বিশ্বৰ সৰ্ববৃহৎ! এইখন চহৰত সমাধিস্থ হৈ আছে প্ৰায় ৬০ লাখ মুছলিম লোকৰ মৃতদেহ….

Largest Cemetery: জন্ম আৰু মৃত্যু এক চিৰন্তন সত্য। জন্ম হ'লে মানুহৰ মৃত্যু হবই। ইছলাম ধৰ্মত মৃত্যুৰ পাছত মৃতদেহ কবৰ দিয়াৰ নিয়ম আছে। পিছে আপুনি জানেনে, বিশ্বৰ ডাঙৰ কবৰস্থান ক'ত আছে?

বিশ্বৰ সৰ্ববৃহৎ! এইখন চহৰত সমাধিস্থ হৈ আছে প্ৰায় ৬০ লাখ মুছলিম লোকৰ মৃতদেহ....

বিশ্বৰ সৰ্ববৃহৎ কবৰস্থান

Published: 

23 Nov 2025 14:47 PM

জন্ম হ’লে মৃত্যু নিশ্চিত। প্ৰতিদিনে বিশ্বত লাখ লাখ লোকৰ মৃত্যু হয়। এই মৃত্যুৰ পাছত ধৰ্ম অনুযায়ী মৃতকৰ শেষকৃত কৰা হয়। হিন্দু ধৰ্মত যেনেকৈ মৃতদেহ দাহ কৰা হয়, ঠিক তেনেকৈ খ্ৰীষ্টান, ইছলাম বা অন্য ধৰ্মত মৃতদেহ কবৰ দিয়া হয়। পিছে আপুনি জানেনে বিশ্বৰ সৰ্ববৃহৎ কবৰস্থান ক’ত আছে? এই কবৰস্থাত লাখ লাখ মৃতদেহৰ অন্তিম ক্ৰিয়া কৰা হৈছে। জানিব পৰা মতে, এই কবৰস্থানত ৬০ লাখৰো অধিক মৃতদেহ সমাধিস্থ হৈ আছে।

তথ্য অনুসৰি এই কবৰস্থান আছে ইৰাকৰ পবিত্ৰ চহৰ ‘নাজাফ’ত। এই কবৰস্থানৰ নাম ৱাদি আল-ছালাম (“শান্তিৰ উপত্যকা”) । ২০২৩ চনত প্ৰকাশিত এক তথ্য অনুসৰি, এই কবৰস্থানখনত ৬০ লাখৰো অধিক মৃতদেহ সমাধিস্থ কৰা হৈছে। ইউনেস্কোৰ তথ্য অনুসৰি ৱাদি আল-ছালাম কবৰস্থানত বহু পেগম্বৰ, বৈজ্ঞানিক, ৰাজপৰিয়ালৰ সদস্যকো সমাধিস্থ কৰা হৈছে।

কিমান ডাঙৰ

এই কবৰস্থান নাফজ নামৰ চহৰখনৰ মাজমজিয়াত অৱস্থিত, ই উত্তৰ-পশ্চিমলৈ বিস্তৃত। এই কবৰস্থানটো ইমানেই ডাঙৰ যে ই চহৰখনৰ ১৩ শতাংশ অঞ্চল সামৰি লৈছে। ২০২১ চনৰ ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ৱাদি আল-ছালামে স্বাভাৱিক হাৰত দুগুণ হাৰত সম্প্ৰসাৰণ ঘটাইছে।

প্ৰত্নতত্ত্ববিদগৰাকীৰ ৱেবছাইট অনুসৰি এই শ্মশান ১,৪৮৫.৫ হেক্টৰ (৩,৬৭৭ একৰ) বিস্তৃত। ইউনেস্ক’ৰ তথ্য অনুসৰি এই শ্মশানত ১৪০০ বছৰ ধৰি মানুহক সমাধিস্থ কৰা হৈছে। মধ্য যুগৰ পৰা এই কবৰস্থানৰ ব্যৱহাৰ কৰি অহা হৈছে। ইয়াক নিম্ন স্তৰৰ পৰা ওখস্থানলৈ সমাধিক আছে। ইয়াৰোপৰি ইয়াত ভল্ট (গোপন কক্ষ)তো মৃতদেহ কবৰ দিয়া হৈছে।

ৰজাক সমাধি

ইউনেস্কৰ তথ্য অনুসৰি, আল-ছাছানিদ যুগত (২২৬-৬৩৭) আল-হিৰাৰ ৰজা আৰু তেওঁৰ নেতাসকলক ইয়াক কবৰ দিয়া হৈছিল। ইয়াৰোপৰি হামদানিয়া, ফাতিমিয়া, আল-বুৱাইহিয়া, ছাফাবিয়া, কাজাৰ, আৰু জালায়ৰিয়া ৰাজ্যৰ চুলতান আৰু ৰাজকুমাৰসকলকো ইয়াত সমাধিস্থ কৰা হৈছে। তদুপৰি ইমাম আলী ইবনে আবি তালিবৰ সমাধিও ইয়াত অৱস্থিত।

অভিলেখ

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা আল জাজিৰাৰ মতে, ছিয়া মুছলমানসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ কবৰস্থান। প্ৰতিবছৰে প্ৰায় ৫০ হাজাৰ লোকক ইয়াত সমাধি দিয়া হয়। বিশ্বজুৰি ছিয়া মুছলমানসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ কবৰস্থান। ইয়াত প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ লোকক সমাধিস্থ কৰা হয়। সংবাদ সংস্থা AFPৰ মতে, ইয়াত  এটা কবৰ খন্দাৰ দাম ৮,৩০০, আৰু কবৰ পাথৰৰ দাম ১৪,১১০ ৰ পৰা ১৬.৬০০ৰ মাজত। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি ই বিশ্বৰ সৰ্ববৃহৎ কবৰস্থান।

 

অন্য খবৰ পঢ়কঃ কি হৈছিল নিশা? পত্নী -সন্তানসহ উদ্ধাৰ একেটা পৰিয়ালৰ ৪টা মৃতদেহ…

পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত? জানক...
প্ৰতিদিনে এটাকৈ ইলাচি খালে কি লাভ হয় জানেনে? জানক...
শীতকালত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়, এই সময়ত গৰ্ভৱতী মহিলাৰ যত্ন কেনেকৈ ল'ব ?