নেপালৰ বান-ভূমিস্খলনত মৃত্যু সংখ্যা ২৪১ জনলৈ বৃদ্ধি, ২০০ ৰো অধিক বিদেশী পৰ্যটকক উদ্ধাৰ…

নেপালৰ ভয়াবহ বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪১ ত বৃদ্ধি পাইছে । ৪,০০০ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ২৯ জন লোক এতিয়াও সন্ধানহীন হৈ আছে । ইফালে উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

নেপালৰ বান-ভূমিস্খলনত মৃত্যু সংখ্যা ২৪১ জনলৈ বৃদ্ধি, ২০০ ৰো অধিক বিদেশী পৰ্যটকক উদ্ধাৰ...

নেপালৰ বান আৰু ভূমিস্খলন

Published: 

02 Oct 2024 11:27 AM

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৪১ জনলৈ বৃদ্ধি পাইছে । মঙলবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেশখনৰ ভয়াবহ দুৰ্যোগৰ সন্দৰ্ভত কয় যে, বৰ্তমানে বান আৰু ভূমিস্খলনত কৱলত পৰা প্ৰায় ৪ হাজাৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে । এতিয়ালৈকে ২৪১ জন লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ লগতে উদ্ধাৰ অভিযানত চৰকাৰৰ ফালৰ পৰা পলম হোৱা বুলিও স্বীকাৰ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

নেপালৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, দেশখনৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা প্ৰায় ৪৩৩১ জন লোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে । ইফালে, ভয়াবহ বান আৰু ভূমিস্খলনত নেপালৰ প্ৰায় ১৭ মিলিয়ন সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰিছে মুখ্য সচিব একনাৰায়ণ আৰয়ালে । তেওঁ কয় যে, বান আৰু ভূমিস্খলনৰ ফলত এতিয়াও ২৯ জন লোক নিৰুদ্দেশ হৈ আছে । ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে ১২৬ জন লোক ।

কাঠমাণ্ডু পোষ্ট কাকতৰ প্রতিবেদন অনুসৰি, গৃহ মন্ত্র্যালয়ৰ মুখপাত্ৰ ঋষিৰাম তিৱাৰীয়ে কয় যে, বিগত দুদিনত হেলিকপ্টাৰৰ সহায়ত কেইবাটাও বানপীড়িত অঞ্চলৰ পৰা বিদেশী পৰ্যটককে ধৰি প্রায় ৯০০ লোকক উদ্ধাৰ কৰা হৈছে ৷ নেপাল সেনাৰ হেলিকপ্টাৰেৰে ৬৮৩ জন লোকক উদ্ধাৰ কৰা বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। দেওবাৰে ৪২৫ জন আৰু সোমবাৰে ২৫৮ জন লোকক উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

তেওঁ কয় যে, নেপাল সেনাৰ উপৰিও ব্যক্তিগত হেলিকপ্টাৰেও বিশেষকৈ পাহাৰীয়া অঞ্চলত আবদ্ধ হৈ থকা বিদেশী পৰ্যটকক উদ্ধাৰ কৰা হৈছে । সূত্ৰই সদৰী কৰা মতে, যোৱা দুদিনত প্ৰায় ২০০ বিদেশী পৰ্যটকক প্ৰাকৃতিক দুৰ্যোগৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, বান আৰু ভূমিস্খলনত নেপালৰ কাঠমাণ্ডু উপত্যকা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । কাঠমাণ্ডুত প্ৰায় ৫০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । উদ্ধাৰ অভিযানৰ বাবে নেপাল সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষীকে ধৰি ২০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষীক নিয়োগ কৰা হৈছে।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...