কেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আমেৰিকাই? ট্ৰাম্পে দিলে মঞ্জুৰী…

ইজৰাইল-ইৰাণৰ যুদ্ধত শীঘ্ৰেই এন্ট্ৰি কৰিব আমেৰিকাই। ইতিমধ্যে এই ক্ষেত্ৰত ড'নাল্ড ট্ৰাম্পে মঞ্জুৰী প্ৰদান কৰিছে। কিন্তু ট্ৰাম্পে ইৰাণক দিব বিচাৰিছে এটা সুযোগ।

কেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ কৰিব আমেৰিকাই? ট্ৰাম্পে দিলে মঞ্জুৰী...

আমেৰিক-ইৰাণ

Published: 

19 Jun 2025 12:04 PM

ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত শীঘ্ৰেই প্ৰৱেশ কৰিব পাৰে আমেৰিকাই। যোৱা কেইটামান দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহৰহ ইৰাণৰ চুপ্ৰিম লীডাৰ খামেনেইক সতৰ্কবাণী দি আহিছে। ইয়াৰ মাজতে খবৰ পোহৰলৈ আহিছে যে শীঘ্ৰেই আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিব। আমেৰিকাৰ বিষয়াসকলৰ মতে, আমেৰিকাই এই সপ্তাহত ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিব পাৰে।

এই সপ্তাহৰ শেষৰফালে ইৰাণক আক্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকা। ব্লুমবাৰ্গ নিউজৰ এক প্ৰতিবেদন অনুসৰি অনাগত দিনত ইৰাণৰ ওপৰত সম্ভাৱ্য সামৰিক আক্ৰমণৰ বাবে আমেৰিকাই প্ৰস্তুতি চলাইছে। ইতিমধ্যে ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণত অনুমোদন জনাইছে যদিও ইৰাণক পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাৰ এক সুযোগ দিছে। যাৰ বাবে ট্ৰাম্পে এতিয়াও এই আক্ৰমণৰ চূড়ান্ত আহ্বান দিয়া নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইতিমধ্যে ইৰাণত আক্ৰমণ কৰিবলৈ মঞ্জুৰী প্ৰদান কৰিছে। আমেৰিকাৰ বিষয়াসকলক তেওঁ কৈছে যে এই আক্ৰমণৰ বাবে তেওঁ একমত। অৱশ্যে এতিয়াও ট্ৰাম্পে চূড়ান্ত নিৰ্দেশ প্ৰদান কৰা নাই। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মতে, ট্ৰাম্পে এতিয়াও ইৰাণক এটা সুযোগ দিব বিচাৰিছে। ট্ৰাম্পে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে অপেক্ষা কৰিব, হয়তো ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰিব পাৰে। যদি এনে হয়, তেন্তে আমেৰিকাই আক্ৰমণ নকৰে।

ইৰাণক আক্ৰমণ কৰাৰ বাবে আমেৰিকাৰ বাবে এটা সম্ভাৱ্য লক্ষ্য হৈছে ইৰাণৰ ফৰড’ সমৃদ্ধিৰ সুবিধা (Fordow enrichment facility), যিটো মাটিৰ তলত নিৰ্মিত আৰু ধ্বংস কৰাটো অত্যন্ত কঠিন। বিশেষজ্ঞৰ মতে, একমাত্ৰ শক্তিশালী বোমাইহে ইয়াক ধ্বংস কৰিব পাৰিব।

ইৰাণক আক্ৰমণ কৰা সন্দৰ্ভত ট্ৰাম্পে কয় যে, আমি আক্ৰমণ কৰিবও পাৰো নকৰিবও পাৰো। অৱশ্যে ইৰাণক ট্ৰাম্পে ডাঙৰ সকীয়নি দিছে। তেওঁ এক প্ৰকাৰ ইংগিত দিছে যে, যদিহে ট্ৰাম্পে আক্ৰমণ কৰে তেন্তে এসপ্তাহৰ ভিতৰত কৰিব। যদি ইৰাণে পাৰমাণৱিক শক্তি হোৱাৰ চেষ্টা বন্ধ কৰে তেন্তে আক্ৰমণ নকৰে। কোনো চৰ্ত নোহোৱাকৈ ইৰাণে পাৰমাণৱিক কাৰ্যসূচীৰ পৰা পিছুৱাই যাব লাগিব।

বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, ইৰাণ পাৰমাণৱিক শক্তিত উপনীত হোৱাৰ কেইটামান সপ্তাহ বাকী থকা অৱস্থাত ইজৰাইলে আক্ৰমণ কৰিছিল। আমি কোনো ধৰণৰ যুদ্ধ বিৰতি নিবিচাৰো। আমি সম্পূৰ্ণ বিজয় বিচাৰো। ইৰাণে পাৰমাণৱিক শক্তি হোৱাৰ সপোন পাহৰিব লাগিব, এয়াই হ’ব আমাৰ বিজয়। তেওঁলোকৰ হাতত কোনো পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে।

উল্লেখ্য যে, অহৰহ ড’নাল্ড ট্ৰাম্পে ইৰাণত আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাই আহিছিল। কিন্তু ইৰাণে স্পষ্টকৈ কৈ আহিছে যে তেওঁলোকে আক্ৰমণ নকৰে। যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে তেওঁলোকক ধ্বংস কৰি পেলাব।  গতিকে এই যুদ্ধ কি পৰ্যায় পায়গৈ সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ আমি কেতিয়াও আত্মসমৰ্পন নকৰো, আমেৰিকাই আক্ৰমণ কৰিলে ধ্বংস কৰি পেলামঃ ইৰাণ

এই গছ ঘৰত থাকিলেই সৰ্বনাশ! বৃদ্ধি পাব অশান্তি আৰু ৰোগ-ব্যাধি!
গ্ৰীষ্মকালত পঁইতা ভাত খাই ভাল পায় নেকি? গুণাগুণ জানিলে আচৰিত হ’ব!
শৰীৰত বায়'টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...