জীৱনৰ আনন্দ হেৰুৱাই কোটি টকা সঞ্চয় কৰিলে জাপানৰ এজন ব্যক্তিয়ে, অৱসৰৰ পাছত অনুশোচনা !
তেওঁ কোটিপতি, কিন্তু তেওঁ কোনো ব্যৱসায়ী নহয়। কিন্তু তেওঁ অত্যন্ত মিতব্যয়ী জীৱন যাপন কৰে। মিতব্যয়িতাৰ বাবে তেওঁ ৬৫ মিলিয়ন য়েন (প্ৰায় ৪ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰ বা ৩.৯০ কোটি টকা) ৰাহি বা সঞ্চয় কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী জাপানী ব্যক্তি, বয়স ৬৭ বছৰ। এই ব্যক্তিগৰাকী একেবাৰে সাধাৰণ নহয়। তেওঁ কোটিপতি, কিন্তু তেওঁ কোনো ব্যৱসায়ী নহয়। কিন্তু তেওঁ অত্যন্ত মিতব্যয়ী জীৱন যাপন কৰে। মিতব্যয়িতাৰ বাবে তেওঁ ৬৫ মিলিয়ন য়েন (প্ৰায় ৪ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰ বা ৩.৯০ কোটি টকা) ৰাহি বা সঞ্চয় কৰিবলৈ সক্ষম হৈছিল। আজি ৬৭ বছৰ বয়সত তেওঁ অনুশোচনা কৰিছে। কিয়, কি কাৰণত হাতত কোটি টকাৰ থকাৰ পাছতো তেওঁ অনুশোচনা কৰিবলগীয়া হৈছে?
অৱসৰৰ সময়ত প্ৰায় ৪ কোটি টকাৰ হাতত থকাৰ অৱস্থাত তেওঁ বিশেষকৈ পত্নীৰ মৃত্যুৰ পিছত জীৱনৰ সাধাৰণ আনন্দতকৈ ধনক অগ্ৰাধিকাৰ দিয়াৰ বাবে তেওঁ অনুশোচনা কৰে। আচলতে জীৱনৰ সাধাৰণ আনন্দতকৈ টকাৰ অগ্ৰাধিকাৰ দিয়াটো তেওঁৰ ভুল হৈছিল। যাৰ বাবে তেওঁ অনুশোচনা কৰিবলগীয়া হৈছে।
জাপানৰ সম্পত্তি ব্যৱস্থাপনা আউটলেট THE GOLD ONLINE ৰ উদ্ধৃতি দি চাউথ চাইনা মৰ্নিং পোষ্টে প্ৰকাশ কৰিছে এই কাহিনী। “ছুজুকি” নামেৰে পৰিচিত ব্যক্তিজনে দৰিদ্ৰতাত ডাঙৰ-দীঘল হৈছিল আৰু মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত ৰেষ্টুৰেণ্টত কাম কৰি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ যেতিয়া চাকৰি আৰম্ভ কৰে, তেতিয়া তেওঁ খৰচ কমাবলৈ কৰ্মস্থলীৰ পৰা আঁতৰত থকা এটা সস্তীয়া এপাৰ্টমেণ্ট বাছি লৈছিল।
ঘৰতে বনোৱা খাদ্য খাইছিল, কাৰ্যালয়লৈ প্ৰায়ে টিফিনৰ বাকচত বীনৰ গজালি আৰু কুকুৰাৰ মাংস পেক কৰি নিছিল। বছৰ বছৰ ধৰি তেওঁ ৰেষ্টুৰেণ্টৰ আহাৰ সম্পূৰ্ণৰূপে এৰাই চলিছিল। কাৰ্যালয়লৈ চাইকেল লৈ গৈছিল বা খোজ কাঢ়ি গৈছিল আৰু বিদ্যুতৰ বিল কমাবলৈ এয়াৰ কণ্ডিচনাৰ কম ব্যৱহাৰ কৰিছিল।
ছুজুকিয়ে কৰ্মস্থলীত তেওঁৰ পত্নীক প্ৰথম লগ পাইছিল। পত্নীও তেওঁৰ মিতব্যয়ী জীৱনশৈলীৰ সৈতে পৰিচিত আছিল, আৰু দুয়োয়ে এটি সন্তান জন্ম দিছিল। তাক তেওঁলোকে ডাঙৰ-দীঘল কৰিছিল। তেওঁ স্বীকাৰ কৰে যে, সন্তান জন্ম হোৱাৰ পিছত তেওঁৰ সঞ্চয়ৰ অভ্যাস কিছু শিথিল হৈছিল যদিও মিতব্যয়িতা তেওঁৰ জীৱনশৈলীৰ অংশ হৈয়েই আছিল।
এতিয়া পত্নীৰ মৃত্যুৰ পিছত ছুজুকিয়ে অনুশোচনা কৰিছে আৰু তেওঁ কয়, “যিহেতু সময় পিছলৈ ঘুৰাব নোৱাৰি। কেৱল টকা থকাৰ জীৱনৰ অৰ্থ কি?”
জাপানৰ এই ঘটনাই প্ৰথম নহয়, য’ত মানুহে অধিকাংশ সময় মিতব্যয়ী জীৱন কটায়। যোৱা বছৰ ৪৫ বছৰীয়া এজন ব্যক্তিয়ে দুটা দশক মিতব্যয়ী জীৱন যাপন কৰি ১৩৫ মিলিয়ন য়েন (প্ৰায় ৯ লাখ ১০ হাজাৰ মাৰ্কিন ডলাৰ বা ৮.০৪ কোটি টকা) সঞ্চয় কৰাৰ বাবে শিৰোনাম দখল কৰিছিল। তেওঁৰ খাদ্যত প্ৰায়ে কেৱল টেঙা প্লাম, শাক-পাচলি আৰু ভাত আছিল আৰু কেতিয়াবা ৰাতিৰ আহাৰ হিচাপে বিনামূলীয়া এনাৰ্জি ড্ৰিংক সেৱন কৰিছিল।
ছুজুকিৰ এই কাহিনীয়ে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে – নিৰাপদ ভৱিষ্যৎ আৰু বৰ্তমানক উপভোগ কৰি জীয়াই মাজত কেনেকৈ সমতা ৰাখিব? তেওঁৰ শৃংখলাবদ্ধ জীৱনশৈলীয়ে যদিও আৰ্থিক সুৰক্ষা প্ৰদান কৰিলে, তেওঁ কিন্তু বৰ্তমানক উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল। ধন-সম্পত্তি তেতিয়াহে অৰ্থপূৰ্ণ হয়, যেতিয়া জীৱনটোক উদযাপন কৰিব পাৰে।