিভিন্ন সীমান্ত অঞ্চলত পাকিস্তানী চকীক লক্ষ্য কৰি লৈছিল বুলি উল্লেখ কৰা হৈছে। কিন্তু পাকিস্তান চৰকাৰে এই ঘটনা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক প্ৰত্যুত্তৰ দিয়া নাই।

পাকিস্তানৰ বিৰুদ্ধে অভিযোগ

যোৱা শুকুৰবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে পাকিস্তানে নিজৰ আকাশমাৰ্গ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ডুৰাণ্ড লাইনৰ সমীপৰ পাক্তিকা প্ৰদেশৰ মাৰ্ঘী অঞ্চলৰ এখন বজাৰত পাকিস্তানী বিমানে বোমা বিস্ফোৰণ কৰে। আফগানিস্তানে পাকিস্তানৰ এনে কাৰ্যক নিজৰ সাৰ্বভৌমত্ব উলংঘা বুলি অভিহিত কৰে।

পাকিস্তানৰ এই কাৰ্যক এক উচটনিমূলক পদক্ষেপ আখ্যা দি আফগানিস্তানে এক বিবৃতিত আমাৰ মাটি ৰক্ষা কৰাটো আমাৰ অধিকাৰবুলি স্পষ্ট বাৰ্তা দিছিল। প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে পাকিস্তানে কাবুল, খোষ্ট, জালালাবাদ আৰু পাক্তিকাত এই বিমান আক্ৰমণ চলাইছিল

ভাৰত ভ্ৰমণৰ মাজতে বৃদ্ধি পাইছে উত্তেজনা

উল্লেখ্য যে তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে ভাৰত ভ্ৰমণ কৰি থকাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ এই সংঘৰ্ষ সংঘটিত হৈছে। শুকুৰবাৰে ভাৰত আৰু আফগানিস্তানে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক সাধাৰণ ভাবুকি বুলি অভিহিত কৰি দৃঢ় স্থিতি গ্ৰহণ কৰিছিল।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে অতিকৈ ভাল এইসমূহ খাদ্য, জানক...
সঘনাই দাঁতৰ বিষত ভোগে নেকি? সাৱধান, আঁৰত থাকিব পাৰে এনে সমস্যা
কেৱল সোণেই নহয়, ধনতেৰাচত ঘৰলৈ আনক এনে সামগ্ৰী; ঘৰলৈ আগমন ঘটিব দেৱী লক্ষ্মীৰ
অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...