বহু সপোন বুকুত বান্ধি য়েমেনলৈ গৈছিল নিমিষা, অহা সপ্তাহত হ’ব ফাঁচী
য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত বৰ্তমান তেওঁ জেলত আছে। হত্যাৰ অপৰাধত নিমিষাক মৃত্যুদণ্ড দিয়া হৈছে। অহা সপ্তাহত ফাঁচী দিয়া হ’ব তেওঁক।

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্ছ। নিমিষা প্ৰিয়া নামৰ এই নাৰ্ছগৰাকীক অহা ১৬ জুলাইত য়েমেনত ফাঁচী দিয়া হ’ব। ৩৭ বছৰীয়া নিমিষা কেৰালাৰ বাসিন্দা। সম্প্ৰতি নাৰ্ছগৰাকী জেলত আছে। এতিয়া প্ৰশ্ন উত্থাপন হয় কি গোচৰত নিমিষাৰ মৃত্যুদণ্ড ঘোষণা কৰা হৈছে।
য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত বৰ্তমান তেওঁ জেলত আছে। হত্যাৰ অপৰাধত নিমিষাক মৃত্যুদণ্ড দিয়া হৈছে। অহা সপ্তাহত ফাঁচী দিয়া হ’ব তেওঁক। আনহাতে, নিমিষাৰ পৰিয়ালে এই ফাঁচী বন্ধ কৰিবলৈ সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে।
নিমিষাক কিয় ফাঁচী দিয়া হ’ব?
২০০৮ চনত মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে। ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত তালাল আব্দো মেহদী নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল। ব্যৱসায় আৰম্ভ কৰিবলৈ নিমিষাৰ বাবে মেহদীৰ সংস্পৰ্শলৈ অহাটো প্ৰয়োজনীয় আছিল, কাৰণ য়েমেনৰ নিয়ম অনুসৰি ব্যৱসায় আৰম্ভ কৰিবলৈ স্থানীয় ব্যক্তিৰ সৈতে অংশীদাৰিত্ব কৰাটো বাধ্যতামূলক।
মেহদীৰ সংস্পৰ্শলৈ অহাৰ পিছতে নিমিষাৰ তেওঁৰ সৈতে কাজিয়া হয়। এই কাজিয়া ইমানেই তীব্ৰতৰ হৈ পৰিল যে নিমিষাই মেহদীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত ২০১৬ চনত মেহদীক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত জেলৰ পৰা মুকলি কৰি দিয়া হয়। অভিযোগ অনুসৰি মুক্তিৰ পিছত মেহদীয়ে নিমিষাক ভাবুকি দি আহিছিল।
মেহদীৰ মৃত্যু কেনেকৈ হ’ল?
নিমিষাৰ পৰিয়ালে দাবী কৰিছে যে মেহদীয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিছিল। ইয়াৰ পিছত নিমিষাই মেহদীক জব্দ কৰা পাছপ’ৰ্ট ঘূৰাই পাবলৈ এনাস্থেটিক বেজী দিয়াৰ অভিযোগ উঠে। অৱশ্যে অতিমাত্ৰা ড’জৰ বাবেই তেওঁৰ মৃত্যু হয়। মেহদীৰ মৃত্যুৰ পিছত নিমিষাই য়েমেনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
নিমিষা প্ৰিয়া কোন?
নিমিষা প্ৰিয়া এগৰাকী ভাৰতীয় নাৰ্ছ। কেৰালাৰ পালাক্কাড জিলাত তেওঁৰ ঘৰ। ২০০৮ চনত নিমিষাই কামৰ সন্ধানত য়েমেনলৈ গৈছিল। নিমিষাৰ মাকে কোচিত ঘৰুৱা সহায়িকা হিচাপে কাম কৰে, আৰ্থিক সমস্যাৰ বাবে তেওঁ কাম কৰিবলৈ য়েমেনলৈ যায়। য়েমেনত উপস্থিত হৈ বহু চিকিৎসালয়ত কাম কৰাৰ পিছত নিমিষাই নিজাকৈ ক্লিনিক খোলাৰ কথা ভাবিলে। ক্লিনিক খুলিবলৈ তেওঁ মেহদীৰ সংস্পৰ্শলৈ আহিল আৰু ইয়াৰ পৰাই কথাবোৰ অন্য ফালে গতি কৰিবলৈ ধৰে।
বৰ্তমান নিমিষাক হুথীৰ নিয়ন্ত্ৰণত থকা দেশখনৰ ৰাজধানী ছানাৰ এখন কাৰাগাৰত ৰখা হৈছে। ইয়াৰ পিছত ২০১৮ চনত নিমিষাক মেহদীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। বিচাৰ আদালতে তেওঁক য়েমেনৰ এগৰাকী নাগৰিকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে, তাৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত দেশখনৰ উচ্চতম ন্যায়িক পৰিষদেও এই সিদ্ধান্ত গ্ৰহণ কৰে।
য়েমেনৰ আইনত “দেশৰ স্বাধীনতা, ঐক্য বা ভূখণ্ডৰ অখণ্ডতা উলংঘা কৰা”, “সশস্ত্ৰ বাহিনীক ক্ষতিগ্ৰস্ত কৰাৰ যিকোনো কাৰ্য কৰা”, হত্যা, ড্ৰাগছ সৰবৰাহ, সমকামিতা, ধৰ্মত্যাগ বা ইছলামক অস্বীকাৰ কৰা আৰু বেশ্যাবৃত্তিৰ প্ৰসাৰ আদি বহুতো অপৰাধৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থা আছে।
ৰাষ্ট্ৰপতিয়ে মৃত্যুদণ্ডত অনুমোদন জনায়
যোৱা বছৰ য়েমেনৰ ৰাষ্ট্ৰপতিয়ে কেৰালাৰ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত অনুমোদন জনাইছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, যোৱা বছৰৰ পৰাই তেওঁলোকে এই গোচৰটো নিৰীক্ষণ কৰি আহিছে। স্থানীয় কৰ্তৃপক্ষৰ লগতে নিমিষাৰ পৰিয়ালৰ সদস্যৰ সৈতে অহৰহ যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।
আইনী যুঁজৰ বাবে ঘৰ বিক্ৰী কৰিলে মাতৃয়ে
নিমিষাৰ ন্যায় বিচাৰি ৰাজনীতিবিদ, ব্যৱসায়ী, কৰ্মী আৰু প্ৰব্ৰজনকাৰী মঞ্চৰ অংশ হৈ থকা অধিবক্তা সুভাষ চন্দ্ৰনে কয় যে কোচিত ঘৰুৱা সহায়ক হিচাপে কাম কৰা নিমিষাৰ মাতৃয়ে এই গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰ বিক্ৰী কৰিছিল।
জানুৱাৰী মাহত কেন্দ্ৰই এই গোচৰটো তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি পৰিয়ালটোক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা বুলি জনাইছিল। অৱশ্যে নিমিষাৰ মাকে “সময় শেষ হৈ গৈ আছে” বুলি সকীয়াই দি সহায়ৰ বাবে কাতৰ অনুৰোধ জনায়।
“ভাৰত আৰু কেৰালা চৰকাৰৰ লগতে নিমিষাক উদ্ধাৰৰ বাবে গঠন কৰা কমিটীয়ে এতিয়ালৈকে যিমানখিনি সহায় আগবঢ়াইছে, তাৰ বাবে মই অতিশয় কৃতজ্ঞ। কিন্তু, এইটোৱেই মোৰ চূড়ান্ত আবেদন – অনুগ্ৰহ কৰি আমাক কন্যাৰ জীৱন ৰক্ষা কৰাত সহায় কৰক। সময় শেষ হৈ গৈ আছে।” নিমিষাৰ মাকে কয়।