আমেৰিকা সাজু! পিছে ইৰাণক আক্ৰমণ কৰা সহজনে?

দীৰ্ঘদিন ধৰি ইৰাণত অব্যাহত আছে প্ৰতিবাদ। ইৰাণ চৰকাৰৰ বিৰুদ্ধে লাখ লাখ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছে। ইয়াৰ মাজতে আমেৰিকাই হুংকাৰ দিছে যে তেওঁলোকে ইৰাণত আক্ৰমণ কৰিব পাৰে।

আমেৰিকা সাজু! পিছে ইৰাণক আক্ৰমণ কৰা সহজনে?

আমেৰিকা-ইৰাণ

Published: 

14 Jan 2026 | 02:00 PM

বৰ্তমান বিশ্বৰ বিভিন্ন দেশত অৰাজকতাময় পৰিবেশে বিৰাজ কৰিছে। ইৰাণ চৰকাৰৰ বিৰুদ্ধে যোৱা প্ৰায় ১৮ দিন ধৰি হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ মাজতে ২৬ বছৰীয়া প্ৰতিবাদকাৰী ইৰফান চুলতানীক ফাঁচী দিয়াৰ আশংকাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তেজনা বৃদ্ধি কৰিছে। দ্যা গাৰ্ডিয়ানত প্ৰকাশিত তথ্য অনুসৰি, হিংসাৰ বাবে উচতনি দিয়াৰ অভিযোগত দোষী সাব্যস্ত হোৱা যুৱকজনক ৮ জানুৱাৰীত গ্ৰেপ্তাৰ কৰি ১১ জানুৱাৰীত মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হয়।

ইয়াকে লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈছে যে, ইৰাণে যদি পুনৰ প্ৰতিবাদকাৰীক ফাঁচী দিয়াৰ কাম আৰম্ভ কৰে তেন্তে আমেৰিকাই প্ৰত্যুত্তৰ দিব। পিছে প্ৰশ্ন হয়, আমেৰিকাই ইৰাণত প্ৰতিবাদ কৰিলে কি হ’ব? বিশেষজ্ঞৰ মতে ইৰাণক আক্ৰমণ কৰা ইমান সহজ নহয়।

কিয় সহজ নহয় আক্ৰমণ?

১/ ইৰাণ ভেনিজুৱেলা নহয়: ইৰাণ নিৰাপত্তা ব্যৱস্থা শক্তিশালী আৰু সংগঠিত। চৰকাৰৰ লগতে দেশখনৰ ক্ষমতা শক্তিশালী সামৰিক মতাদৰ্শগত গাঁথনিৰ ওপৰত আছে। যি বাহিৰৰ পৰা নষ্ট কৰা কঠিন।

২) IRGC শক্তিশালী: ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (IRGC) এতি শক্তিশালী। তেওঁলোকৰ কমেও ১ লাখ ৫০ হাজাৰৰো অধিক প্ৰশিক্ষিত সৈনিক আছে। যাৰ ওপৰত আক্ৰমণৰ লগে লগে প্ৰত্যুত্তৰ দিব পৰা ক্ষমতা আছে।

৩) বহু কেইটা সামৰিক ইউনিট: IRGC কেৱল সেনাবাহিনী নহয়, তেওঁলোকৰ নিজা বায়ুসেনা, নৌসেনা, মিছাইল ইউনিট, চাইবাৰ সেনা আদি আছে। গতিকে ই আমেৰিকাৰ বাবে প্ৰত্যাহ্বান আনিব পাৰে।

৪) প্ৰতিশোধ ল’ব: বিশেষজ্ঞসকলৰ মতে আমেৰিকাই আক্ৰমণ কৰিলে ইৰাণ বহি নাথাকে। লগে লগে প্ৰতিশোধ ল’ব। বিভিন্ন দিশৰ পৰা এই প্ৰতিশোধ ল’ব পাৰে।

৫) নিৰ্ণায়ক আক্ৰমণ কঠিন: ইৰাণৰ সামৰিক ঘাটি সমগ্ৰ দেশখনতে বিয়পি আছে। গতিকে এটা সময়তে ইৰাণত পংগু কৰি তোলা আমেৰিকাৰ বাবে সহজ নহয়।

৬) ইজৰাইল আৰু আমেৰিকাৰ ঘাটিসমূহক লক্ষ্যঃ আমেৰিকাই আক্ৰমণ কৰিছে ইৰাণে ইজৰাইল আৰু পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিকত প্ৰত্যক্ষ আক্ৰমণ কৰিব পাৰে।

৭) আভ্যন্তৰীণ বিৰোধিতাঃ যি আমেৰিকাই আক্ৰমণ কৰে তেন্তে ডাঙৰ বিদ্ৰোহ হ’ব। ইয়াৰ ফলত ইৰামৰ ভিতৰত চলা প্ৰতিবাদ দুৰ্বল হ’ব পাৰে।

৮) দীঘলীয়া যুদ্ধঃ ইতিমধ্যে আমেৰিকা একাধিক ফ্ৰন্টত জড়িত হ’ব পাৰে। ইৰাণৰ সৈতে যুদ্ধ দীৰ্ঘদিনীয়া, ব্যয়বহুল আৰু ৰাজনৈতিকভাৱে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

) স্থল সেনা প্ৰেৰণ  কৰা বিপদঃ ইৰাণত আমেৰিকা সেনা প্ৰেৰণ কৰা ৱাশ্বিংটনৰ বাবে ডাঙৰ সংকট হ’ব পাৰে। ই ৰাজনৈতিক আৰু সেনাক সংকটত আনিব পাৰে। লগতে গৃহযুদ্ধ হ’ব পাৰে।

১০) ট্ৰাম্পৰ ভোট বেংকঃ প্ৰত্যক্ষ যুদ্ধই ট্ৰাম্পৰ ভোট বেংক নষ্ট কৰিব পাৰে। গতিকে আমেৰিকা শক্তিশালী হোৱাৰ পাছতো ইৰাণত প্ৰত্যক্ষ আক্ৰমণ সহজ নহয়।

 

 

অন্য খবৰ পঢ়কঃ গ্ৰীণলেণ্ড ক্ৰয় কৰিব বিচাৰে ট্ৰাম্পে, কি ক’লে প্ৰধানমন্ত্ৰীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব