আমেৰিকাত বাহনৰ ভিতৰত উদ্ধাৰ ৪ ভাৰতীয়ৰ মৃৃতদেহ, কেনেকৈ সাৱতিলে মৃত্যুক?

আমেৰিকাত মৃত্যু ভাৰতীয়মূলৰ ৪ নাগৰিকৰ। জানিব পৰা মতে, মন্দিৰলৈ যোৱাৰ পাছত নিৰুদ্দেশ হৈ আছিল এটা পৰিয়ালৰ ৪জন সদস্য। তাৰপাছতে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হয়।

আমেৰিকাত বাহনৰ ভিতৰত উদ্ধাৰ ৪ ভাৰতীয়ৰ মৃৃতদেহ, কেনেকৈ সাৱতিলে মৃত্যুক?

ভাৰতীয় পৰিয়াল

Published: 

03 Aug 2025 16:43 PM

আমেৰিকাত মৃত্যুক সাৱতি ল’লে ৪ ভাৰতীয়মূলৰ জ্যোষ্ঠ নাগৰিকে। আমেৰিকাৰ মাৰ্শ্বেল কাউন্টিৰ শ্বেৰিফ মাইক ডাউহাৰ্টিয়ে নিশ্চিত কৰে যে নিউয়ৰ্কৰ বাফেলোৰ পৰা পশ্চিম ভাৰ্জিনিয়ালৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হোৱা ভাৰতীয় মূলৰ এটা পৰিয়ালৰ মৃত্যু হৈছে। এক পথ দুৰ্ঘটনাত চাৰিওজনে মৃত্যুক সাৱতি লয়। নিহত কেইজন হৈছে ডাঃ কিশোৰ দেৱান, আশা দেৱান, শৈলেশ দেৱান আৰু গীতা দেৱান। প্ৰশাসনৰ মতে, ২ আগষ্টৰ নিশা পশ্চিম ভাৰ্জিনিয়াৰ মাৰ্শ্বেল কাউন্টিৰ বিগ হুইলিং ক্ৰিক ৰোডৰ সমীপত এখন কেম্ৰী উদ্ধাৰ হয়। তাৰ ভিতৰতে আছিল ৪টাকৈ মৃতদেহ।

প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা জাননী অনুসৰি, নিউয়ৰ্কৰ বাফেলোৰ পৰা নিৰুদ্দেশ হোৱা চাৰিজন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। এই আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ হৈছে। প্ৰশাসনে নিহতসকললৈ সমবেদনা জ্ঞাপন কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি জনায়। তদন্তৰ অন্তত আৰক্ষী তথা প্ৰশাসনে অধিক তথ্য প্ৰকাশ কৰিব।

জানিব পৰা মতে, ভাৰতীয়মূলৰ পৰিয়ালটোক শেষৰবাৰৰ বাবে মঙলবাৰ (২৯জুলাই) দুপৰীয়া প্ৰায় ২.৪৫ বজাত পেনচিলভেনিয়াৰ ইৰিৰ পিচ ষ্ট্ৰীটৰ এখন বাৰ্গাৰ কিং ৰেষ্টুৰেণ্টত দেখা গৈছিল। এই স্থানত তেওঁলোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে।

 

পাছত পেনচিলভেনিয়া ষ্টেট ট্ৰুপাৰৰ নম্বৰ প্লেট ৰিডাৰে তেওঁলোকৰ গাড়ীখন আন্তঃৰাজ্যিক ৭৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দক্ষিণ দিশলৈ গৈ থকা বুলি গম পায়। ধাৰণা কৰা হৈছে যে, এই পথেৰে তেওঁলোকে পশ্চিম ভাৰ্জিনিয়াৰ মাউণ্ডছভিলত অৱস্থিত আধ্যাত্মিক আশ্ৰম প্ৰভুপাদৰ পেলেচ অৱ গোল্ডৰ ফালে গৈ আছিল। আৰক্ষীয়ে সেই ঠাইত তেওঁলোকৰ প্ৰি বুকিং আছে বুলিও তথ্য লাভ কৰিছে।

প্ৰাৰম্ভিক তদন্ত অনুসৰি, ভাৰতীয় মূলৰ এই পৰিয়ালটোৱে এটা মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল। এই পথটোত স্থাপন কৰা কেমেৰাত তেওঁলোকৰ বাহনখন মন্দিৰৰ ৰাস্তাৰে গৈ থকা দেখা গৈছে। চেলফোন টাৱাৰৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁলোকৰ ডিভাইচসমূহ শেষবাৰৰ বাবে বুধবাৰে পুৱা ৩ বজাত মাউণ্ডছভিল আৰু হুইলিঙত সক্ৰিয় হৈছিল। তাৰ পাছতে তেওঁলোকে নিৰুদ্দেশ হৈছিল আৰু কোনোৱে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল।

তাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি ৪জনৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হয়, এয়া দুৰ্ঘটনা নে অইন কিবা এই সকলোবোৰ এতিয়া ৰহস্যৰ আৱৰ্তত। গতিকে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব যে কেনেকৈ মৃত্যু হ’ল আটাইকেইজনৰ। বৰ্তমান আটাইৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ নিৰুদ্দেশ হোৱা যাত্ৰী উদ্ধাৰৰ পৰা আমেৰিকাত ৪ ভাৰতীয়ৰ মৃত্যুলৈ, দিনটোৰ খবৰসমূহ…

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...