‘নো কিংছ’ প্ৰতিবাদত উত্তাল আমেৰিকা! ইফালে নিজৰ মূৰত মুকুট পিন্ধিলে ট্ৰাম্পে…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। নো কিংছ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত লাখ লাখ মানুহৰ। ইয়াৰ বিপৰীতে ট্ৰাম্পে সামাজিক মাধ্যমত এটা ভিডিঅ প্ৰচাৰ কৰিছে যিয়ে দৃষ্টি কাঢ়িছে বিভিন্নজনৰ।

নো কিংছ প্ৰতিবাদত উত্তাল আমেৰিকা! ইফালে নিজৰ মূৰত মুকুট পিন্ধিলে ট্ৰাম্পে...

ড'নাল্ড ট্ৰাম্প

Updated On: 

20 Oct 2025 | 12:45 PM

ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অসন্তুষ্ট জনতা। যাৰ বাবে লাখ লাখ লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। ”নো কিংছ” শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল হৈ পৰিছে সমগ্ৰ আমেৰিকা। প্ৰতিবাদকাৰীসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকা প্ৰশাসনৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ৱাশ্বিংটন, বষ্টন, আটলান্টা, চিকাগো, লছ এঞ্জেলছ আদি আমেৰিকাৰ বিভিন্ন চহৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২৫০০ৰো অধিক স্থানত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী সকলে আমেৰিকাত কোনো ৰজা নাই, প্ৰতিবাদতকৈ ডাঙৰ দেশপ্ৰেম নাই, ফেচিবাদ বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

ইফালে ফ্লৰিডাত মাৰ-এ-লাগো ৰিজ’ৰ্টত উপস্থিত থাকি ট্ৰাম্পে কয় যে, তেওঁ ৰজা নহয়। কিন্তু ইয়াৰ মাজতে সামাজিক মাধ্যমত ট্ৰাম্পে এটা ভিডিঅ’ প্ৰচাৰ কৰা দেখা যায়। এই AI ভিডিঅ’টোত ৰাষ্ট্ৰপতি ট্ৰাম্পক মুকুট পিন্ধা দেখা গৈছে। মুকুট পিন্ধি তেওঁ “KING TRUMP” নামৰ যুদ্ধ বিমান উৰুৱাই “No Kings” প্ৰতিবাদকাৰীৰ ওপৰত ধোঁৱা ৰঙৰ তৰল পদাৰ্থ স্প্ৰে কৰা দেখা যায়।

ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত আৰু চৰকাৰী ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে ৰাষ্ট্ৰপতিয়ে টাইমছ স্কোৱাৰৰ দৰে ঠাইত প্ৰতিবাদকাৰীৰ ভিৰৰ ওপৰেৰে উৰি গৈছে। জেট বিমানখনে প্ৰতিবাদকাৰীসকলৰ ওপৰত ধোঁৱা ৰঙৰ তৰল পদাৰ্থ স্প্ৰে কৰিছে। ইয়াৰ বিপৰীতে কেনি লগিনছৰ গীত “ডেঞ্জাৰ জ’ন” বাজি আছে।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও এটা ভিডিঅ’ পোষ্ট কৰে য’ত ট্ৰাম্পে ৰজাৰ মুকুট পিন্ধি থকা দেখা গৈছে। ইয়াৰ বিপৰীতে নেন্সি পেলোছি আৰু অন্যান্য ডেম’ক্ৰেটসকলে তেওঁৰ সন্মুখত আঁঠু লৈ থকা দেখা গৈছে। এই কাণ্ডই আমেৰিকাত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ সাধাৰণ নাগৰিকে কেনেকৈ ক্ৰয় কৰিব পাৰে যুঁজাৰু বিমান? জানক সকলো প্ৰক্ৰিয়া…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...