কাইলৈ গুৰু পূৰ্ণিমা, ভাল দিন আহিব ৩ ৰাশিৰ লোকলৈ...

9 July 2025

TV9 ASSAM

আহাৰৰ পূৰ্ণিমাৰ দিনা গুৰু পূৰ্ণিমা পালন কৰা হয়।  এইবাৰ ১০ জুলাইত এই পূৰ্ণিমা পালন কৰা হ'ব। এই দিনটোত গুৰুৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

গুৰু পূৰ্ণিমা 

গুৰু পূৰ্ণিমাক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয়।  কিয়নো মহৰ্ষি বেদ ব্যাসৰ জন্মতিথি এই দিনটোতে পালন কৰা হয়। হিন্দু ধৰ্মত এই দিনটোৰ বহু মহত্ব আছে। এই দিনটোত পূজা কৰিলে শুভ ফল পোৱা যায় বুলি কয়।

ব্য়াস পূৰ্ণিমা

কাইলৈ ১০ জুলাই এই পূৰ্ণিমা পালন কৰা হ'ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ এই পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। কিয়নো বহু বছৰ পাছত এইবাৰ গুৰুপূৰ্ণিমা বৃহস্পতিবাৰে পৰিছে। এই দিনটোত ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগ গঠন হৈছে।

১০ জুলাই

বৃহস্পতিবাৰৰ দিনা ইন্দ্ৰ-বৈধৃতি যোগৰ যুঁতিৰ আধ্যাত্মিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। এই দিনটোৱে কিছু ৰাশিৰ লোকলৈ ভাল খবৰ লৈ আহিব। কিছুমান ৰাশিৰ লোকলৈ সুখ-সমৃদ্ধি আদি আহিব।

বৃহস্পতিবাৰ

গুৰু পূৰ্ণিমাই বৃষ ৰাশিৰ লোকসকললৈ শুভ ফল কঢ়িয়াই আনিব। এই সময়ত এনে ৰাশিৰ লোকে চাকৰি লাভৰ লগতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। সুখ সমৃদ্ধি বৃদ্ধি পাব।

বৃষ

সিংহ ৰাশিৰ লোকসকললৈও গুৰু পূৰ্ণিমাই শুভ ফল কঢ়িয়াই আনিব। এনে ৰাশিৰ লোকে চাকৰিৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব।  সমাজত সন্মান বাঢ়িব,দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। চাকৰি আৰু ব্যৱসায়ত লাভ হ'ব। হাতলৈ ধন আহিব।

সিংহ

কুম্ভ ৰাশিৰ লোকসকলেও গুৰু পূৰ্ণিমাত ভাল ফলাফল লাভ কৰিব। এই সময়খিনি তেওঁলোকৰ বাবে ভাগ্যশালী হ'ব। চাকৰি লাভৰ সম্ভাৱনা আছে। লগতে আৰ্থিক দিশ উন্নতি হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ

পঢ়িবলৈ ক্লিক কৰক 

শিৱৰ প্ৰিয় ৩ ৰাশি