শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ মিনিটত ২৬০০০ ফুট উচ্চতাৰ পৰা তলত পৰিল বয়িং বিমান, ভিতৰত আছিল ২০০ জন লোক…

বিজুতিৰ ফলত বিমানখন হঠাতে তললৈ নামি আহে। প্ৰায় ২৬ হাজাৰ ফুট ওপৰৰ পৰা বিমানখন নামি যোৱা দেখি আতংকিত হৈ পৰিছিল যাত্ৰীসকল। অৱশ্যে শেষত বিমানখন নিৰাপদে মাটিত অৱতৰণ কৰোৱা হয়।

১০ মিনিটত ২৬০০০ ফুট উচ্চতাৰ পৰা তলত পৰিল বয়িং বিমান, ভিতৰত আছিল ২০০ জন লোক…
জাপান এয়াৰলাইন্সৰ বয়িং বিমানত বিজুতি
trishna-kalita
Trishna Kalita | Published: 02 Jul 2025 14:52 PM

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আন এখন বয়িং বিমান।  চীনৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ উৰা মাৰিছিল জাপান এয়াৰলাইন্সৰ বয়িং বিমানখনে। চাংহাইৰ পৰা উৰা মৰাৰ পিছতে  বিজুতিৰ ফলত বিমানখন হঠাতে তললৈ নামি আহে। প্ৰায় ২৬ হাজাৰ ফুট ওপৰৰ পৰা বিমানখন নামি যোৱা দেখি আতংকিত হৈ পৰিছিল যাত্ৰীসকল। অৱশ্যে শেষত বিমানখন নিৰাপদে মাটিত অৱতৰণ কৰোৱা হয়।

১৯১ জন যাত্ৰী আছিল

চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই বয়িং বিমানখনত ১৯১ জন যাত্ৰী আছিল। ক্ৰু সদস্যসকলক সামৰি প্ৰায় ২০০ জন লোক আছিল বিমানখনত।যাত্ৰীসকলৰ অধিকাংশই আছিল চীনৰ, যিসকলে জাপানৰ টকিঅ’লৈ গৈছিল। জাপান চৰকাৰৰ মতে, কেবিনত কিছু কাৰিকৰী বিজুতি হৈছিল, যিটো  ঠিক কৰিবলৈ চেষ্টা চলাইছিল পাইলটসকলে। এই সময়ছোৱাত বিমানখন ২৬০০০ ফুট উচ্চতাৰ পৰা ১০ মিনিটত নমাই অনা হয়।

প্ৰাথমিক খবৰ অনুসৰি যেতিয়া বিমানখনে কেবিনত বায়ুৰ চাপ বজাই ৰখা প্ৰেচাৰাইজেশ্যন চিষ্টেমৰ ক্ৰুটিৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছিল, তেতিয়া পাইলটসকলে বিমান পৰিবহণ নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ কৰিছিল।

ইফালে বিমানখন তললৈ নামি অহাৰ লগে লগে এয়াৰ হোষ্টেছে সতৰ্কবাণী জাৰি কৰে। সতৰ্কবাণী শুনাৰ লগে লগে বিমানখনত আতংকৰ সৃষ্টি হয়। তাৰ পিছত যাত্ৰীসকলৰ চিঞৰ-বাখৰ আৰম্ভ হয়। লগে লগে একাংশ যাত্ৰী ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ আৰম্ভ কৰে।   বিমানখন তললৈ নামি গৈ থকা দেখি এগৰাকী যাত্ৰীয়ে লিখিছে – “মোৰ শৰীৰটো এতিয়াও ইয়াতেই আছে। মোৰ ভৰি দুখন কঁপিছে। জীৱন বা মৃত্যুৰ সন্মুখীন হ’লে বাকী সকলোবোৰ তুচ্ছ যেন লাগে।”

অৱতৰণ কৰাৰ পিছতো বিমানখন প্ৰায় ১ ঘণ্টা ধৰি তেনেকৈয়ে ৰখা হৈছিল। তাৰ পিছতহে যাত্ৰীসকলক বাহিৰলৈ যাব দিয়া হয়। এই সন্দৰ্ভত জাপান এয়াৰলাইন্সে কয় যে, তেওঁলোকে সকলো যাত্ৰীক ক্ষতিপূৰণ হিচাপে প্ৰায় ১০ হাজাৰ টকাকৈ দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে বিমান সংস্থাটোৱে।