আমি প্ৰতিশোধ ল’ব জানো- ভাৰতক পুনৰ ভাবুকি পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহৰ…
পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কাছুৰীয়ে পুনৰ ভাবুকি দিছে ভাৰতক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লৈ তেওঁ সন্ধু নদী আৰু জম্মু-কাশ্মীৰ দখল কৰিব বুলি কয়। আনকি ভাৰতে পৰিণাম ভুগিব লাগিব বুলিও তেওঁ কয়।

ছাইুফুল্লাহ
পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড খ্যাত ছাইফুল্লাহ কাছুৰীয়ে পুনৰ ভাৰতক ভাবুকি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম উল্লেখ কৰি তেওঁ ভাৰতক ভাবুকি প্ৰদান কৰাৰ লগতে সিন্ধু নদী আৰু জম্মু-কাশ্মীৰ দখল কৰিব বুলি কয়। তেওঁ কয়, “ইনশ্বাল্লাহ… নদী, বান্ধ, কাশ্মীৰ, সকলো আমাৰ হ’ব।” সন্ত্ৰাসবাদীজনৰ এই মন্তব্য এতিয়া বিশেষ চৰ্চাত আছে। এইজন সন্ত্ৰাসবাদীয়ে আছিল পহলগাম কাণ্ডৰ মূল অভিযুক্ত।
ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে কাছুৰীয়ে। তেওঁ কয়, ইনশ্বাল্লাহ সময় আহিছে, এই নদীবোৰ আমাৰ হ’ব, ইয়াৰ বান্ধবোৰ আমাৰ হ’ব। জম্মু-কাশ্মীৰো হ’ব আৰু ইয়াৰ পৰিণাম ভাৰতে বহন কৰিব লাগিব। তেওঁ আৰু কয়, পাকিস্তানক কেনেকৈ ৰক্ষা কৰিব লাগে আমি ভালদৰে জানো। শত্ৰুৰ পৰা কেনেকৈ প্ৰতিশোধ ল’ব লাগে আমি জানো।
বিগত সময়চোৱাত পাকিস্তানে কৈ আহিছে যে তেওঁলোকৰ দেশত সন্ত্ৰাসবাদী নাই। আনকি তেওঁলোক নিজে সন্ত্ৰাসৰ বলি হৈ অহা বুলি কৈছিল। কিন্তু পাকিস্তানৰ এই দাবী যেন অসাৰ। এই কথা ছাইফুল্লাহৰ দৰে সন্ত্ৰাসবাদীয়ে বাৰে বাৰে প্ৰমাণ কৰে।
উল্লেখ্য যে, জম্ম-কাশ্মীৰৰ পহলগামত চলা আক্ৰমণৰ পাছতে ভাৰতে পি অ’ কে আৰু পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত চলাইছিল অপাৰেশ্যন সেন্দূৰ। ৯টা স্থানত চলোৱা অভিযানত ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। এই আক্ৰমণত মৃত্যু হৈছিল জেইছ ই মহম্মদৰ আজহৰ মাছুদৰ সমগ্ৰ পৰিয়াল।
এই অভিযানৰ পাছতে যেন শংকিত হৈ পৰিছে লস্কৰৰ সদস্য ছাইফুল্লাহ। ইয়াৰ পূৰ্বে ছাইফুল্লাহ কাছুৰীয়ে কৈছিল যে পহলগাম আক্ৰমণৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। কিন্তু এতিয়া পুনৰ ছাইফুল্লাহে ভাৰতৰ ওপৰত ভাবুকি প্ৰদান কৰিছে। অৱশ্যে এয়া কোনো নতুন কথা নহয়, পাকিস্তানৰ পৰা একাংশ সন্ত্ৰাসবাদীয়ে এনেকৈ ভাৰতক বহু সময়ত ভাবুকি প্ৰদান কৰি আহে। কিন্তু ভাৰতে নিজক ৰক্ষা কৰিব জানে।
ইফালে ভাৰতে কৈ গৈছে যে, অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই। এই অভিযান এতিয়াও চলি আছে। গতিকে আশা কৰিব পাৰি যে ভাৰতে এই অভিযানৰ জৰিয়তে ছাইফুল্লাৰ দৰে সন্ত্ৰাসবাদীক মাটিৰ লগত মিহলি কৰি দিব।
অন্য খবৰ পঢ়কঃ অৱশেষত স্বীকাৰ! অপাৰেশ্যন সেন্দূৰৰ সময়ত টুকুৰা-টুকুৰ হৈ গৈছিল মাছুদৰ পৰিয়ালৰ আটাইকেইজন সদস্য…