সামাজিক মাধ্যমৰ ক্ষেত্ৰত নতুন নিয়ম! এইবোৰ বিষয়ত মত ব্যক্ত কৰিবলৈ থাকিব লাগিব ডিগ্ৰী…

বৰ্তমান সময়ত সামাজিক মাধ্য়মৰ জনপ্ৰিয়তা অধিক হৈ পৰিছে। ইয়াৰ মাজতে চীনে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। যোগ্য়তা অবিহনে কোনোৱে সমালোচনা কৰিব নোৱাৰি চৰকাৰ বা কিছুমান সংবেদনশীল দিশৰ ওপৰত।

সামাজিক মাধ্যমৰ ক্ষেত্ৰত নতুন নিয়ম! এইবোৰ বিষয়ত মত ব্যক্ত কৰিবলৈ থাকিব লাগিব ডিগ্ৰী...

চীনৰ নতুন নিয়ম

Updated On: 

31 Oct 2025 | 08:40 AM

বৰ্তমান সময়ত বৃদ্ধি পাইছে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা। ইয়াৰ ব্যৱহাৰ ইমানেই বেছি হৈ পৰিছে যে সামাজিক মাধ্যমৰ জৰিয়তে এখন দেশৰ চৰকাৰ, নীতি সলনি কৰিব পাৰি। এই সকলোবোৰৰ মাজতে চীনে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰসকলৰ বাবে চীনে নতুন কিছুমান নিয়ম ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত যোগ্যতা অবিহনে কোনোৱে চিকিৎসা, আইন, শিক্ষা বা বিত্তৰ দৰে সংবেদনশীল বিষয়বোৰৰ ওপৰত নিজৰ মত ব্যক্ত কৰিব নোৱাৰিব। ২৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম।

ইয়াৰ অধীনত ক্ৰিয়েটাৰসকলে এইবোৰ বিষয়ত পোষ্ট কৰাৰ আগতে নিজৰ অৰ্হতা প্ৰমাণ কৰিব লাগিব। তেওঁলোকৰ ডিগ্ৰী, পেছাদাৰী অনুজ্ঞাপত্ৰ বা বিশেষ প্ৰমাণ পত্ৰ থাকিব লাগিব। চীনৰ চাইবাৰস্পেচ এডমিনিষ্ট্ৰেচন (CAC)ৰ মতে, ভুল তথ্যৰ প্ৰচাৰ ৰোধ কৰি জনতাক বিভ্ৰান্তিৰ পৰা ৰক্ষা কৰায়েই ইয়াৰ মূল উদ্দেশ্য।

অৰ্হতা পৰীক্ষা

চীন চৰকাৰে উল্লেখ কৰিছে যে, সামাজিক মাধ্যম  Douyin (TikTok ৰ চীনৰ সংস্কৰণ), Bilibili, Weibo ৰ দৰে প্লেটফৰ্মসমূহে ক্ৰিয়েটৰসকলৰ অৰ্হতা থাকিব লাগিব। লগতে পোষ্টত উপযুক্ত উৎস আৰু অস্বীকাৰো অন্তৰ্ভুক্ত কৰিব লাগিব। অৰ্থাৎ ক্ৰিয়েটৰে তথ্য কৰা পৰা সংগ্ৰহ কৰিছে সেয়া উল্লেখ কৰিব লাগিব। ইয়াৰোপৰি CAC য়ে চিকিৎসা সামগ্ৰী, চাপ্লিমেন্টছ, স্বাস্থ্যসন্মত খাদ্যৰ বিজ্ঞাপন নিষিদ্ধ কৰিছে।

চীন চৰকাৰৰ মতে, এই সিদ্ধান্তই অনলাইনৰ ওপৰত মানুহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব। অৱশ্যে একাংশই ইয়াক চৰকাৰৰ ডিজিটেল চেঞ্চৰশ্বিপ হিচাপে উল্লেখ কৰিছে। লগতে কয় যে, চৰকাৰে এতিয়া এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব যে কোনে চৰকাৰৰ হৈ কথা ক’ব আৰু কোনে নকয়।

উল্লেখ্য যে, বৰ্তমান সামাজিক মাধ্যমৰ জনপ্ৰিয়তা অধিক। একাংশই কোনো তথ্য অবিহনে কিছুমান ভিডিঅ’ প্ৰচাৰ কৰে। যাৰ ফলত জনতাৰ মাজত ভুল তথ্য কেতিয়াবা প্ৰচাৰ হয়। এনে ক্ষেত্ৰত চীনৰ একাংশ লোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

 

অন্য় খবৰ পঢ়ক- ৰৈ ৰৈ বিনালেৰ পৰা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশলৈ, পুৱাৰ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব