১০ মে’ৰ মাজনিশা কি কি হৈছিল শত্ৰু দেশত, যাৰ বাবে ভাৰতৰ ভয়ত আমেৰিকাৰ শৰণাপন্ন হৈছিল পাকিস্তান?
অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতৰ নিৰ্ধাৰিত মিছাইল আক্ৰমণৰ ফলত পাকিস্তানৰ সামৰিক সংস্থাপন আৰু যুদ্ধ বিমান বিস্তৰ ক্ষতিসাধন হয়। সম্পূৰ্ণৰূপে বিকল হৈ পৰিছিল চীনৰ অস্ত্ৰ-শস্ত্ৰকে ধৰি পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা । ব্ৰাহ্মচ ক্ষেপণাস্ত্ৰৰ সফল আক্ৰমণৰ বাবে আমেৰিকাৰ হস্তক্ষেপৰ বাবে আবেদন জনাবলৈ বাধ্য হয় পাকিস্তানে। পাকিস্তানৰ ভিতৰত ৩১৫ কিলোমিটাৰ দূৰত্বত আক্ৰমণ কৰিছিল ভাৰতে।

১০ মে’ৰ মাজনিশা কি কি হৈছিল পাকিস্তানত?
অপাৰেশ্যন সেন্দূৰৰ নতুন প্ৰতিবেদনে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। ইফালে পাকিস্তানৰ বৃদ্ধি পাইছে উত্তেজনা। অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় ক্ষেপণাস্ত্ৰৰ সঠিক আঘাত আৰু ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ শক্তিয়ে পাকিস্তানত ইমানেই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল যে অতি সোনকালেই পাকিস্তানে আঁঠু ল’বলৈ বাধ্য হৈছিল । আনকি চীনৰ এয়াৰ ডিফেন্সেও পাকিস্তানক ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ভাৰতৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত এতিয়াও আতংকত ভুগিছে পাকিস্তান। ১০ মে’ৰ মাজনিশা ভাৰতে এনে কি কৰিলে, যাৰ বাবে আমেৰিকাৰ শৰণাপন্ন হৈছিল পাকিস্তানে?
অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সকলো অহংকাৰক দৰ্পচূৰ্ণ কৰি সৰ্বাধিক ক্ষতিসাধন কৰিছিল। ভাৰতৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই কেৱল পাকিস্তানৰ ভিতৰত ৩১৫ কিলোমিটাৰ গৈ ইয়াৰ সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰাই নহয়, পাকিস্তানৰ যুদ্ধ বিমানকো গুলীয়াই নিঃশেষ কৰে। ১০ মে’ৰ নিশা প্ৰতিশোধমূলক আক্ৰমণৰ সময়ত ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানী যুদ্ধ বিমান আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছিল। ভাৰতীয় বায়ুসেনাৰ বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় বায়ুসেনাৰ প্ৰতিশোধমূলক আক্ৰমণত দুখন পাকিস্তানী এফ-১৬ যুঁজাৰু বিমান, এখন চি-১৩০জে বিমান, এখন জেএফ-১৭ যুঁজাৰু বিমান আৰু এখন এৱাকছ বিমান ধ্বংস কৰা হয়।
ইফালে পাকিস্তানেও মানি লৈছে যে তেওঁলোকৰ যুদ্ধ বিমান ভাৰতীয় ক্ষেপণাস্ত্ৰৰ দ্বাৰা ধ্বংস হৈছিল। ভাৰতীয় ক্ষেপণাস্ত্ৰই কেনেকৈ ধ্বংস কৰিলে পাকিস্তানৰ যুদ্ধ বিমান? ইয়াৰ প্ৰমাণ কিছুদিন পূৰ্বে পাকিস্তানৰ জ্যেষ্ঠ সামৰিক বিষয়াসকলে দিছিল। সূত্ৰ অনুসৰি যোৱা ১০ মে’ৰ নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ওপৰত চাৰিটা বৃহৎ বিমান আক্ৰমণ চলাইছিল। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিমান ঘাটি, যুদ্ধ বিমান আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰে। ইয়াৰ পিছতে পাকিস্তানে আমেৰিকাক যুদ্ধবিৰতিৰ বাবে আবেদন জনাবলৈ আৰম্ভ কৰে।
ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে আই এ এফৰ যুদ্ধ বিমানে পাকিস্তানৰ ওপৰত নিখুঁত নিৰ্দেশিত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ৰাফেল যুদ্ধ বিমানে স্কেলপ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ বিপৰীতে SU-30 MKI যুদ্ধ বিমানে পাকিস্তানৰ ভিতৰত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে।
অপাৰেশ্যন সেন্দূৰৰ সময়ত চীন আৰু তুৰস্কৰ অস্ত্ৰ-শস্ত্ৰয়ো পাকিস্তানক ৰক্ষা কৰিব পৰা নাছিল। তুৰস্কৰ ড্ৰ’নেও পাকিস্তানক কোনোধৰণৰ সহায় আগবঢ়াব পৰা নাছিল। নতুবা চীনৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা পাকিস্তানক কোনো ধৰণৰ লাভ নহ’ল। আনকি অপাৰেশ্যন সেন্দূৰৰ সময়ত চীনৰ HQ-16 আৰু HQ-9 মিছাইল ডিফেন্স চিষ্টেম বিকল হৈ পৰিছিল।
চীনে পাকিস্তানক প্ৰদান কৰা এয়াৰ ডিফেন্সেও ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হয়। ভাৰতৰ আক্ৰমণত যেতিয়া চীনৰ এয়াৰ ডিফেন্স চিষ্টেম বিকল হৈ পৰিল, তেতিয়া পাকিস্তানে তুৰস্কৰ পৰা এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয় কৰিবলৈ সাজু হয়। খবৰ অনুসৰি, পাকিস্তানে এতিয়া তুৰস্কৰ দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা SIPER-1 আৰু SIPER-2ৰ ওপৰত চকু ৰাখিছে। দাবী কৰা হৈছে যে তুৰস্কৰ SIPER-1 বিমানে ৭০ কিলোমিটাৰ দূৰত্বত থকা আকাশী লক্ষ্য ধ্বংস কৰিব পাৰে। ইতিমধ্যে SIPER-1 এয়াৰ ডিফেন্স কাৰ্যক্ষম হৈ উঠিছে। একে সময়তে SIPER-2 এতিয়াও পৰীক্ষাৰ পৰ্যায়ত আছে। ২০২৬ চনৰ ভিতৰত বায়ুসেনাত যোগদান কৰাৰ সম্ভাৱনা আছে তুৰ্কীৰ।
নতুন এয়াৰ ডিফেন্স চিষ্টেমৰ সন্ধানে দেখুৱাইছে যে ভাৰতৰ আক্ৰমণৰ পিছত অতিশয় ভয় খাইছে পাকিস্তানে । অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ স্কেলপ ক্ৰুজ মিছাইলেৰে সজ্জিত ৰাফেল জেট বিমানে চীনে পাকিস্তানক যোগান ধৰা HQ-16 আৰু HQ-9 ব্যৱস্থা ধ্বংস কৰে। ভাৰতীয় ইলেক্ট্ৰনিক যুদ্ধৰ সামৰ্থ্যই পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা নেটৱৰ্ক সম্পূৰ্ণৰূপে অন্ধ কৰি পেলালে। এনে পৰিস্থিতিত পাকিস্তানে ভাৰতৰ এটাও ক্ষেপণাস্ত্ৰক বাধা দিব পৰা নাছিল। আনহাতে, এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ বিৰুদ্ধে এছ-৪০০ ১০০% সফল বুলি প্ৰমাণিত হৈছে। এছ-৪০০ বিমানে পাকিস্তানৰ কেইবাটাও ক্ৰুজ মিছাইল আৰু ধ্বংসাত্মক ড্ৰোন নিঃশেষ কৰিছিল।
১০ মে’ত ভাৰতে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ সমীপৰ নূৰ খান বিমানঘাটিত এছ ইউ-৩০ এম কে আই যুদ্ধ বিমানৰ পৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আক্ৰমণ কৰিছিল। এই বিমানঘাটি পাকিস্তানৰ এটা গুৰুত্বপূৰ্ণ কমাণ্ড-এণ্ড-কণ্ট্ৰল চেণ্টাৰ। ব্ৰাহ্মছৰ সফলতাৰ পিছত ভাৰতে এতিয়া নিজৰ সামৰ্থ্য বৃদ্ধিৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত নিদ্ৰা হৰণ হৈছে পাকিস্তানৰ ।
প্ৰকৃততে যৌথভাৱে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন সংস্কৰণ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰত আৰু ৰাছিয়াই। উত্তৰ প্ৰদেশত ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ব্ৰাহ্মছ কাৰখানাটোৱে বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰৰ নতুন সংস্কৰণ নিৰ্মাণ কৰিব। ১১ মে’ত লক্ষ্ণৌতো ব্ৰাহ্মচ এৰ’স্পেচ ইউনিট উদ্বোধন কৰা হয়। আজি পাকিস্তানত এনে কোনো ব্যৱস্থা নাই যিয়ে এবাৰ নিক্ষেপ কৰা ব্ৰাহ্মচ ক্ষেপণাস্ত্ৰৰ বাধা দিব পাৰে। এই কাৰণেই অতি সোনকালে আঁঠু আঁঠু ল’বলৈ বাধ্য হৈছিল পাকিস্তান।