গণৰাজ্য দিৱসৰ পূৰ্বে ডাঙৰ খবৰ! জলপথেৰে সন্ত্ৰাস বিয়পোৱাৰ প্ৰস্তুতি লস্কৰ-ই-তৈবাৰ…

সমাগত গণৰাজ্য দিৱস। ইয়াৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ তথ্য। লস্কৰ-ই-তৈবাই এতিয়া পানীৰে সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা কৰি আছে। ইয়াকে লৈ তেওঁলোকে সদস্যসকলক প্ৰশিক্ষণ দি আছে।

গণৰাজ্য দিৱসৰ পূৰ্বে ডাঙৰ খবৰ! জলপথেৰে সন্ত্ৰাস বিয়পোৱাৰ প্ৰস্তুতি লস্কৰ-ই-তৈবাৰ...

Let

Published: 

16 Jan 2026 | 05:42 PM

অব্যাহত আছে লস্কৰ-ই-তৈবা (LeT)ৰ সন্ত্ৰাসবাদী অভিযান। শেহতীয়াকৈ এটা চোৰাংচোৱা সংস্থাৰ তথ্যত প্ৰকাশ পাইছে যে, লস্কৰ-ই-তৈবাই সন্ত্ৰাস বিয়পোৱাৰ বাবে এক নতুন উপায় বিচাৰি উলিয়াইছে। লস্কৰৰ কামাণ্ডৰ ছাইফুল্লাৰ এক বিবৃতিত প্ৰকাশ পাইছে লস্কৰে এতিয়া পানীৰ জৰিয়তে ডাঙৰ আক্ৰমণৰ বাবে সাজু হৈছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি,সন্ত্ৰাসবাদী সংগঠনটোৱে এতিয়া পানীৰ জৰিয়তেও বিধ্বংসী ৰূপ ধাৰণ কৰিব।

গণৰাজ্য দিৱস কাষ চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ নিৰাপত্তা ব্যৱস্থাত নজৰ ৰখা গৈছে। চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি, লস্কৰ-ই-তৈবাই শ শ স্কুবা ডাইভাৰ আৰু প্ৰশিক্ষিত সাঁতোৰবিদক প্ৰশিক্ষণ দি আছে। পাকিস্তানৰ বিভিন্ন স্থানত তেওঁলোকে পানীৰ তলত নিজা নিজা অভিযান অব্যাহত ৰাখিছে।

বিশেষ প্ৰশিক্ষণ

লস্কৰ-ই-তৈবাই সদস্যসকলক বিশেষ প্ৰশিক্ষণ দি আছে। এনে অৱস্থাত এতিয়া জলপথৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰে। খবৰ অনুসৰি, সন্ত্ৰাসবাদী সংগঠনটোৱে নিজৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ উন্নত প্ৰযুক্তিৰে সজ্জিত কৰি তুলিছে।এই প্ৰশিক্ষণ কেন্দ্ৰসমূহত উন্নত সঁজুলি আৰু স্পীডবোটৰো ব্যৱহাৰ কৰা হৈছে যাতে পানীৰ ভিতৰেৰে প্ৰবেশ কৰি সন্ত্ৰাস চলাব পাৰে।

লস্কৰ-ই-তৈবা কিমান বিপজ্জনক?

লস্কৰ-ই-তৈবা পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠন। এই সংগঠনটোৱে আল কায়দা আৰু ওছামা বিন লাডেনৰ দৰে সংগঠনক সমৰ্থন লাভ কৰি আহিছে। হাফিজ মহম্মদ ছাইদ ইয়াৰ নেতা। ১৯৯৩ চনৰ পৰা সংগঠনটোৱে সামৰিক আৰু সাধাৰণ নাগৰিক উভয়কে লক্ষ্য কৰি বহু আক্ৰমণ চলাই গৈছে।

২০০৮ চনৰ মুম্বাই আক্ৰমণৰ সময়ত প্ৰায় ১৬৪ জন লোকৰ মৃত্যু হৈছিল আৰু একাধিক আহত হৈছিল। ইয়াৰোপৰি ২০০৬ চনত মুম্বাই লোকেল ট্ৰেইন বিস্ফোৰণ, ২০০১ চনত ভাৰতীয় সংসদত সংঘটিত আক্ৰমণ, ২০০৫ চনত দিল্লী আৰু বেংগালুৰুত সংঘটিত আক্ৰমণ আদিতো এই সংগঠনটো জড়িত আছে। ই ভাৰতৰ লগতে আফগানিস্তান আৰু এছিয়াৰ অন্য দেশতো সক্ৰিয় হৈ থাকে।ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা তালিকাত লস্কৰ-ই-তৈবাৰ কেইবাজনো নেতাৰ নাম আছে।

 

অন্য খবৰ পঢ়কঃ ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত কি ক’লে খুড়াক মনোজ বৰঠাকুৰে…

কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি