Janmashtami 2025: শ্ৰীকৃষ্ণৰ দৰ্শন আওৰাই সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰখাৰ সংকল্প মহম্মদ ইউনুছৰ

Janmashtami 2025: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশতো হিন্দুসকলে পালন কৰিছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে এই উপলক্ষে শ্ৰীকৃষ্ণৰ দৰ্শনৰ কথা দোঁহাৰে।

Janmashtami 2025: শ্ৰীকৃষ্ণৰ দৰ্শন আওৰাই সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰখাৰ সংকল্প মহম্মদ ইউনুছৰ

জন্মাষ্টমীৰ শুভেচ্ছা জনালে মহম্মদ ইউনুছে

Updated On: 

16 Aug 2025 | 12:56 PM

আজি ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। অসমত অৱশ্যে জন্মাষ্টমী পালন কৰা হ’ব ভাদ মাহত কৃষ্ণা অষ্টমী তিথিত। চুবুৰীয়া বাংলাদেশতো হিন্দুসকলে আজি জন্মাষ্টমী পালন কৰিছে।

বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শনিবাৰে জন্মাষ্টমী উপলক্ষে দেশখনৰ হিন্দু সম্প্ৰদায়ক সম্ভাষণ জনাই কয় যে ভগৱান কৃষ্ণৰ শিক্ষাই “পাৰস্পৰিক সদিচ্ছা আৰু ভাতৃত্ববোধ” শক্তিশালী কৰাত সহায় কৰিব। লগতে দেশখনৰ “বৰ্তমানৰ শৃংখলা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি” বজাই ৰখাত সহায় কৰিব।

যোৱা বছৰৰ আগষ্ট মাহত তেওঁ ক্ষমতালৈ অহাৰ পিছত হিন্দু সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ উপাসনাস্থলীৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হোৱাৰ সন্দৰ্ভত ব্যাপক উদ্বেগ প্ৰকাশৰ সময়তে ইউনুছে এই শুভেচ্ছা জনাইছে।

এটা বাৰ্তাত ইউনুছে কয়, “সৃষ্টিকৰ্তাৰ প্ৰতি ভক্তি আৰু সমাজত শান্তি প্ৰতিষ্ঠা”ক কেন্দ্ৰ কৰি ভগৱান কৃষ্ণৰ মূল্যবোধে সকলো ধৰ্মৰ লোকক অনুপ্ৰাণিত কৰি আহিছে।” বাংলাদেশৰ চৰকাৰী সংবাদ সংঘই প্ৰকাশ কৰিছে এই কথা।

তেওঁ কয়, ‘‘মই সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছো যাতে সমাজত বিদ্যমান শৃংখলা, ভ্ৰাতৃত্ববোধ, সাম্প্ৰদায়িক সৌহাৰ্দক কোনেও ভেঙুচালি কৰিব নোৱাৰে। মই বিশ্বাস কৰোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ আদৰ্শ আৰু শিক্ষাই পাৰস্পৰিক সদিচ্ছা আৰু ভাতৃত্ববোধৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব।’’

ইউনুছে কয় যে সাম্প্ৰদায়িক সম্প্ৰীতি বাংলাদেশৰ সংস্কৃতিৰ এক “অনন্য চিহ্ন” আৰু ইয়াৰ জনসাধাৰণে শতিকাজুৰি “চিৰস্থায়ী সম্প্ৰীতিৰ মনোভাৱ” ৰক্ষা কৰাৰ লগতে নিজ নিজ ধৰ্ম পালন কৰি আহিছে।

তেওঁ জোৰ দি কয় যে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখন “এই সম্প্ৰীতিৰ বান্ধোন অবিচ্ছেদ্য কৰি ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ”। ইউনুছে লগতে কয়, ‘‘আহক আমি আমাৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বৈষম্যমুক্ত আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰে সমৃদ্ধ এখন নতুন বাংলাদেশ গঢ়ি তোলোঁ।’’

যোৱা বছৰ আগষ্ট মাহত ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছতে ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। দেশত সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ ওপৰত আক্ৰমণক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰি আহিছে। জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উদযাপনৰ বাবে বাংলাদেশত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...