No cost EMI ৰ নামত আপোনাৰ পৰা কিদৰে ধন সংগ্ৰহ কৰা হয় জানেনে?
যেতিয়া কোনো সামগ্ৰী বিনামূলীয়া EMI ত লোৱা হয়, তেতিয়া সমগ্ৰ সুতৰ পৰিমাণ সামগ্ৰীটোৰ নিৰ্মাতা বা বিক্ৰেতাই প্ৰদান কৰে। ফলত গ্ৰাহকে কেৱল প্ৰকৃত ধনহে দিব লাগে।
No cost EMI মানুহৰ সামৰ্থ্যৰ বাহিৰৰ কিবা এটা কিনাৰ বাবে চাবিকাঠিৰ দৰে। সাধাৰণতে কিস্তিত কোনো সামগ্ৰী কিনিলে সুত দিব লাগে। কিন্তু বেংক বা ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে কয় যে No cost EMI ত কোনো অতিৰিক্ত খৰচ নাই । অৱশ্যে No cost EMI ৰ কেইবাটাও খৰচ আছে, যিবোৰ এৰাই চলিব নোৱাৰি।
ফাইনেন্সিয়েল এক্সপ্ৰেছৰ তথ্য অনুসৰি বিশেষ অফাৰৰ সময়ত ৪টা সামগ্ৰীৰ ভিতৰত ৩টা সামগ্ৰী সাধাৰণ জনতাই বিনামূলীয়া EMI ত ক্ৰয় কৰে। শুনিবলৈ বৰ ভাল হ’ব পাৰে যদিও বেংকে কেতিয়াও সুতমুক্ত ঋণ দিব নোৱাৰে। আচলতে কি হয় জানেনে?
যেতিয়া কোনো সামগ্ৰী বিনামূলীয়া EMI ত লোৱা হয়, তেতিয়া সমগ্ৰ সুতৰ পৰিমাণ সামগ্ৰীটোৰ নিৰ্মাতা বা বিক্ৰেতাই প্ৰদান কৰে। ফলত গ্ৰাহকে কেৱল প্ৰকৃত ধনহে দিব লাগে।
কিন্তু খেল ইয়াতেই শেষ নহয়। এই সুতৰ GST গ্ৰাহকৰ পকেটৰ পৰা কৰ্তন কৰা হয়। ইয়াৰ উপৰিও বেংকে ইয়াৰ ওপৰত পৃথকে পৃথকে প্ৰচেছিং মাচুল আৰু GST লয়। ফলত গ্ৰাহকৰ কান্ধত বহু অতিৰিক্ত চাপ পৰে। যদি কোনোবাই সময়ৰ আগতেই এই ঋণ বন্ধ কৰিব বিচাৰে, তেন্তে ঋণ বন্ধ কৰাৰ চাৰ্জো গ্ৰাহকৰ ওপৰত আৰোপ কৰা হয়।