পেটৰ আলচাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

28 September 2025

TV9 ASSAM

পেট বা অন্ত্ৰৰ ভিতৰৰ আৱৰণত ঘাঁ বা আঘাতৰ সৃষ্টি হোৱা অৱস্থাক আলচাৰ বুলি কোৱা হয়। প্ৰায়ে গেষ্ট্ৰিক আলচাৰৰ সমস্যা হয়।

আলচাৰ

পেটৰ আলচাৰৰ পৰা বাছি থাকিবলৈ টেঙা আৰু তেলীয়া খাদ্য বেছিকৈ খাব নালাগে।

তেলীয়া খাদ্য

দৈনিক স্বাস্থ্যকৰ খাদ্য খাবলৈ আৰম্ভ কৰক আৰু ভোকত নাথাকিব। ভোক অনুভৱ কৰিলে খাদ্য খাওক।

ভোকত নাথাকিব

মদ, ধূমপান, অত্যধিক কেফেইন আদিৰ পৰা বিৰত থাকক। এই অভ্যাস থাকিলে অতি সোনকালে ত্যাগ কৰক।

মদ, ধূমপান

চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ঔষধ ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

ঔষধ

মানসিক চাপ কম কৰিবলৈ যোগাসন, ধ্যান বা খোজ কঢ়াৰ চেষ্টা কৰক। মানসিক চাপৰ পৰা আঁতৰি থাকক।

মানসিক চাপ

যদি আপুনি পেট বা অন্ত্ৰত অবিৰত বিষ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

চিকিৎসকৰ পৰামৰ্শ 

পঢ়িবলৈ ক্লিক কৰক

যকৃতৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি?