শাওন মাহৰ প্ৰথম সোমবাৰ কেতিয়া?

9 JULY 2025

TV9 ASSAM

Credits: Getty Images/ Meta AI

ভাৰতৰ আন ঠাইত ১১ জুলাই, শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব শাওন মাহ। আনহাতে অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৮  জুলাইৰ পৰা  শাওন মাহ আৰম্ভ হ'ব।  ভোলানাথক পূজা কৰিবলৈ শাওন উত্তম মাহ।

শাওন ২০২৫

একেদৰে  ২০২৫ৰ ১৪ জুলাইত শাওনৰ প্ৰথম সোমবাৰৰ ব্ৰত ৰখা হ’ব। কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি ২০  জুলাই( ৪ শাওন) হ'ব প্ৰথম সোমবাৰ।

শাওনৰ প্ৰথম সোমবাৰ

হিন্দু ধৰ্মত এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। শাওন মাহৰ সোমবাৰে ভক্তসকলে উপবাস ৰাখে। শাওনৰ সোমবাৰে ব্ৰত ৰাখিলে প্ৰতিটো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

শাওনৰ সোমবাৰ

এই দিনটোত ব্ৰহ্ম মুহূৰ্ত ৪.২৬ মিনিটৰ পৰা ৫.০৪ মিনিটলৈ থাকিব। এই দিনটোত অভিজিত মুহূৰ্ত পুৱা ১১.৫৯ বজাৰ পৰা ১২.৫৪ বজালৈ হ’ব।

 শুভ সময়

ৰাহু কালৰ সময় পুৱা ০৭:১৫ বজাৰ পৰা ০৮:৫৯ বজালৈ থাকিব। এই সময়ত পূজা ইত্যাদিৰ দৰে কোনো শুভ কাম নকৰিব।

ৰাহু কাল

শাওন মাহত সম্পূৰ্ণ ৰীতি-নীতিৰে ভোলানাথক পূজা কৰক। পুৱা উঠি ব্ৰতৰ প্ৰতিজ্ঞা কৰি শিৱৰ মন্দিৰলৈ গৈ তেওঁৰ জলাভিষেক কৰক।

শাওনত ভোলানাথৰ পূজা

চাবলৈ ক্লিক কৰক 

মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...