নৱ প্ৰজন্মৰ প্ৰতিবাদত জ্বলিছে নেপাল, প্ৰধানমন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ
প্ৰতিবাদকাৰীয়ে নেপালৰ সংসদ ভৱনত আক্ৰমণ কৰাৰ লগতে পথসমূহ অৱৰোধ কৰি টায়াৰ জ্বলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ লগতে নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ ব্যক্তিগত বাসভৱনতো অগ্নি সংযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে।

নেপালত ব্যাপক প্ৰতিবাদ
নৱ প্ৰজন্ম ( GenZ)ৰ প্ৰতিবাদৰ জুইত জ্বলিছে নেপাল। মঙলবাৰে এই প্ৰতিবাদে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰে। সোমবাৰে আৰক্ষীৰ গুলীত কমেও ২০ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছিল যদিও, এই প্ৰতিবাদ শাম নাকাটিলে। বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ লগতে নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ বালকোটত থকা ব্যক্তিগত বাসভৱনতো অগ্নি সংযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে। যোগাযোগ মন্ত্ৰী পৃথ্বি চুব্বা গুৰুঙৰ বাসগৃহতো অগ্নি সংযোগ কৰা বুলি প্ৰকাশ কৰিছে দ্য হিমালয়ান কাকতে।
প্ৰতিবাদকাৰীয়ে নেপালৰ সংসদ ভৱনত আক্ৰমণ কৰাৰ লগতে পথসমূহ অৱৰোধ কৰি টায়াৰ জ্বলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীক ৰোধিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, পানী হিলৈ আদি নিক্ষেপ কৰে যদিও দুয়োপক্ষৰ মাজত সংঘাত অতি ভয়ংকৰ হৈ উঠে। প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগৰ দাবী তুলিছে।
#WATCH | Nepal: Violence erupts during protests in Kathmandu, as protesters demonstrate against alleged corruption. Protesters pelt stones at security personnel here, Police use tear gas shells to disperse them. pic.twitter.com/0KKko0O1Z8
— ANI (@ANI) September 9, 2025
ইফালে নেপালৰ ৰাজধানী কাঠমাণ্ডুস্থিত ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সকলো বিমানৰ উৰণ বাতিল কৰিছে কৰ্তৃপক্ষই। নিৰাপত্তাজনিত কাৰণত পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বিমান চলাচল বন্ধ হৈ থাকিব।
ইয়াৰোপৰি এই প্ৰতিবাদৰ মাজতে নেপালৰ কৃষিমন্ত্ৰী ৰামনাথ অধিকাৰীয়ে পদত্যাগ কৰিছে। গৃহমন্ত্ৰী ৰমেশ লেখকেও পদত্যাগ কৰা বুলি খবৰ প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী অলিয়ে আজি সন্ধিয়া ৬ বজাত এক সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। সকলোকে এই জটিল সময়ত শান্ত হৈ থাকিবলৈ তেওঁ আহ্বান জনায়।
‘‘মই সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি এক অৰ্থপূৰ্ণ সিদ্ধান্ত উলিয়াম। তাৰ বাবে আজি সন্ধিয়া ৬ বজাত সৰ্বদলীয় বৈঠকৰো আহ্বান জনাইছোঁ। এই কঠিন পৰিস্থিতিত সকলো ভাই-ভনীক শান্ত হৈ থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছো।’’ অলিয়ে কয়।
সোমবাৰে নেপালক কঁপাই তোলা GenZ ৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ প্ৰজন্মটোৰ “চিন্তাৰ মাজত অস্পষ্টতাক” দোষাৰোপ কৰে। তেওঁ এই বিক্ষোভসমূহক “অপ্ৰিয় পৰিস্থিতি” বুলি অভিহিত কৰে, য’ত কেইবাজনো লোকৰ মৃত্যু হয় আৰু ৰাষ্ট্ৰৰ সম্পত্তিৰ ব্যাপক ধ্বংস হয়। ‘‘ৰাজ্যৰ আইন আৰু আদালতৰ আদেশ অনুসৰি পদ্ধতিগতভাৱে ছ’চিয়েল মিডিয়া পঞ্জীয়ন কৰাৰ আমাৰ প্ৰচেষ্টা সন্দৰ্ভত পৰ্যাপ্ত তথ্যৰ অভাৱ, আৰু আমাৰ GenZ প্ৰজন্মৰ চিন্তাধাৰাৰ মাজত কিছু অস্পষ্টতাই বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।’’ তেওঁ কয়।
তেওঁ দাবী কৰে যে চৰকাৰে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ “বন্ধ” কৰাৰ পক্ষত নহয় আৰু, দেশখনে ফেচবুক, হোৱাটছএপ, এক্স আদিৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত “ইয়াৰ বাবে বিক্ষোভ কৰি থকাৰ প্ৰয়োজন নাই”।
অলিয়ে এক বিবৃতিত কয়, “ৰাজ্যৰ আইন আৰু আদালতৰ আদেশ অনুসৰি পদ্ধতিগতভাৱে ছ’চিয়েল মিডিয়া পঞ্জীয়ন কৰাৰ আমাৰ প্ৰচেষ্টা সন্দৰ্ভত পৰ্যাপ্ত তথ্যৰ অভাৱ, আৰু আমাৰ GenZ প্ৰজন্মৰ চিন্তাধাৰাৰ মাজত কিছু অস্পষ্টতাই বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ পক্ষত নাছিল আৰু ইয়াৰ ব্যৱহাৰৰ বাবে পৰিৱেশ নিশ্চিত কৰিব। ইয়াৰ বাবে প্ৰতিবাদ কৰি থকাৰ প্ৰয়োজন নাই। যি পৰিস্থিতি অব্যাহত আছে, সেই পৰিস্থিতি অব্যাহত থাকিবলৈ দিয়া নহ’ব।”
প্ৰতিবাদৰ তদন্ত, ১৫ দিনত প্ৰকাশ পাব প্ৰতিবেদন
প্ৰতিবাদৰ সময়ত কেইবাজনো লোকৰ মৃত্যু হোৱাত শোক প্ৰকাশ কৰি নেপালৰ প্ৰধানমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত কৰি ১৫ দিনৰ পিছত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি আশ্বাস দিয়ে। “সমগ্ৰ ঘটনা আৰু ক্ষয়-ক্ষতি, ইয়াৰ অৱস্থা আৰু কাৰণসমূহৰ তদন্ত আৰু বিশ্লেষণৰ বাবে এখন তদন্ত সমিতি গঠন কৰা হ’ব আৰু ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধৰ বাবে ল’বলগীয়া পদক্ষেপৰ পৰামৰ্শ দিবলৈ ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছো।” অলিয়ে কয়।
“আজিৰ বিক্ষোভৰ সময়ত প্ৰাণ হেৰুওৱা ঘটনাই মোক গভীৰভাৱে শোকাহত কৰিছে। এই অভাৱনীয় ঘটনাত পৰিয়ালৰ সদস্যক হেৰুওৱা সকলৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। চৰকাৰে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব।” তেওঁ লগতে কয়।